চিবিআইৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে কেন্দ্ৰই – এই অভিযোগ লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল পশ্চিমবংগৰ ৰাজ্য চৰকাৰ।
বুধবাৰে উচ্চতম ন্যায়ালয়ে এই অভিযোগ গ্ৰহণ কৰে। সংমণ্ডল বিচাৰপীঠে এই অভিযোগৰৰ শুনানিৰ সময়ত লক্ষ্য কৰে যে ৰাজ্য চৰকাৰৰ আবেদন গ্ৰহণযোগ্য। আদালতে এই গোচৰত কেন্দ্ৰ চৰকাৰৰ যুক্তি নাকচ কৰি এই গোচৰৰ পৰৱৰ্তী শুনানি ১৩ আগষ্টত হ’ব বুলি নিৰ্দেশ দিয়ে।
উল্লেখ্য যে ৰাজ্য চৰকাৰৰ অনুমতি নোলোৱাকৈ আৰু ৰাজ্যৰ সৈতে আলোচনা নকৰাকৈয়ে চিবিআইয়ে কেইবাটাও গোচৰৰ তদন্ত চলাই থকাৰ অভিযোগ কৰিছিল পশ্চিমবংগৰ চৰকাৰে।
এফআইআৰ দাখিল কৰিবলৈ চিবিআইয়ে ৰাজ্যৰ পৰা অনুমতি ল’ব লাগে বুলিও দাবী জনায় পশ্চিমবংগৰ চৰকাৰে। ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ সংমণ্ডল বিচাৰপীঠে কয় যে চি বি আইৰ অপব্যৱহাৰৰ অভিযোগ গ্ৰহণযোগ্য।