• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুৱা বিজ্ঞাপনঃ উচ্চতম ন্যায়ালয়ে বন্ধ কৰিলে ৰামদেৱ আৰু পতঞ্জলিৰ বিৰুদ্ধে থকা আদালত অৱমাননাৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2024 3:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালত অৱমাননাৰ গোচৰত সকাহ পালে যোগগুৰু ৰামদেৱে। যোগগুৰু আৰু তেওঁৰ প্ৰতিষ্ঠান পতঞ্জলিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে গোচৰটো বন্ধ কৰি দিয়ে।

চলিত বৰ্ষৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলি বিজ্ঞাপন গোচৰত ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণক চমন কৰিছিল। উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰামদেৱৰ ফাৰ্ম পতঞ্জলিলৈ জাননী জাৰি কৰে। কিন্তু সেই জাননীৰ কোনো সঁহাৰি নোপোৱাত আদালত ক্ষুব্ধ হৈ পৰে।

Apply Now

ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ আহছানুদ্দিন আমানুলাৰ বিচাৰপীঠে ৰামদেৱ আৰু বালকৃষ্ণক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। ২ এপ্ৰিলত আদালতত হাজিৰ হ’ব লাগিব ৰামদেৱ আৰু বালকৃষ্ণ। ইয়াৰ পিছতে সেই আদেশ মানি চলি উচ্চতম ন্যায়ালয়ত ব্যক্তিগতভাৱে হাজিৰ হ’ল যোগগুৰু ৰামদেৱ। ২০২৩ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে নিজৰ ঔষধৰ ‘বিভ্ৰান্তিকৰ আৰু মিছা’ প্ৰচাৰৰ বিৰুদ্ধে সকীয়াই দিছিল। লগতে মৌখিকভাৱে জনোৱা হৈছিল যে জৰিমনা হ’ব পাৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে সেই গোচৰত কেন্দ্ৰক সমালোচনা কৰিছিল। গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে এনে বিজ্ঞাপনৰ দ্বাৰা সমগ্ৰ দেশক বিপথে পৰিচালিত কৰা হৈছে।

প্ৰসংগক্ৰমে ৰামদেৱৰ সংগঠনৰ বিৰুদ্ধে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আই এম এ) গোচৰ ৰুজু কৰিছিল। পতঞ্জলিৰ কেইবাটাও বিজ্ঞাপনত এলোপেথিক মেডিচিন আৰু চিকিৎসকক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আই এম এয়ে। ইয়াৰ উপৰিও বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ উত্থাপন হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড বিৰোধী নহ’লেও কেৱল ক’ৰ’নিল কিট বিক্ৰী কৰিয়েই ২৫০ কোটিৰো অধিক লাভ কৰিছিল। আৰু আই এম এয়ে অভিযোগ কৰিছিল যে ইয়াৰ বাবে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন অভিযান চলোৱা হৈছিল।

গোচৰৰ শুনানি গ্ৰহণ কৰি থাকোঁতে উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত লক্ষ্য কৰিছিল যে পতঞ্জলি আয়ুৰ্বেদ সংস্থাই যদি ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন বন্ধ নকৰে তেন্তে জৰিমনা ভৰিব লাগিব। সেই গোচৰত ৰামদেৱক শপতনামা দিবলৈ কোৱা হৈছিল। সেই শপতনামাত যোগগুৰুৱে কৈছিল, “বিজ্ঞাপন সন্দৰ্ভত আদালতৰ ওচৰত বিনাচৰ্তে ক্ষমা বিচাৰিছো। এই ভুলৰ বাবে আন্তৰিকতাৰে ক্ষমা বিচাৰিছোঁ। আদালতক আশ্বস্ত কৰিব বিচাৰিছোঁ যে একেটা ভুলৰ পুনৰাবৃত্তি নহ’ব। মই আৰু প্ৰতিশ্ৰুতি দিছো যে বিবৃতিটোত উল্লেখ কৰা সকলো শব্দ আখৰে আখৰে পালন কৰিম। এনে কোনো বিজ্ঞাপন ব্যৱহাৰ কৰা নহ’ব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd