• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বক অপসাৰণৰ দাবী জনাই ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিৰোধী ঐক্য মঞ্চৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংবিধানিক পদমৰ্যাদা অৱমাননা কৰাৰ অভিযোগ!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 29, 2024 8:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবিধানিক পদমৰ্যাদাক অৱমাননা কৰাৰ অভিযোগত ড০ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিব লাগে। এই দাবীৰে আজি দেশৰ ৰাষ্ট্ৰপতিলৈ ৰাজ্যপালৰ জৰিয়তে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে বিৰোধী ঐক্য মঞ্চ, অসমে।

বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটি প্ৰতিনিধি দলে আজি ৰাজভৱনলৈ যায়। ৰাজভৱনত ৰাজ্যপালৰ হৈ উক্ত স্মাৰকপত্ৰ গ্ৰহণ কৰে তেওঁৰ কাৰ্যালয় সচিব মীনাক্ষী সুন্দৰমে।

Apply Now

এই প্ৰতিনিধি দলটোত আছিল সাংসদ ৰকিবুল হুছেইন, পিএলপিৰ দলৰ চৰণ ডেকা, চিপিএমৰ ইছফাকুৰ ৰহমান, ৰাইজৰ দলৰ ৰাছেল হুছেইন, তৃণমূল কংগ্ৰেছৰ অৰূপ ভূঞা, কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা।

প্ৰতিনিধি দলটোৰ সৈতে যোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাজপত্ৰিত বিষয়াগৰাকীক অৱগত কৰে যে মুখ্যমন্ত্ৰী হিচাপে সাংবিধানিক পদ মৰ্যাদাত থকা বিশ্বাসযোগ্যতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেৰুৱাই পেলাইছে আৰু সেয়ে এই বিষয়টো ৰাজ্যপালৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিক অৱগত কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে।

অসমত যাতে কোনো কাৰণতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত নঘটে আৰু মণিপুৰৰ দৰে পৰিস্থিতি হ’বলৈ নাপায় তাৰবাবে সময় থাকোতেই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিবলৈকো স্মাৰকপত্ৰৰ যোগেদি দাবী জনাইছে বিৰোধী ঐক্য মঞ্চই। স্মাৰক পত্ৰত বিৰোধী ঐক্য মঞ্চই দিনদিয়েক পূৰ্বে গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে পগলা কুকুৰ বুলি কৰা মন্তব্যৰ কথাও উল্লেখ কৰে। সাংবিধানিক পদত থকা এজন মানুহে কেতিয়াও নিজকে পগলা কুকুৰ বুলি কৈ মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা হানি কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁ সাংবিধানিক পদত থকা সকলো যোগ্যতা হেৰুৱাই পেলাইছে বুলিও স্মাৰক পত্ৰত উল্লেখ কৰিছে বিৰোধী ঐক্য মঞ্চই।

লগতে বিধানসভাৰ বাহিৰে-ভিতৰে বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি অহা ভীষণ সাম্প্ৰদায়িক মন্তব্যসমূহৰ কথাও স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে। স্মাৰকপত্ৰখনত ক’ত কেতিয়া কেনেকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰসংগত সাম্প্ৰদায়িক সংঘৰ্ঘৰ উদগনি যোগাব পৰা মন্তব্য কৰিছে সেয়াও স্পষ্টকৈ উল্লেখ কৰি দিছে বিৰোধী ঐক্য মঞ্চই।

আইন-শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্বত থাকিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আইন-শৃংখলা ভংগ কৰিবলৈ ন্যস্ত স্বাৰ্থজনিত মহলক প্ৰৰোচিত কৰাৰ কথাও স্মাৰক পত্ৰখনত উল্লেখ কৰিছে। একেদৰে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বতে কিদৰে অবাধ হাৰত দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে সেয়াও উল্লেখ কৰিছে।

এনে এগৰাকী সংবিধান বিৰোধী ব্যক্তি মুখ্যমন্ত্ৰীৰ দৰে পদত থকাৰ যোগ্য নহয় বুলি উল্লেখ কৰি ৰাজ্যখনত শান্তি-সম্প্ৰীতি অব্যাহত ৰখাৰ স্বাৰ্থত শীঘ্ৰেই অপসাৰণৰ ব্যৱস্থা কৰিবলৈ স্মাৰকপত্ৰযোগে আহ্বান জনাইছে বিৰোধী ঐক্য মঞ্চই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd