NORTHEAST NOW (Assamese)

খিলঞ্জীয়াৰ ৩টা প্ৰশ্নত স্থিতি স্পষ্ট নকৰিলে নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ হুমকি

February 20, 2019 2:52 pm · কল্পজ্যোতি শইকীয়া
Updated: February 20, 2019 6:44 pm
গুৱাহাটী প্ৰেছক্লাবত আয়োদিত এখন সংবাদমেলত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা।

যিহেতু কোনোখন চৰকাৰেই অসমৰ খিলঞ্জীয়াসকলৰ সমস্যা সমাধান নকৰিলে, সেয়ে খিলঞ্জীয়াসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে ৰাজনৈতিকভাৱে আগ বাঢ়িবলৈ সিদ্ধান্ত কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চই।

বিদেশী খেদাৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা বিজেপি চৰকাৰেও বিদেশী নেখেদি আনিবহে বিচাৰিছে। দলটো পুনৰ শাসনলৈ আহিলেই হিন্দু বাংলাদেশীক নাগৰিকত্ব দিমেই বুলি কৈছে। গতিকে ইয়াক বাধা দিয়াৰ বাবে নিৰ্বাচনত নামি বিজেপিক বাধা ৰোধ কৰাৰ আন বিকল্প নাই। এই কথা আজি গুৱাহাটী প্ৰেছক্লাবত আয়োদিত এখন সংবাদমেলত স্পষ্ট কৰিছে মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

মঞ্চই আগন্তুক লোকসভা নিৰ্বাচনত ১৪টা সমষ্টিতে প্ৰাৰ্থী দিব পাৰে। অৱশ্যে সেইটো নিৰ্ভৰ কৰিব বিজেপিৰ স্থিতিৰ ওপৰত। বিজেপিক তিনিটা চৰ্ত বান্ধি দি এসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় উপমন্যু হাজৰিকাই। অন্যথা ১৪টা সমষ্টিতে নিৰ্দলীয় প্ৰাৰ্থী দি শলঠেকত পেলাব বিজেপিক।

তেওঁ বান্ধি দিয়া চৰ্ত তিনিটা হ’ল, এন আৰ চি প্ৰক্ৰিয়াটোৰ পুনৰীক্ষণ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিৰ দৰে খিলঞ্জীয়াৰ ভূমি অধিকাৰ সংৰক্ষণ আৰু শাসনলৈ আহিলেও বিধেয়কৰ জৰিয়তে হিন্দু বিদেশীক নানো বুলি প্ৰতিশ্ৰুতি। এইবোৰ পদক্ষেপ এসপ্তাহৰ ভিতৰত নল’লে মঞ্চই বিজেপিৰ বাবে এক ৰাজনৈতিক প্ৰত্যাহ্বান থিয় কৰাব।

আনহাতে মোদীক কটাক্ষ কৰি হাজৰিকাই কয়, “যোৱাটো লোকসভা নিৰ্বাচনৰ প্ৰচাৰত মোদীয়ে বিদেশীয়ে টালি-টোপোল বান্ধিব লাগে বুলি কৈছিল। কিন্তু বাংলাদেশীয়ে যোৱা ৯ ফেব্ৰুৱাৰিত চাংসাৰিত হোৱা মোদীৰ বিশাল সমাৱেশত মোদীক সমৰ্থন কৰিবলৈ ভিৰ কৰিলেহি।”

হাজৰিকাৰ অভিযোগ, ২৫ হাজাৰতকৈ বেছি বাংলাদেশীক মঙলদৈ, ছিপাঝাৰ আৰু অন্যান্য ঠাইৰ পৰা অনা হৈছিল চাংসাৰিৰ সভালৈ।

Related News