যেতিয়ালৈ অসম চুক্তিৰ আধাৰত এজনো অবৈধ বিদেশী নাগৰিকক অসমৰ পৰা বিতাড়ন কৰা নহয় তেতিয়ালৈ ঐতিহাসিক অসম আন্দোলনৰ চহিদৰ আত্মাই শান্তি নাপায়। অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা তালুকদাৰে আজি এই মন্তব্য কৰে।
উল্লেখযোগ্য যে অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ সোঁৱৰণত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মস্থান বৰপেটা জিলাৰ উজান বৰবৰীতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় চহিদ দিৱস।
চহিদ দিৱসৰ লগত সংগতি ৰাখি খৰ্গেশ্বৰ তালুকদাৰৰ চহিদ বেদীত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাসকলে মাল্যাৰ্পন কৰাৰ লগতে তেওঁৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা তালুকদাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগতো তাৎপৰ্যমূলক মন্তব্য কৰা দেখা যায়। তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাসক অনুৰোধ জনায় কয় যে এই বিধেয়কখন গৃহীত হ’লে অসম আন্দোলনৰ চহিদসকলক অৱমাননা কৰা হ’ব সেয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰিব লাগে।
তেওঁ লগতে কয় যে যদিহে সৰ্বানন্দ সোণোৱাল প্ৰকৃত জাতীয় নায়ক তেন্তে অসমত বাস কৰি থকা অবৈধ বিদেশীসকলক বিতাড়ন কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত।
‘চহিদ পৰিয়ালৰ লোকক আৰ্থিক সাহায্য আৰু চৰকাৰী চাকৰি প্ৰদান কৰিলেই নহয় অসমৰ পৰা অবৈধ বিদেশীসকলক খেদিলেহে জাতিৰ বাবে প্ৰাণ আহুতি দিয়া চহিদসকলৰ বলিদানক সন্মান জনোৱা হ’ব।‘ এইদৰেও মন্তব্য কৰে চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা তালুকদাৰে।