• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা বিজ্ঞাপনঃ উচ্চতম ন্যায়ালয়ে বন্ধ কৰিলে ৰামদেৱ আৰু পতঞ্জলিৰ বিৰুদ্ধে থকা আদালত অৱমাননাৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2024 3:49 pm
125
VIEWS
Share on FacebookShare on Twitter

আদালত অৱমাননাৰ গোচৰত সকাহ পালে যোগগুৰু ৰামদেৱে। যোগগুৰু আৰু তেওঁৰ প্ৰতিষ্ঠান পতঞ্জলিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে গোচৰটো বন্ধ কৰি দিয়ে।

চলিত বৰ্ষৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলি বিজ্ঞাপন গোচৰত ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণক চমন কৰিছিল। উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰামদেৱৰ ফাৰ্ম পতঞ্জলিলৈ জাননী জাৰি কৰে। কিন্তু সেই জাননীৰ কোনো সঁহাৰি নোপোৱাত আদালত ক্ষুব্ধ হৈ পৰে।

ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ আহছানুদ্দিন আমানুলাৰ বিচাৰপীঠে ৰামদেৱ আৰু বালকৃষ্ণক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। ২ এপ্ৰিলত আদালতত হাজিৰ হ’ব লাগিব ৰামদেৱ আৰু বালকৃষ্ণ। ইয়াৰ পিছতে সেই আদেশ মানি চলি উচ্চতম ন্যায়ালয়ত ব্যক্তিগতভাৱে হাজিৰ হ’ল যোগগুৰু ৰামদেৱ। ২০২৩ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে নিজৰ ঔষধৰ ‘বিভ্ৰান্তিকৰ আৰু মিছা’ প্ৰচাৰৰ বিৰুদ্ধে সকীয়াই দিছিল। লগতে মৌখিকভাৱে জনোৱা হৈছিল যে জৰিমনা হ’ব পাৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে সেই গোচৰত কেন্দ্ৰক সমালোচনা কৰিছিল। গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে এনে বিজ্ঞাপনৰ দ্বাৰা সমগ্ৰ দেশক বিপথে পৰিচালিত কৰা হৈছে।

প্ৰসংগক্ৰমে ৰামদেৱৰ সংগঠনৰ বিৰুদ্ধে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আই এম এ) গোচৰ ৰুজু কৰিছিল। পতঞ্জলিৰ কেইবাটাও বিজ্ঞাপনত এলোপেথিক মেডিচিন আৰু চিকিৎসকক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আই এম এয়ে। ইয়াৰ উপৰিও বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ উত্থাপন হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড বিৰোধী নহ’লেও কেৱল ক’ৰ’নিল কিট বিক্ৰী কৰিয়েই ২৫০ কোটিৰো অধিক লাভ কৰিছিল। আৰু আই এম এয়ে অভিযোগ কৰিছিল যে ইয়াৰ বাবে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন অভিযান চলোৱা হৈছিল।

গোচৰৰ শুনানি গ্ৰহণ কৰি থাকোঁতে উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত লক্ষ্য কৰিছিল যে পতঞ্জলি আয়ুৰ্বেদ সংস্থাই যদি ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন বন্ধ নকৰে তেন্তে জৰিমনা ভৰিব লাগিব। সেই গোচৰত ৰামদেৱক শপতনামা দিবলৈ কোৱা হৈছিল। সেই শপতনামাত যোগগুৰুৱে কৈছিল, “বিজ্ঞাপন সন্দৰ্ভত আদালতৰ ওচৰত বিনাচৰ্তে ক্ষমা বিচাৰিছো। এই ভুলৰ বাবে আন্তৰিকতাৰে ক্ষমা বিচাৰিছোঁ। আদালতক আশ্বস্ত কৰিব বিচাৰিছোঁ যে একেটা ভুলৰ পুনৰাবৃত্তি নহ’ব। মই আৰু প্ৰতিশ্ৰুতি দিছো যে বিবৃতিটোত উল্লেখ কৰা সকলো শব্দ আখৰে আখৰে পালন কৰিম। এনে কোনো বিজ্ঞাপন ব্যৱহাৰ কৰা নহ’ব।”

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd