• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত অসমৰ যুৱশক্তিৰ ভূমিকা অপৰিসীম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2026 7:40 pm
188
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘম্যাদী নীতিগত আঁচনি আৰু উদ্যোগসমূহৰ সক্ৰিয় অংশগ্ৰহণেৰে অসমৰ যুৱসমাজে উদ্যোগীকৰণৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন আনিব পাৰিব। শেহতীয়াকৈ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা এক বিশেষ অনলাইন আলোচনা চক্ৰত বিশেষজ্ঞসকলে এই মত প্ৰকাশ কৰে। একচন নামৰ বেচৰকাৰী সংস্থা আৰু ফ’ৰাম ফৰ ইণ্ডিয়ান জাৰ্ণেলিষ্টছ অন এডুকেচন, এনভায়ৰনমেণ্ট, হেল্থ এণ্ড এগ্ৰিকালচাৰৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ সহযোগত আৰু কেইৰ্ণ অইল এণ্ড গেছৰ সমৰ্থনত অনুষ্ঠিত এই ৱেবিনাৰখনৰ মূল বিষয় আছিল বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত অসমৰ যুৱপ্ৰজন্মৰ ভূমিকা আৰু উদ্যোগীকৰণৰ সম্ভাৱনীয়তা।

আলোচনা চক্ৰত বিশেষজ্ঞসকলে কয় যে অসমৰ জনসংখ্যাৰ এক বুজন অংশ যুৱপ্ৰজন্মই গঠন কৰিছে। এই বিপুল জনশক্তিক যদি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা যায়, তেন্তে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত ই এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়াং লীডাৰ্ছ ডাইলগ ২০২৬ত আগবঢ়োৱা বক্তব্যৰ প্ৰসংগ টানি বক্তাসকলে উল্লেখ কৰে যে আগন্তুক ২০ বছৰ অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব। ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্ছৰ জ্যেষ্ঠ বিষয়া প্ৰাণজিৎ তামুলীয়ে উদ্যোগখণ্ডৰ দীৰ্ঘম্যাদী বিকাশৰ ওপৰত জোৰ দি কয় যে উদ্যোগবোৰে স্থানীয় লোকৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব লাগিব।

Apply Now

শিক্ষা আৰু দক্ষতা বিকাশৰ গুৰুত্বৰ বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে কেৱল পাঠ্যপুথিৰ জ্ঞানেৰে আজিৰ যুগত আগবঢ়া সম্ভৱ নহয়। ৰাষ্ট্ৰীয় শিক্ষা নীতিত গুৰুত্ব দিয়াৰ দৰে শিক্ষাৰ্থীসকলে বাস্তৱিক অভিজ্ঞতা আৰু কাৰিকৰী দক্ষতা আহৰণ কৰাটো অত্যন্ত দৰকাৰী। এই ব্যৱস্থাই শিক্ষাৰ্থীসকলক কৰ্মসংস্থাপনৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিব। আনহাতে সাংবাদিক চন্দ্ৰাণী সিনহাই কয় যে বৰ্তমান ৰাজ্যত উদ্যোগৰ এক ভাল পৰিৱেশ সৃষ্টি হোৱাৰ বাবে বাহিৰত কাম কৰা বহু অসমীয়া যুৱক-যুৱতী আকৌ ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে।

উদ্যোগী প্ৰিয়ংকা ডি. পাটৱাৰীয়ে যুৱপ্ৰজন্মক উদ্যোগী হ’বলৈ আহ্বান জনায় আৰু কয় যে অসমৰ সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে স্থানীয়ভাৱে বহু নিয়োগৰ পথ মুকলি হ’ব। যোৰহাটৰ উন্নয়ন খণ্ডৰ বিশেষজ্ঞ মৃগাংকু বাহকে কয় যে উন্নয়ন কেৱল চহৰ কেন্দ্ৰিক হ’লে নহ’ব, ই গাঁও অঞ্চলসমূহকো স্পৰ্শ কৰিব লাগিব। ৱেবিনাৰত কেইৰ্ণ অইল এণ্ড গেছৰ দৰে কোম্পানীয়ে অসমৰ সৰূপথাৰত ডিজিটেল শ্ৰেণীকোঠা স্থাপন কৰা, মানসিক স্বাস্থ্যৰ সজাগতা সভা অনুষ্ঠিত কৰা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ কথা বিশেষভাবে আলোচনা কৰা হয়। যুৱ সমাজৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিয়েই যে ২০৪৭ চনৰ বিকশিত ভাৰতৰ মূল আধাৰ হ’ব, সেই কথা সকলো বক্তাই একমুখে স্বীকাৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am
সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd