• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

RSS ৰ উদ্দেশ্য যদিও বিভাজনবাদী সাংগঠনিক ৰণকৌশল কিন্তু চমকপ্ৰদ!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 2, 2025 7:44 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩০ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নাগপুৰৰ মুখ‍্য কাৰ্যালয়লৈ গৈছিল।তাক লৈ বিভিন্ন মহলত জল্পনা কল্পনা। জল্পনা কল্পনাহে।কোনেও কিন্তু স্পষ্টভাবে এতিয়ালৈকে একো কোৱা নাই।তাৰ কাৰণ কি? তাৰ কাৰণ আৰ এচ এচ আৰু বিজেপিৰ মাজৰ সম্পৰ্কটো।বিজেপিৰ  ভিতৰুৱা কাম কাজত আৰ এচ এচ এ প্ৰত‍্যক্ষভাবে হস্তক্ষেপ কৰেনে? দেখাত নকৰে।এই সন্দৰ্ভত দত্তট্ৰয়ী হোচাবলে কোৱা এই কথাখিনি শুনকচোন।और 35 ऑर्गनाइजेशन के बारे में बीएमएस के लिए और किसी के लिए आपने कभी पूछा ही नहीं है।  हमारे लिए सब समान है ।देश के लिए सभी लोग काम कर रहे हैं ।उन सबको स्वतंत्र संगठन है। वहां संघ के स्वयं सेवक है। इसलिए हमारा संबंध है ।ऑर्गेनाइजेशन के कांस्टिट्यूशन चीजों को उनको करना है ।वो करते हैं, हमसे पूछना चाहिए ऐसा हमारी अपेक्षा भी नहीं है। और उनको क्या करना चाहिए उनके टाइम टेबल के के हिसाब से कब करना चाहिए वो वहां के लोगों का काम है ।वो हम उसमें हस्तक्षेप नहीं करते। वो अपना काम भी नहीं है।

অৰ্থাৎ “ আপুনি কেতিয়াও বিএমএছ বা ৩৫টা সংগঠনৰ ভিতৰৰ আন কাৰো কথা সোধা নাই। আমাৰ বাবে সকলো সমান। সকলোৱে দেশৰ বাবে কাম কৰি আছে।তেওঁলোক সকলো স্বতন্ত্ৰ সংগঠন। তাত সংঘৰ স্বেচ্ছাসেৱক আছে, গতিকে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক আছে। সংগঠনৰ সংবিধান অনুসৰি কামবোৰ কৰিব লাগিব, তেওঁলোকে কৰে। আমাক সুধিব নালাগে। সেইটো আমি নিবিচাৰোও। তেওঁলোকে কি কৰিব লাগে, তেওঁলোকৰ সময়সূচী অনুসৰি কেতিয়া কৰিব লাগে, সেয়াই তাত থকা মানুহৰ কাম। আমি তাত হস্তক্ষেপ নকৰো, সেয়া আমাৰ কাম নহয়।” এই কথাখিনিক আপুনি সঁচাও ক’ব নোৱাৰে, মিছাও ক’ব নোৱাৰে, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ দৰে ৰাজনৈতিক দল এটাৰ ক্ষেত্ৰত। সঁচা বুলি ক’ব নোৱাৰি এই কাৰণে  যে ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰচ’ৰাৰ কাম কাজত বিজেপিয়ে একো হস্তক্ষেপ নকৰে বুলি আমি ক’ব নোৱাৰোঁ। মিছা বুলিও ক’ব নোৱাৰোঁ, কিয়নো আৰ এচ এচে প্ৰত‍্যক্ষভাবে এই হস্তক্ষেপ নকৰে।ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ সংগঠন যে আৰ এচ এচ তাত কোনো সন্দেহ নাই।কিন্তু অকল বিজেপিয়ে নহয় আৰ এচ এচৰ আন বহু ভাতৃ প্ৰতিম সংগঠন আছে। তাৰ মূল মূল কেইটা হ’ল ভাৰতীয় জনতা পাৰ্টি,বিশ্ব হিন্দু পৰিষদ,অখিল ভাৰতীয় বিদ‍্যাৰ্থী পৰিষদ,বিদ‍্যা ভাৰতী,ভাৰতীয় কৃষাণ সংঘ,সেৱা ভাৰতী, ৰাষ্ট্ৰ সেৱীকা সমিতি,হিন্দু স্বয়ং সেৱক সংঘ,বিশ্ব সংবাদ কেন্দ্ৰ,বিবেকানন্দ কেন্দ্ৰ আদি।

Apply Now

কিন্তু এই আটাইবোৰ সংগঠনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠনটো হ’ল ভাৰতীয় জনতা পাৰ্টি।কিয়নো ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল।ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থাকিলে আৰ এচ এচৰ সকলো সংগঠন উপকৃত হ’ব। তেওঁলোকৰ সুবিধা হ’ব। কিন্তু কিছুমান জটিলতাও নোহোৱা নহয়। যেনে, ভাৰতীয় জনতা পাৰ্টি, মোদী, আৰ এচ এচ – এই তিনিওটাৰ মাজৰ সমীকৰণটো কেনে ? আমি মনত পেলোৱা উচিত যে ২০১৪ নিৰ্বাচনৰ আগে আগে নিৰ্বাচনী প্ৰচাৰৰ কোনে গুৰি ধৰিব সেইলৈ নৰেন্দ্ৰ মোদী আৰু এল কে আদৱানীৰ মাজত এখন শীতল যুদ্ধ চলিছিল। সেই যুদ্ধত মোদী জয়ী হৈছিল।তাৰ পিছৰখিনি আছিল ইতিহাস।মোদীৰ প্ৰথমটো কাৰ্যকালত কোনো কোনোৱে কৈছিল  যে মোদী আৰ এচ এচকো চেৰাই গৈছিল। কথাটো মিছা নাছিল। আৰ এচ এচৰ বিৰুদ্ধে আমি যিমান যি ক’লেও, এটা কথা ক’ব নোৱাৰোঁ। সেইটো হৈছে তেওঁলোকে সমূহতকৈ ব‍্যক্তিক কেতিয়াও বেছি গুৰুত্ব নিদিয়ে।  সেয়ে, ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত আৰ এচ এচ নেতৃত্বৰ মুখত আমি এনে কেতবোৰ কথা শুনিছিলোঁ যিবোৰ মোদী চৰকাৰৰ সপক্ষে নাছিল।

মনত পৰেনে বিজেপিৰ সভাপতি জে পি নাদ্দাই যে কৈছিল  এতিয়া আৰু বিজেপিক আৰ এচ এচৰ প্ৰয়োজন নাই।কিন্তু হ’ল কি ? সাধাৰণ  নিৰ্বাচনত আৰ এচ এচে বিজেপিক সহায় নকৰিলে। ফলস্বৰূপে বিজেপিয়ে একক সংখ‍্যাগৰিষ্ঠতা নাপালে।নীতিশ কুমাৰ আৰু চন্দ্ৰ বাবু নাইদুৰ সহায়ত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ঠিকেই কিন্তু তেওঁলোকে এইটোও উপলব্ধিও কৰিলে যে আৰ এচ এচে সহায় নকৰিলে কেৱল নিজৰ বলত  নিৰ্বাচন জিকাটো বিজেপিৰ কাৰণে ইমান সহজ কথা নহয়।সেইবাবেই  আজুহাত যিয়েই নহওক এতিয়া নাগপুৰলৈ মোদী যাবলৈ বাধ‍্যত পৰিছে।

এইখিনিতে আৰ এচ এচ সম্পৰ্কে আমি অলপ আলোচনা কৰা উচিত।আৰ এচ এচৰ মতাদৰ্শ এটা অতি প্ৰতিক্ৰিয়াশীল মতাদৰ্শ।তেওঁলোকে কেৱল হিন্দুৰ কথা কয়।আচলতে হিন্দুও নহয়। উচ্চ জাতৰ হিন্দুৰ কথা কয়।

আৰ এচ এচৰ জন্ম ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা।আৰ এচ এচৰ প্ৰতিষ্ঠাপক আছিল কেশৱ বলিৰাম হেডগেৱাৰ। তেওঁৰো কিন্তু আদিতে  স্বাধীনতা আন্দোলনৰ লগত সম্পৰ্ক আছিল। কলিকতাত তেওঁ গোপন কাৰ্যকলাপৰ প্ৰশিক্ষণ লৈছিল।কিন্তু আৰ এচ এচ গঠন হোৱাৰ পিছত তেওঁলোকে সাংগঠনিকভাবে স্বাধীনতা আন্দোলনৰ লগত যুক্ত হোৱা নাছিল। বৰং আৰ এচ এচে সদায় বৃটিছৰ লগতহে সহযোগিতা কৰিছিল।সেই বিষয়ে ইতিমধ‍্যে বিস্তৰ আলোচনা হৈছে। আৰ এচ এচ এটা একক সংগঠন। আৰ এচ এচৰ উদ্দেশ‍্য যদিও বিবাজনবাদী , পশ্চাদমুখী আৰু অবাস্তৱ তেওঁলোকৰ সাংগঠনিক ৰণ কৌশল কিন্তু চমকপ্ৰদ আৰু অনুকৰণীয়।তেওঁলোকে যিখন অবাস্তৱ সমাজৰ কথা কয় সেই সমাজখন গঢ়িবলৈ তেওঁলোকে কি কৰা নাই। তাৰ কাৰণে তেওঁলোকে বিভিন্ন সংগঠন খুলিছে আৰু সেই সংগঠনবোৰৰ যোগেদি মানুহৰ মাজত নিজৰ মতাদৰ্শ প্ৰচাৰৰ বাবে বিভিন্ন কাৰ্যসূচীলৈ লৈ জন সমৰ্থন আদায় কৰিছে।

তৃণমূল পৰ্যায়ত আৰ এচ এচ এনেকৈ শিপাই আছে যে বিজেপিৰ দৰে ৰাজনৈতিক দল এটাই আৰ এচ এচক অৱজ্ঞা কৰি কোনো পধ‍্যেই তিষ্ঠি থাকিব নোৱাৰিব। আৰু এটা কথা ৭৫ বছৰৰ পিছত কোনো লোকে বিজেপিৰ গুৰুত্বপূৰ্ণ পদৱীত থাকিব নোৱাৰিব বুলি মোদীয়ে এসময়ত নিয়ম এটা কৰিছিল।এতিয়া মোদীৰে ৭৫ বছৰ হ’বলৈ গৈ আছে। এতিয়া কি হ’ব? নৰন্দ্ৰ মোদী নাগপুৰলৈ দৌৰি যোৱাৰ সিও এটা কাৰণ নেকি? সেই কাৰণেই নাগপুৰত নৰেন্দ্ৰ মোদীৰ চকু, মুখৰ ভাষাত দম্ভ/ অহংকাৰৰ সলনি আনুগত‍্য বাংময়হৈ উঠিছিলনেকি?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd