বাক্সা জিলা তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ কাউলীৰ তৰুণ গাঁৱৰ এগৰাকী বাৰ বছৰীয়া কিশোৰীক একে গাঁৱৰে এজন বয়োবৃদ্ধ তথা তথাকথিত সমাজকৰ্মীয়ে গুৱাহাটীলৈ ফুচুলাই নি উপৰ্যুপৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে যৌন নির্যাতনত অভিযুক্ত কৃষ্ণ টিকদাৰে কালি নিশা নাগ্ৰীজুলিৰ এক গোপন স্থানত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।
উল্লেখ্য যে প্ৰায় চাৰি মাহ পূৰ্বে কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত কাউলীৰ তৰুণ গাঁও নিবাসী প্ৰয়াত কিৰণ টিকদাৰৰ পুত্ৰ কৃষ্ণ টিকদাৰে ওচৰৰে এটা পৰিয়ালৰ বাৰ বছৰীয়া এগৰাকী কিশোৰীক গুৱাহাটীলৈ ফুৰাবলৈ বুলি ফুচুলাই নি কামাখ্যাৰ বগলা মন্দিৰত বলপূৰ্বক শিৰত সেন্দুৰ পিন্ধাই দিয়াৰ লগতে গুৱাহাটীৰ পৰা আহি সেই দিনাই ৰঙিয়াৰ এখন হোটেলত কোঠা এটা ভাড়া লৈ গোটেই নিশা কিশোৰীগৰাকীক উপৰ্যুপৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল। যৌন নিৰ্যাতন চলোৱাৰ পূৰ্বে কিশোৰীগৰাকীক মিঠাপানৰ লগত নিচা জাতীয় কিবা দ্ৰৱ্য মিহলাই দি অচেতন কৰি লয় বুলিও কিশোৰীগৰাকীৰ ভাষ্যত প্ৰকাশ।
এই কথা পৰিয়ালক ক’লে গোটেই পৰিয়ালটোক প্ৰাণে মৰাৰ ভাবুকি দিয়াত কিশোৰীগৰাকীয়ে পৰিয়ালক জনোৱাৰ পৰা বিৰত আছিল। কিন্তু দিন যোৱাৰ লগে লগে কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে সোধ-পোচ কৰাতহে ব্যক্তি জনৰ কু-কাণ্ডৰ কথা পোহৰলৈ আহে। পৰিয়ালৰ লোকে জনোৱা মতে অতি লম্পট চৰিত্ৰৰ লোকজনে তেওঁলোকক ভাবুকি প্ৰদান কৰাত পৰিয়ালটোৱে ইতিমধ্যে নিৰাপত্বাহীনতাত ভুগিছে।
যোৱা ২৬ অক্টোবৰত পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীত বিষয়টো বিৱৰি কৃষ্ণ টিকদাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাত তামুলপুৰ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰ (গোচৰ নং ৪২২/১৮ আইপিচি ৪২০/ ৩৭৬ অফ ৪ পি অ ‘ই এছ অ’ ) ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল।
ইতিমধ্যে এই ঘটনাৰ খবৰ পায়েই আচামী কৃষ্ণ টিকদাৰ পলাতক আছিল বুলি জনা গৈছে। কালি নিশা নাগ্ৰীজুলিত তেওঁ কুমাৰীকাটা আৰক্ষীৰ ওচৰত আত্ম সমৰ্পণ কৰাত আৰক্ষীয়ে তেওঁক আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।