• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা সোণোৱাল চৰকাৰে খিলঞ্জীয়াৰ ভূমিৰ প্ৰতি নমাই আনিছে শংকা!

ক্ষুদ্ৰ লঘু উদ্যোগক লৈ আধ্যাদেশ: সর্বা চৰকাৰক ধিক্কাৰ জনাই বিভিন্ন মহলত প্ৰতিক্ৰিয়া; কোনে কি ক'লে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 1, 2020 8:11 pm
bbbbb
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত পুনৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰাবলৈ বাধ্য কৰাইছে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে।

নিজৰ ভাষণত ডিঙিৰ শিৰ ফুলাই জাতি মাটি ভেটিৰ ৰক্ষণাবেক্ষণ দিয়া হ’ব বুলি আস্ফালন কৰা সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষাৰ প্ৰতি নমাই আনিছে শংকা।

Apply Now

ক’ৰ’না ভাইৰাছৰ ভয়াৱহতাৰ মাজতেই অসম চৰকাৰৰ কেবিনেটৰ এটা সিদ্ধান্তই খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ প্ৰতি শংকা নমাই আনিছে।

যোৱা ২৯ জুনত অসম চৰকাৰৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছিল, এই বৈঠকতেই চৰকাৰে এক আধ্যাদেশ জাৰি কৰিছে।

ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগৰ বাবে এই আধ্যাদেশ দিয়া হৈছিল।

এই আধ্যাদেশ অনুসৰি কোনো উদ্যোগপতিয়ে অসমত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ স্থাপন কৰিবলৈ তিনিবছৰলৈ চৰকাৰৰ কোনো বিভাগৰ পৰা অনুমতি ল’ব নালাগে।

উদ্যোগ স্থাপনৰ ক্ষেত্ৰত নীতি নিয়ম শিথিল হ’ব বুলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিছিল।

তেওঁ উল্লেখ কৰা মতে “দুমাহৰ ভিতৰত উদ্যোগ স্থাপনৰ বাবে অনুজ্ঞা পত্ৰ লাভ কৰিব৷ উদ্যোগপতিজনে যেতিয়া উদ্যোগ স্থাপন কৰিবলৈ লয় তেতিয়া ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিভাগৰ আয়ুক্ত সচিৱলৈ এখন মাত্ৰ আবেদন কৰি ক’ত কি উদ্যোগ স্থাপন কৰিব সেয়া জনাব লাগিব। তাৰ পাছত বিভাগৰ ফালৰ পৰা তেওঁক একনলেজ কৰা হ’ব আৰু সেয়াই হ’ব তেওঁৰ অনুজ্ঞাপত্ৰ।”

তাৎপৰ্যপূৰ্ণভাবে উদ্যোগপতিয়ে যিহেতু কোনো বিভাগৰে অনুমতি ল’ব নালাগে অৰ্থাৎ তেওঁলোকে ৰাজহ বিভাগৰো অনুমতি নালাগে।

ইয়াৰ অৰ্থ এয়ে হ’ব যে উদ্যোগপতি এজনে নিজৰ ইচ্ছা মাটি ক্ৰয় কৰি তাত উদ্যোগ স্থাপন কৰিব পাৰিব।

ইয়াৰ ফলত বহু থলুৱা কৃষকে নিজৰ মাটি উদ্যোগপতিক বিক্ৰী কৰি দিয়াৰ সম্ভাৱনা থাকে।

বহিৰাগত পুঁজিপতিয়ে অসমৰ খিলঞ্জীয়াৰ কৃষিভূমি ক্ৰয় কৰি লোৱাৰ আশংকা আছে। এই নীতিৰ ফলত থলুৱা কৃষকৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

এই কথা নিশ্চয়কৈ খিলঞ্জীয়া বিৰোধী বুলি সকলোৱে একেমুখে সদৰী কৰিছে।

এই আধ্যাদেশক অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলি থকাৰ সময়ত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰো পৰিপন্থী বুলিও সকলোৱে চৰ্চা কৰিছে।

চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

এই আধ্যাদেশৰ জৰিয়তে অসমৰ কৃষক ৰাইজৰ ওপৰত মাধমাৰ শোধাৱৰ ব্যৱস্থা কৰা বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই।

শইকীয়াই কয়, “এতিয়া পূৰ্বৰ যি নীতি সেই নীতি অনুসৰি খেতি-মাটি উদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সৰলীকৰণ কৰি কোনো ধৰণৰ অনুমতি নোহোৱাকৈ যি কোনো প্ৰকাৰৰ ভূমি অৰ্থাৎ কৃষি ভূমিত, উদ্যোগ স্থাপন কৰাৰ ব্যৱস্থা মুকলি কৰি দিয়া হ’ল। ফলত অসমৰ গ্ৰাম্য অৰ্থনীতি, অসমৰ কৃষক ৰাইজৰ ওপৰত এটা মাধমাৰ পৰিল।”

“মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেখেতৰ দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই সততে অসমৰ ৰাইজক আভুৱা ভৰিবলৈ জাতি, মাটি, ভেটি ৰক্ষা কৰিম বুলি যি প্ৰতিশ্ৰুতি আওৰাই থাকে, এই সিদ্ধান্ত সেই প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ পৰিপন্থী। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম আৰু ৬ নং দফা অনুসৰি অসমবাসী ৰাইজৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সুৰক্ষা প্ৰদান কৰিম বুলি ঘোষণা কৰি এই দফা সম্পৰ্কীয় কমিতি গঠন কৰাৰ পিছত এনে ধৰণে থলুৱা লোকসকলৰ কৃষি ভূমি অন্য কাৰ্যত ব্যৱহাৰ কৰিবলৈ যি সিদ্ধান্ত লৈছে, ইয়াৰ যোগেদি অসমীয়া ৰাইজৰ কোনো উপকাৰ নহয়।” সোণোৱাল চৰকাৰক কটাক্ষ কৰি শইকীয়াই এইদৰে কয়।

ইপিনে, অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধাৰ বিৰোধিতা কৰিছে বিশিষ্ট অধিবক্তা নীলয় দত্তই।

তেওঁ এই সিদ্ধান্ত ৰাজহুৱা হোৱাৰ পাছতেই ইয়াৰ বিৰোধিতা কৰি টুইট কৰিছে।

তেওঁ টুইটত কৈছে “এয়া এক খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত। ইয়াৰ দ্বাৰা কৃষিভূমি, অন্য কামত ব্যৱহাৰ হ’ব।”

তদুপৰি, অসমৰ খিলঞ্জীয়াৰ হাতত থকা মাটি বহিৰাগতৰ হাতলৈ যোৱাৰ এটা ৰাষ্টা মুলি হ’ব বুলি তেওঁ শংকা প্ৰকাশ কৰিছে।

একেই শংকা প্ৰকাশ কৰিছে সক্ৰিয় ৰাজনৈতিক নেত্ৰী মীৰা বৰঠাকুৰেও।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধীতা কৰি মীৰা বৰঠাকুৰে কৈছে এই সিদ্ধান্তৰে চৰকাৰে বণিক গোষ্ঠীক খিলঞ্জীয়াৰ মাটি গতাই দিয়াৰ এক কৌশল লৈছে।

বৰঠাকুৰে আৰু কয়, “এয়া কা ৰ প্ৰথম প্ৰভাৱ। খিলঞ্জীয়াৰ অধিকাৰত এয়া প্ৰথমটো গজাল মাৰিছে বিজেপি চৰকাৰে। অসমৰ সকলো দল সংগঠনলৈ অনুৰোধ আপোনালোক মনে মনে বহি নাথাকিব, আপোনালোকে মাত মাতক।”

ইয়াৰোপৰি, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ মুখ্য আহ্বায়ক উপমন্যু হাজৰিকাই এই কাৰ্যৰ ধিক্কাৰ দিয়ে।

তেওঁ কয়, “কা আন্দোলনৰ সময়ত, ২১‌ ডিচেম্বৰ ২০১৯ তাৰিখে বৰ্তমানৰ অসম চৰকাৰৰ cabinet এ নিৰ্ণয় গ্ৰহণ কৰিছিল যে অসমত ভূমি হস্তান্তৰ কেৱল খিলঞ্জীয়াৰ মাজতে হ’ব পাৰিব। এই ঘোষণা কৰিছিল স্বয়ং হিমন্ত বিশ্ব শৰ্মাই, লগতে তেওঁ আৰু কৈছিল যে আগন্তুক বিধানসভাৰ অধিবেশনত এই ক্ষেত্ৰত আইন প্ৰনয়ণ কৰিব। ইয়াৰ লগতে খিলঞ্জীয়াৰ সপক্ষে বহু নীতি-আচঁনি ঘোষণা ও কৰিছিল।”

“কিন্তু এইবোৰ নকৰি খিলঞ্জীয়া বিৰোধী নীতি প্ৰনয়ণ কৰাত জোৰ দিছে। এনেকুৱা মিছলীয়া প্ৰৱঞ্চক শাসক থাকিলে খিলঞ্জীয়াৰ ধ্বংস নিশ্চিত।” হাজৰিকাই লগতে কয়।

ইপিনে, এই সন্দৰ্ভত সোণোৱাল চৰকাৰক কঠোৰ সমালোচনা কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দাসে কয়, “কেবিনেটৰ সিদ্ধান্তই অসমীয়া জাতিক ধ্বংস কৰিব। অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ নতুন নীতি কেতিয়াও গ্ৰহণযোগ্য নহয়।”

তেওঁ লগতে কয়, “এই নীতিৰ ফলত সমগ্ৰ অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিছে। আমাৰ দুখীয়া কৃষকৰ ভূমি বাহিৰাগত বণিয়াৰ হাতত বিনাদ্বিধাই চমজাই দিয়াৰ যি চক্ৰান্ত বিজেপি শাসনাধীন চৰকাৰ খনে কৰিছে এই ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহ’ব।”

“এইখন চৰকাৰে অসমীয়া জাতিৰ ওপৰত বলপূৰ্বক ভাৱে কা ৰ দৰে আইন জাপি দিয়াৰ পিছত এতিয়া কৃষকৰ হাতত থকা ন্যূনতম কৃষি ভূমি খিনিও কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিলে। এই খন চৰকাৰ কেতিয়াও কল্যাণকামী চৰকাৰ নহয় বুলি দাসে মন্তব্য কৰে। ল’কডাউনৰ অচিলা লৈ প্ৰতিবাদী কন্ঠক পণবন্দী কৰি কিমান দিন ৰাখিব পাৰিব?” দাসে লগতে প্ৰশ্ন কৰি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd