• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইতিহাস হোৱাৰ দিশে অসমৰ দ্বিতীয়টো ছবিগৃহ শিৱসাগৰৰ লক্ষী টকিজ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 2, 2018 6:33 am
Pic-1 Hol (1)
196
VIEWS
Share on FacebookShare on Twitter

সাংস্কৃতিক নগৰ শিৱসাগৰত অৱস্থিত অসমৰ দ্বিতীয়টো ছবিগৃহ “লক্ষী টকীজ” যোৱা শুকুৰবাৰৰ পৰা বন্ধ কৰি দিয়া হয়। বহুটো ঘাত-প্ৰতিঘাতৰ মাজেৰে ৮১ টা বছৰ অতিক্ৰম কৰী লক্ষী টকীজ নামৰ এই ছবিগৃহটো বন্ধ হৈ পৰাত শিৱসাগৰ চহৰকে ধৰি ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ দৰ্শক সকল এতিয়াৰে পৰা  ছবি উপভোগ কৰাৰ পৰা বঞ্চিত হব লগীয়া হ’ব।

১৯৩৬ চনত তেজপুৰত প্ৰথম অসমৰ ছবিগৃহ “জোনাকী” স্থাপন হোৱাৰ ঠিক এবছৰৰ পিছতেই ১৯৩৭ চনত শিৱসাগৰ চহৰৰ মাজমজিয়াত  স্থাপন কৰা হৈছিল দ্বিতীয়টো ছবিগৃহ “লক্ষী টকীজ”। এই ছবিগৃহটোত প্ৰথম অৱস্থাত জাৰ্মানীৰ “বাৱাৰ” কোম্পানীয়ে নিৰ্মাণ কৰা দুটা মেচিনত ৰিলৰ দ্বাৰা ছবি প্ৰদৰ্শন কৰা হৈছিল। সুৰ্দীঘ ৬৯ বছৰ এই মেচিনৰ দ্বাৰাই ছবি প্ৰদৰ্শন কৰা হৈছিল যদিও ২০০৭ চনত ছবিগৃহটো ডিজিটেল পদ্ধতিলৈ ৰূপান্তৰ কৰা হয়। লক্ষী টকীজ আৰম্ভ হোৱাৰ সময়ত ৩০ গৰাকী কৰ্মচাৰীয়ে শেষ দিনলৈকে ছবিগৃহটিৰ লগত জড়িত হৈ আছিল আৰু আজিৰ দিনত ৭ গৰাকী কৰ্মচাৰীয়ে কাম কৰি আছিল।

যি সময়ত অসমৰ ছবিগৃহবোৰ দৰ্শকৰ অভাৱৰ বাবে বা উগ্ৰপন্থীৰ কূটাঘাটৰ বাবে এটা এটা কৈ বন্ধ হৈ গৈছিল সেই সময়ত এই ছবিগৃহটো লোকচান ভৰিও চলি আছিল, একমাত্ৰ ছবিগৃহটো জীয়াই ৰখাৰ স্বাৰ্থত। ছবিগৃহটোত তাহানিৰ কাঠৰ বেঞ্চ, টিন আৰু কাঠৰ চকীৰ পৰিৱৰ্তে শেহতীয়াকৈ আৰামী চকীৰ ব্যৱস্থা কৰাৰ লগতে ডিজিটেল পদ্ধতিৰে ছবি প্ৰৰ্দশন আৰু অত্যাধুনিক প্ৰযুক্তিৰ শব্দৰ ব্যৱস্থা কৰা হৈছিল। উজনি অসমৰ বিভিন্ন স্থানৰ পৰা ছবি উপভোগ কৰিবলৈ ভিৰ কৰিছিলহি এই লক্ষী টকীজত।

এই ছবিগৃহত অসমীয়া, হিন্দী , বাংলা , ইংৰাজী আৰু ভোজপুৰী ভাষাৰ ছবি  প্ৰদৰ্শিত  হৈছিল। তাৰে ভিতৰত ভাগ্য, চিকমিক বিজুলি, মন প্ৰজাপতি, চিৰাজ, তৰামাই, বোৱাৰী, বৰদৈচিলা, বুকুৰ মাজত জ্বলে, মাঘত মামণিৰ বিয়া, ববি, টিৰচি মঞ্জিল,  ডাবাং, দিল টৌ পাগল হে, টাইটানিক আদিৰ দৰে চুপাৰহিট ছবি প্ৰদৰ্শিত হৈছিল।

এই ছবিগৃহত ভাগ্য ছবিখনৰ শুভমুক্তিৰ দিনা কলগছ ৰোৱা হৈছিল আৰু ছবিখন বহুত দিন প্ৰদৰ্শিত হোৱাৰ বাবে কলগছ জোপাত কলডিল লাগি যোৱা বুলি সেই সময়ত ছবি উপভোগ কৰা দৰ্শকে জানিবলৈ দিয়ে।

লক্ষী টকীজ ছবিগৃহটিত বিশ্ব বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাদেৱে চাৰিবাৰ কৈ গীতৰ অনুষ্ঠান পৰিবেশন কৰাৰ লগতে বলিউডৰ বিখ্যাত গায়িকা উষা উথুপকে ধৰি বহুটো গায়ক গায়িকাই অনুষ্ঠান পৰিবেশন কৰিছে। এই ছবিগৃহটিত আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পৰিচালক জাহ্নু বৰুৱা , প্ৰযোজক পৰিচালক অশোক কুমাৰ বিষয়া, আন্তৰাষ্ট্ৰীয় শিল্পী বিষ্ণু খাৰঘৰীয়া, অভিনেত্ৰী বৰষা ৰাণী বিষয়া আদিকে ধৰি বহুতো নবীন প্ৰবীন অভিনেতা অভিনেত্ৰীয়ে অন্তৰংগ আলাপৰ অনুষ্ঠান কৰাৰ লগতে ছবি উপভোগ কৰিছিল।

লক্ষী টকীজৰ স্বত্বাধিকাৰী নাথুৰাম জয়দয়ান খেমকাৰ পৰিয়ালে দীৰ্ঘদিন ধৰি লোকচান ভৰি ছবিগৃহটো চলাই আছিল। ছবিগৃহটিত আয়তকৈ ব্যয় বেছি হৈ পৰিছিল যদিও দীৰ্ঘদিন ধৰি খেমকাৰ পৰিয়ালে নিজৰ জেপৰ ধনেৰে কৰ্মচাৰীৰ দৰমহা আদিয় দি আহিছিল।শেষত উপায়ন্তৰ হৈ খেমকা পৰিয়ালে অসমৰ দ্বিতীয়টো ছবিগৃহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd