• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গল দিয়াৰ প্ৰতিযোগিতা আৰম্ভ, চেন্টাৰত বল, ডিফেন্সত ব্যস্ত শাসক-বিৰোধী

এতিয়া ‘ফুটবল’ৰ ৰূপত আজমল! পাছলৈ কি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 20, 2020 9:00 pm
Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না শেষ হোৱাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক দৈনিক ১০০ গ’ল দিম বুলি মন্তব্য কৰিছিল। ইতিমধ্যে যেন আৰম্ভ হৈ গৈছে ফুটবল মেচখন।

কথাৰ কটা-কটিৰে যেন এতিয়া দৰ্শকৰ বাবে মেচখন আকৰ্ষণীয় কৰি তুলিছে শাসক-বিৰোধী দুয়োটা পক্ষই। কোনো ৰাজনৈতিক নেতা যদি মেছিৰ ভূমিকাত অৱতীৰ্ণ হৈছে আন কোনোবা আকৌ নেইমাৰ নাইবা ৰোণাল্ডোৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

Apply Now

কংগ্ৰেছ আৰু বিজেপিৰ বাবে যেন ‘ফুটবল’ৰ ৰূপত অৱতীৰ্ণ হৈছে এতিয়া বদৰুদ্দিন আজমল।

কিয়নো কেইদিনমান ধৰি কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজৰ মিত্ৰতাক লৈ হিমন্ত বিশ্ব শৰ্মাই চাতুৰ্য্য ভৰা মন্তব্যৰে টিপ্পনি দিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ নেতৃত্বক।

তাকে লৈ আকৌ হিমন্তক উভতি ধৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, ৰিপুন বৰা আৰু দেবব্ৰত শইকীয়াই।

এই খেলখনত মাজে মাজে ভূমুকি মাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

শেহতীয়াকৈ আজিৰ দিনটোৰ খেলখনত হিমন্ত বিশ্ব শৰ্মাৰ বদৰুদ্দিন আজমলক লৈ টিপ্পনি ‘মই বাৰে বাৰে কৈছো কংগ্ৰেছ আৰু এআইয়ুডিএফৰ লগত যেতিয়াই জোটবন্ধন হ’ব তেতিয়া লাহে লাহে অসমৰ সভ্যতা সংস্কৃতি থাকিব নে নাই?’

‘আজি কিছুদিনৰ পৰা দেখিছো অসমৰ সাংবাদিকসকলে লগ পালেই আজমলৰ কথা সোধে। কংগ্ৰেছক লগ পালেও আজমলৰ কথা সোধে। মিত্ৰতা নহওঁতেই আজমলময় হৈয়েই গ’ল অসমখন।‘

ইপিনে, মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে অসমখন আজমলময় কৰি পেলালে বুলি কটাক্ষ কৰি অসমখনক আজমলময় হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব বুলি দাবী কৰে।

হিমন্তই আকৌ কয়, ‘জাতিটো কিমান তলত নামি গৈছে চিন্তা কৰক। কংগ্ৰেছে গোটেই জাতিটো আজমলময় কৰি তোলে। মিত্ৰতা নহওঁতেই সকলোৰে প্ৰাণত আজমলটো দি দিলে।‘

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ-এআইয়ুডিফৰে মিত্ৰতা হোৱাত ভয়খোৱা বুলি স্বীকাৰ কৰে।

তেওঁ কয় ‘মইটো জানোৱেই মই ভয় খাইছো। তেওঁলোক যাতে বৰঘৰত সোমাব নোৱাৰে তাৰ বাবে যি কৰিব লাগে কৰিম। আৰম্ভই কৰি দিছো যাতে তেওঁলোক বাহিৰত থাকে।‘

‘পণ লৈছো আজমল আৰু কংগ্ৰেছক ২৫-৩০ খন আসনৰ ভিতৰত ৰাখি দিম।‘ হিমন্তৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে বিজেপিয়ে অকলেই ১০০ গল মানে ১০০ খন আসন লাভ কৰিবলৈ সাজু।

ইপিনে, হু ইজ বদৰুদ্দিন বুলি কটাক্ষ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ আজমলৰ প্ৰতি আসন দখলৰ স্বাৰ্থত বা চৰকাৰ গঠনৰ স্বাৰ্থত যেন দৰদ উপচি পৰিছে সেয়া তেওঁৰ বক্তব্যত প্ৰকাশ পাইছে।

গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় ‘দলে এআইয়ুডিএফৰে মিত্ৰতা কৰিব বিচাৰিছে।  অকলে আমি চৰকাৰ গঠন কৰিব নোৱাৰো। বিজেপিয়েও নোৱাৰে অকলে চৰকাৰ কৰিব। ২০১৬ ত মহাজোঁট কৰি বিজেপিৰ লাভ হ’ল। মহাজোঁট কৰিলে শক্তিশালী হ’ব গতিকে আমি এইবাৰ সকলোকে লৈ লৈছো।

গগৈৰ মতে যেতিয়া তেওঁ হু ইজ বদৰুদ্দিন কৈছিল তেতিয়া তেওঁ দুটামান আসন কমাই পাইছিল।

‘বৰঞ্চ ২০১১ চনত মই দুটামান আসন বেছিকৈহে পাইছিলো।‘ গগৈৰ দাবী।

‘হিমন্তই মোলৈ ভয় খাইছে। যদি তেওঁ ভয় খোৱাই নাই তেন্তে মনে মনে থাকিব লাগিছিল। হিমন্ত নকল বামুণ, প্ৰকৃত ব্ৰাহ্মণে আশীৰ্বাদ দিয়ে অভিশাপ নিদিয়ে। মই গীতাও পঢ়ি থাকিম ৰাজনীতিও কৰি থাকিম।‘ হিমন্ত বিশ্বক উদ্দেশ্যি গগৈয়ে কয়।

ইপিনে, আজিৰ দিনটোতে যদি নিৰ্বাচন অনুষ্ঠিত কৰে তেন্তে বিজেপিয়ে ৮০ খন আসন পাব বুলি দাবী কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।  ইয়াৰ প্ৰত্যুত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দাসক উভতি ধৰি তেওঁ ভীতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে।

‘বিজেপিৰ সভাপতি ৰঞ্জিত দাসে যদি ১০০ খন আসন পাম বুলি কৈছে আৰু আজি নিৰ্বাচন অনুষ্ঠিত কৰিলে যদি ৮০ খন আসন পায় তেন্তে ইমান ভীতিগ্ৰস্ত কিয় হৈছে? ৰঞ্জিত দাস ডাঙৰীয়াই কিয় সমষ্টি সলাব বিচাৰিছে? তেওঁ কেতিয়াবা কয় ভবানীপুৰ, কেতিয়াবা কয় পাটাছাৰকুছি, তেওঁ যদি ভীতিগ্ৰস্ত হোৱা নাই তেওঁ স্পষ্ট কৰক।‘ ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনাই ৰিপুন বৰাই এইদৰে কয়।

ইপিনে, বিৰোধী ৰাজনৈতিক শক্তি এআইয়ুডিএফক লগত লৈ মিত্ৰজোঁট কৰিবলৈ ওলোৱাত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অন্য নেতৃত্বৰ টোপনি হৰা বুলিহে দাবী কৰে ৰিপুন বৰাই।

বৰাই কয় ‘আমি যে মহাজোঁট কৰিবলৈ গৈছো তেওঁলোকৰ টোপনি কিয় হৰণ হৈছে। তেওঁলোকে আবোল তাবোল কিয় বলকিছে? কেৱল এআইয়ুডিএফ নহয়, মহাজোঁটত বিজেপি বিৰোধী সকলো দল-সংগঠন, জাতি-জনগোষ্ঠী থাকিব। কংগ্ৰেছে কেতিয়াও মুখ্য মন্ত্ৰী আগতে প্ৰক্ষেপ নকৰে। কংগ্ৰেছে গণতন্ত্ৰত বিশ্বাস কৰে।‘

এনেদৰেই এতিয়া কথাৰ কটা-কটিৰে ‘ফুটবল’ খেলখনে আৰম্ভণি পৰ্য্যায়তে আকৰ্ষণীয় ৰূপ লৈছে। শাসক-বিৰোধী উভয়ে এতিয়া ডিফেন্স দি প্ৰতিপক্ষক গ’ল দিয়াৰ পৰা বচাই ৰখাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

এতিয়া কোনে কিমান গ’ল দি গাদীৰ ‘খিতাপ’ দখল কৰিব পাৰে সেয়া ফলাফল ঘোষণাৰ দিনাহে নিশ্চিত হৈ পৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd