• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সোনকালেই নিষ্পত্তি হ’ব গোচৰ : ওমৰ খালিদকে ধৰি ৮জন লোকৰ জামিন আৱেদন সন্দৰ্ভত দিল্লী আৰক্ষীক উচ্চতম ন্যায়ালয়ৰ জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2025 4:25 pm
110
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী দাঙ্গা গোচৰত গ্ৰেপ্তাৰ হোৱা ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামকে ধৰি ৮ জন লোকৰ জামিন আবেদন সন্দৰ্ভত দিল্লী আৰক্ষীক উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে। সোমবাৰে ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ এন ভি আঞ্জৰিয়াৰ সংমণ্ডল বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। ২৭ অক্টোবৰত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি।

শুনানিৰ আৰম্ভণিতে ন্যায়াধীশ কুমাৰে কয় যে ১৯ ছেপ্টেম্বৰত গোচৰৰ শুনানি সম্ভৱ নহয়। কাৰণ সহযোগী ন্যায়াধীশ মনমোহনে ব্যক্তিগত কাৰণত বিচাৰপীঠৰ পৰা পদত্যাগ কৰিব বিচাৰিছিল। এসময়ত তেওঁ কপিল ছিবালৰ চেম্বাৰত সহায়ক হিচাপে কাম কৰিছিল।

Apply Now

আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংৱী উপস্থিত থাকে। তেওঁ আদালতত কয়, “তেওঁলোক আটাইকেইজন ছাত্ৰ আছিল। পাঁচ বছৰতকৈও অধিক সময় জামিন অবিহনে জেলত আছে।’’

সিংভীয়ে অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন কৰাৰ সময়ত শীৰ্ষ আদালতে কয় যে অৱশেষত মূল গোচৰটো নিষ্পত্তি কৰা হ’ব।

ইয়াৰ পূৰ্বে ২ ছেপ্টেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে ৯ জন লোকৰ জামিন আৱেদন নাকচ কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে নাগৰিক প্ৰতিবাদৰ আৱৰণত হিংসা বিয়পোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। জামিন নাকচ কৰা অভিযুক্তসকলৰ ভিতৰত আছে ওমৰ খালিদ, শ্বাৰ্জিল ইমাম, গুলফিছা ফাতিমা, মিৰাণ হাইদৰ, মহম্মদ চেলিম খান, শ্বিফা-উৰ-ৰেহমান, আথাৰ খান, আব্দুল খালিদ ছাইফি আৰু ছাদাব আহমেদ। আনহাতে, সুকীয়া বিচাৰপীঠেও তাছলিম আহমেদৰ জামিন আৱেদন নাকচ কৰে।

উচ্চ ন্যায়ালয়ে লক্ষ্য কৰে যে ভাৰতীয় সংবিধানে নাগৰিকক শান্তিপূৰ্ণভাৱে প্ৰতিবাদ, আন্দোলন আৰু ৰাজহুৱা সভাত কথা কোৱাৰ অধিকাৰ প্ৰদান কৰে। অৱশ্যে সেই অধিকাৰ সীমাহীন নহয়। আইনৰ পৰিসৰৰ ভিতৰতে ইয়াক প্ৰয়োগ কৰিব লাগিব। অন্যথা দেশৰ আইন-শৃংখলা ব্যাহত হোৱাৰ আশংকা আছে।

মন কৰিবলগীয়া যে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইন (কা) আৰু এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত দিল্লীত হিংসাত্মক দাঙ্গা সংঘটিত হৈছিল। এই হিংসাত্মক ঘটনাত কমেও ৫৩ জন লোকে প্ৰাণ হেৰুৱাই ৭০০ৰো অধিক লোক আহত হয়। তদন্তত ওমৰ খালিদ, শ্বাৰ্জিল ইমামকে ধৰি কেইবাজনো ছাত্ৰ নেতা এই দাঙ্গাৰ মূল ষড়যন্ত্ৰকাৰী বুলি অভিযোগ উত্থাপন কৰা হৈছে। ইউএপিএকে ধৰি কেইবাটাও ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰিছে অভিযুক্তই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd