• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইতিহাস হোৱাৰ দিশে অসমৰ দ্বিতীয়টো ছবিগৃহ শিৱসাগৰৰ লক্ষী টকিজ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 2, 2018 6:33 am
Pic-1 Hol (1)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংস্কৃতিক নগৰ শিৱসাগৰত অৱস্থিত অসমৰ দ্বিতীয়টো ছবিগৃহ “লক্ষী টকীজ” যোৱা শুকুৰবাৰৰ পৰা বন্ধ কৰি দিয়া হয়। বহুটো ঘাত-প্ৰতিঘাতৰ মাজেৰে ৮১ টা বছৰ অতিক্ৰম কৰী লক্ষী টকীজ নামৰ এই ছবিগৃহটো বন্ধ হৈ পৰাত শিৱসাগৰ চহৰকে ধৰি ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ দৰ্শক সকল এতিয়াৰে পৰা  ছবি উপভোগ কৰাৰ পৰা বঞ্চিত হব লগীয়া হ’ব।

১৯৩৬ চনত তেজপুৰত প্ৰথম অসমৰ ছবিগৃহ “জোনাকী” স্থাপন হোৱাৰ ঠিক এবছৰৰ পিছতেই ১৯৩৭ চনত শিৱসাগৰ চহৰৰ মাজমজিয়াত  স্থাপন কৰা হৈছিল দ্বিতীয়টো ছবিগৃহ “লক্ষী টকীজ”। এই ছবিগৃহটোত প্ৰথম অৱস্থাত জাৰ্মানীৰ “বাৱাৰ” কোম্পানীয়ে নিৰ্মাণ কৰা দুটা মেচিনত ৰিলৰ দ্বাৰা ছবি প্ৰদৰ্শন কৰা হৈছিল। সুৰ্দীঘ ৬৯ বছৰ এই মেচিনৰ দ্বাৰাই ছবি প্ৰদৰ্শন কৰা হৈছিল যদিও ২০০৭ চনত ছবিগৃহটো ডিজিটেল পদ্ধতিলৈ ৰূপান্তৰ কৰা হয়। লক্ষী টকীজ আৰম্ভ হোৱাৰ সময়ত ৩০ গৰাকী কৰ্মচাৰীয়ে শেষ দিনলৈকে ছবিগৃহটিৰ লগত জড়িত হৈ আছিল আৰু আজিৰ দিনত ৭ গৰাকী কৰ্মচাৰীয়ে কাম কৰি আছিল।

Apply Now

যি সময়ত অসমৰ ছবিগৃহবোৰ দৰ্শকৰ অভাৱৰ বাবে বা উগ্ৰপন্থীৰ কূটাঘাটৰ বাবে এটা এটা কৈ বন্ধ হৈ গৈছিল সেই সময়ত এই ছবিগৃহটো লোকচান ভৰিও চলি আছিল, একমাত্ৰ ছবিগৃহটো জীয়াই ৰখাৰ স্বাৰ্থত। ছবিগৃহটোত তাহানিৰ কাঠৰ বেঞ্চ, টিন আৰু কাঠৰ চকীৰ পৰিৱৰ্তে শেহতীয়াকৈ আৰামী চকীৰ ব্যৱস্থা কৰাৰ লগতে ডিজিটেল পদ্ধতিৰে ছবি প্ৰৰ্দশন আৰু অত্যাধুনিক প্ৰযুক্তিৰ শব্দৰ ব্যৱস্থা কৰা হৈছিল। উজনি অসমৰ বিভিন্ন স্থানৰ পৰা ছবি উপভোগ কৰিবলৈ ভিৰ কৰিছিলহি এই লক্ষী টকীজত।

এই ছবিগৃহত অসমীয়া, হিন্দী , বাংলা , ইংৰাজী আৰু ভোজপুৰী ভাষাৰ ছবি  প্ৰদৰ্শিত  হৈছিল। তাৰে ভিতৰত ভাগ্য, চিকমিক বিজুলি, মন প্ৰজাপতি, চিৰাজ, তৰামাই, বোৱাৰী, বৰদৈচিলা, বুকুৰ মাজত জ্বলে, মাঘত মামণিৰ বিয়া, ববি, টিৰচি মঞ্জিল,  ডাবাং, দিল টৌ পাগল হে, টাইটানিক আদিৰ দৰে চুপাৰহিট ছবি প্ৰদৰ্শিত হৈছিল।

এই ছবিগৃহত ভাগ্য ছবিখনৰ শুভমুক্তিৰ দিনা কলগছ ৰোৱা হৈছিল আৰু ছবিখন বহুত দিন প্ৰদৰ্শিত হোৱাৰ বাবে কলগছ জোপাত কলডিল লাগি যোৱা বুলি সেই সময়ত ছবি উপভোগ কৰা দৰ্শকে জানিবলৈ দিয়ে।

লক্ষী টকীজ ছবিগৃহটিত বিশ্ব বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাদেৱে চাৰিবাৰ কৈ গীতৰ অনুষ্ঠান পৰিবেশন কৰাৰ লগতে বলিউডৰ বিখ্যাত গায়িকা উষা উথুপকে ধৰি বহুটো গায়ক গায়িকাই অনুষ্ঠান পৰিবেশন কৰিছে। এই ছবিগৃহটিত আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পৰিচালক জাহ্নু বৰুৱা , প্ৰযোজক পৰিচালক অশোক কুমাৰ বিষয়া, আন্তৰাষ্ট্ৰীয় শিল্পী বিষ্ণু খাৰঘৰীয়া, অভিনেত্ৰী বৰষা ৰাণী বিষয়া আদিকে ধৰি বহুতো নবীন প্ৰবীন অভিনেতা অভিনেত্ৰীয়ে অন্তৰংগ আলাপৰ অনুষ্ঠান কৰাৰ লগতে ছবি উপভোগ কৰিছিল।

লক্ষী টকীজৰ স্বত্বাধিকাৰী নাথুৰাম জয়দয়ান খেমকাৰ পৰিয়ালে দীৰ্ঘদিন ধৰি লোকচান ভৰি ছবিগৃহটো চলাই আছিল। ছবিগৃহটিত আয়তকৈ ব্যয় বেছি হৈ পৰিছিল যদিও দীৰ্ঘদিন ধৰি খেমকাৰ পৰিয়ালে নিজৰ জেপৰ ধনেৰে কৰ্মচাৰীৰ দৰমহা আদিয় দি আহিছিল।শেষত উপায়ন্তৰ হৈ খেমকা পৰিয়ালে অসমৰ দ্বিতীয়টো ছবিগৃহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd