• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফুচকা বিক্ৰীৰ পৰা হাতত বেট লৈ বিশ্ব ৰেকৰ্ড যশস্বীৰ; ছ’চিয়েল মিডিয়াত প্ৰশংসাৰ জোৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2019 7:42 pm
Yashasvi-Jaiswal

যশস্বী জয়ছোৱাল। ফটো : টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণ পৰিয়ালৰ ল’ৰা তেওঁ।পৰিয়ালত ভালকৈ খোৱা পিন্ধাৰো অভাৱ আছিল। দৰিদ্ৰতাৰ বাবে এসময়ত তেওঁ ফুচকাও বিক্ৰী কৰিছিল। কিন্তু হেৰুওৱা নাছিল মনৰ ইচ্ছাশক্তি। মনৰ এই শক্তিকে সাৰোগত কৰি আজি তেওঁ পূৰণ কৰিলে নিজৰ সপোন।

মাত্ৰ ১৭ বছৰ ২৯২ দিন বয়সত নতুন অভিলেখৰ অধিকাৰী হ’ল যশস্বী। বৰ্তমান বিশ্বৰ মহান ক্ৰিকেটাৰ হিচাপে পৰিচিত শচীন-ৰোহিতৰ সৈতে একেই তালিকাতে নাম সুমুৱাবলৈ সক্ষম হোৱা যশস্বী এতিয়া চৰ্চাৰ মাজত।

Apply Now

প্ৰিমিয়াৰ ডিভিজনৰ এদিনীয়া টুৰ্ণামেন্টত দ্বিশতক অৰ্জন কৰি কনিষ্ঠতম বেটছমেন হিচাপে অভিলেখ গঢ়িছে যশস্বী জয়ছোৱালে।

নিজৰ অভিষেক ছিজনতেই পাঁচটা ইনিংছত তিনিটা শতক অৰ্জন কৰিছে যশস্বীয়ে। বিজয় হাজাৰে ট্ৰফীৰ এলিট গ্ৰুপৰ এই মেচত ঝাৰখণ্ডৰ বিৰুদ্ধে যশস্বীয়ে কৰিছে ২০৩ ৰাণ।

যশস্বীৰ এই ২০৩ ৰাণৰ ইনিংছটোত আছিল ১৭টা চাৰি আৰু ১২ টা ছয়। ১৯৭৫ চনত ২০ বছৰ ২৭৩ দিনত দক্ষিণ আফ্ৰিকাৰ ঘৰুৱা ক্ৰিকেটত এই অভিলেখ গঢ়িছিল এলেন বোৰোই।

কেইদিনমান পূৰ্বে আন এগৰাকী উদীয়মান বেটছমেন কেৰালাৰ সঞ্জু ছেমছনে দ্বিশতক অৰ্জন কৰি অভিলেখ গঢ়িছিল।

যশস্বীয়ে এই অভিলেখৰ তালিকাত সপ্তমগৰাকী বেটছমেন হিচাপে স্থান লাভ কৰিছে।

ইয়াৰ পূৰ্বে এনে কৃতিত্বৰ অধিকাৰী হোৱা খেলুৱৈ কেইগৰাকী হৈছে শচীন তেণ্ডুলকাৰ, ৰোহিত শৰ্মা (তিনিবাৰ), শিখৰ ধাৱান, কেভি কৌশল আৰু সঞ্জু ছেমছন।

মাত্ৰ ১১ বছৰ বয়সত যশস্বী উত্তৰ প্ৰদেশৰ বাদোহিৰ পৰা মুম্বাইলৈ যায়। ক্ৰিকেটৰ জগতত নিজক প্ৰতিষ্ঠা কৰাৰ লক্ষ্য সন্মুখত ৰাখি যশস্বীয়ে প্ৰথমতে এখন ডেইৰীৰ দোকানত থাকিবলৈ লয়। কিন্তু তাত তেওঁক মালিকে বেছিদিন নাৰাখিলে।

ইয়াৰ পাছতে এঘৰ আত্মীয়ৰ ঘৰত কিছুদিন থাকি খেলা-ধূলা কৰে। কিন্তু ঠাইৰ অভাৱত তাত বেছিদিন থাকিব নোৱাৰিলে।

এইবাৰ মুছলিম য়ুনাইটেড ক্লাৱৰ তম্বুৰ তলতে থাকিবলৈ ল’লে দেশৰ সম্ভাৱনাপূৰ্ণ বেটছমেনগৰাকী। ইয়াত গৰমত শুৱাটো যশস্বীৰ বাবে কঠিন হৈ পৰে যাৰ বাবে মুকলি আকাশৰ তলতেই কটাবলগীয়া হয় বহুদিন।

সেয়াই নহয়, অৰ্থাভাৱত পৰি ফুচকা বিক্ৰী কৰিবলৈ লয় যশস্বীয়ে। কিন্তু আজাদ ময়দানত প্ৰশিক্ষক জ্বালা সিঙৰ চকুত পৰাৰ পাছতেই যশস্বীৰ জীৱনে লাভ কৰে নতুন গতি।

মুম্বাইৰ এই উদীয়মান ক্ৰিকেটাৰগৰাকীৰ জীৱন সংগ্ৰামে দেশৰ নতুন প্ৰজন্মক স্বাভাৱিকতে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd