• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ ‘সভ্যতা যুঁজ’ পাশুপাত অস্ত্ৰই চুৰমাৰ কৰিব নেকি ৰঞ্জিত দাসৰ ২১ৰ সপোন ?

শৰাইঘাটৰ শেষ ৰণ নহয়! ‘সংখ্যালঘু’ৰ সহায়ত ২১ ৰ গাদী দখলৰ কুচকাৱাজ ৰঞ্জিত দাসৰ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 5, 2020 3:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ ৰ পূৰ্বে শৰাইঘাটৰ শেষ ৰণৰ অচিলাৰে গাদী দখল কৰাৰ পাছত এইবাৰ নতুন পাশুপাত অস্ত্ৰ এৰিবলৈ আৰম্ভ কৰিছে প্ৰতাপী মন্ত্ৰী তথা দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পূৰ্বতে ‘শৰাইঘাটৰ শেষ ৰণ’ আৰু ২১ ত ‘সভ্যতা’ শীৰ্ষক পাশুপাত অস্ত্ৰ এৰি গাদী দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

নিজকে হিন্দুত্ববাদীৰ একান্ত সেৱক হিচাপে পৰিচয় দি এক বিশেষ ধৰ্ম বা সম্প্ৰদায়ক আওপকীয়াকৈ গালি-গালাজ পাৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু হিমন্তৰ এই পাশুপাত অস্ত্ৰই বিপদ মাতিব নেকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসলৈ ?

কিয়নো ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সপোন ‘২০২১’ত ধৰ্মীয় সংখ্যালঘু লোকৰ সহায়ত ২১ৰ গাদী দখল কৰিব।‘

কিছুদিন পূৰ্বে ধিং সমষ্টি আৰু ৰূপহী সমষ্টিৰ দুই প্ৰাক্তন বিধায়কে বিজেপিত সদলবলে যোগদান কৰিছিল। তেতিয়াই যেন নিজৰ সমষ্টি হেৰুওৱাৰ উপক্ৰম হোৱা ৰঞ্জিত দাসৰ মুখলৈ পানী ঘূৰি আহিছিল।

তেতিয়াই তেওঁ কৈ পেলাইছিল ‘সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ নেতৃত্বত আগন্তুক দিনত সংখ্যালঘু অধ্যুষিত এলেকাত ৰণকৌশল প্ৰস্তুত কৰিছো। আমি লক্ষ্য লৈছো যিসকল বিবেকবান ধৰ্মীয় সংখ্যালঘু মানুহ তেওঁলোকৰ মাজত জাগৰণ সৃষ্টিৰ কাৰণে এক নতুন ৰণকৌশল প্ৰস্তুত কৰিছো। ইতিমধ্যে ২১ত অতি কমেও ৭ গৰাকী ধৰ্মীয় সংখ্যালঘু বিধায়কক জয়ী কৰোৱাৰ পৰিকল্পনা কৰিছো।‘

কিন্তু এই ৰণকৌশল সম্ভৱ হৈ উঠিবনে ? ৰঞ্জিত দাসৰ এই ৰণকৌশলত হেঙাৰ হৈ থিয় দিব নেকি হিমন্ত বিশ্ব শৰ্মা ?

ঐতিহ্যমণ্ডিত শিৱসাগৰত নিৰ্বাচনী ৰণডংকা বজাই হিমন্তৰ বাণ “এইবাৰ দুটা সভ্যতাৰ যুঁজ হব। এটা সভ্যতাই ক’ব আমি শংকৰদেৱক চিনি নাপাওঁ, আমাক শংকৰদেৱৰ জন্মস্থানৰ মাটিখিনি লাগে। ভাগৱত কি আমি বুজি নাপাওঁ। এই সভ্যতাই ক’ব ফেইচবুকত হিন্দু ল’ৰাৰ নাম লৈ আমাৰ ছোৱালী বিলাকক মাটি নি অপমান কৰিব লাগে, লাভ জেহাদৰ দৰে কু-কৰ্ম কৰিব লাগে আৰু অৰ্নমাই বৰাৰ দৰে শিক্ষয়ত্ৰীক ৰাজপথত সতীত্ব হৰণ হ’ব লাগে।”

”ইয়াৰ বিপৰীতে আন এক সভ্যতা থাকিব যিটো সভ্যতাই শংকৰদেৱৰ জন্মস্থানৰ মাটিৰ কাষত তোমালোকক থিয় হ’বলৈ দিয়া নহ’ব, বেদখল দূৰৰ কথা। ফেইচবুকত প্ৰলোভন দি আমাৰ ছোৱালীৰ পবিত্ৰতা নষ্ট কৰাৰ অধিকাৰ আমি দিব নোৱাৰো আৰু অৰ্নমাই বৰাৰ দৰে মহিলাৰ গাত হাত দিলে তাৰ শাস্তি ফাঁচী কাঠৰ ৰচীত হ’ব।” হিমন্তই এইদৰে কয়।

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে ছ’চিয়েল মেডিয়াত মন্ত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বহুতে।

ৰুদ্ৰ ভুঞা নামৰ এজনে লিখি কয় ‘কৌতুক কৌতুক লাগিছে মামা কথাবোৰ।‘

আব্দুন নুৰ চৌধুৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘তাৰমানে election লৈ বেছি দিন নাই! অসমৰ বাতাবৰণ সাম্প্ৰদায়িক মন্তব্যৰে কলুষিত হ’ব ধৰিছেই।’

তদুপৰি এম ডি হোছেইন নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে লিখিছে ‘দম থাকিলে যোৱা নিৰ্বাচনত দিয়া ইস্তিহাৰখন পঢ়ি দিয়া৷ নোৱাৰিবা সেই কাৰণেতো কেৱল হিন্দু মুছলমান কৰি মানুহক আৱেগিক কৰি স্বাৰ্থসিদ্ধি কৰিবা৷উত্তৰপ্ৰদেশৰ ঘটনাৰ কথা কিয় উল্লেখ নকৰিলে এইটো কোন সভ্যতাৰ আছিল?’

মছতফা আহমেদে লিখিছে ‘যোগীয়ে উত্তৰ প্ৰদেশত তামাম সভ্যতা স্থাপন কৰি আছে, অসমতো সেই সভ্যতা স্থাপনৰ বাবে এই আস্ফালন নেকি?’

চাও মাধুৰ্য্য ফুকনে লিখি কয় ‘কি কম আৰু। দুখৰ বিষয় এইটোৱে এইজনে আমাৰ শিক্ষামন্ত্ৰী।’

ইয়াৰোপৰি চৈয়দ ইমৰাণে লিখি কয় ‘মিঞা খেদিম বুলি ৫ বছৰ খালে এটা মিঞা খেদিব নোৱাৰি এইবাৰ নতুন ৰাজনীতিৰ কৌশল সাবধান ৰাইজ।‘

পলাশ গগৈয়ে কমেন্টত কয় ‘আজি যে এইবোৰ কথা মনত পৰিল অত বছৰে কি কৰিলা….২০ বছৰ ৰাজনীতিত কৰিলা নহয় …..।’

জাকিৰ আলিয়ে ফেচবুক কমেন্টত লিখি কয় ‘এইটোৱে বিজেপিৰ শেষ ইচ্ছ্যু। উন্নয়নৰ মৃত্যু ঘটিল।‘

শিৱসাগৰৰ যুৱ মৰ্চাৰ এক কাৰ্য্যসূচীৰ পৰাই মূৰত আহোম সম্প্ৰদায়ৰ এক পাগুৰি পৰিধান কৰি ‘সভ্যতাৰ যুঁজ’ আৰম্ভ কৰিলে যদিও এতিয়া সংখ্যালঘুৰ লগতে সচেতন লোকসকলে এনেদৰে উভটি ধৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে ‘কংগ্ৰেছ এআইয়ুডিএফৰ মিত্ৰতাৰ সম্ভাৱনা প্ৰকট হোৱাৰ পাছত ৰাজ্যিক বিজেপিৰ সংখ্যালঘু প্ৰীতি হঠাৎ বৃদ্ধি পাইছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ এনেবোৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যই ৰঞ্জিত দাসৰ সপোন তথা আশাত চেঁচাপানী ঢালিব নেকি?

এনেদৰে বিশেষ সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য কৰি ল’লে বিজেপিক ধৰ্মীয় সংখ্যালঘুৱে আকোঁৱালি ল’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd