• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’বলৈ ওলোৱা ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ? গগৈৰ নিযুক্তিক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ আজি শুনানি

অধিবক্তা আৰ পি লুথৰা আৰু অধিবক্তা সত্যবীৰ শৰ্মাই জনাইছে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2018 7:38 am
RanjanGogoi

ফাইল ফটো : ৰঞ্জন গগৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ৰাষ্ট্ৰপতিয়ে ইতিপূৰ্বে নিযুক্তি দিয়া অসম সন্তান ৰঞ্জন গগৈৰ নিযুক্তিক প্ৰত্যাহ্বান জনোৱা এখন আৱেদনৰ আজি শুনানি হ’ব শীৰ্ষতম আদালতখনত। মাত্ৰ আৰু এসপ্তাহ দায়িত্বত থকা বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এ এম খালৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ে গঠিত এখন বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে অসম সন্তান তথা বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত ৰঞ্জন গগৈয়ে অহা ৩ অক্তোবৰত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱাটো প্ৰায় নিশ্চিত হৈয়ে আছে।

Apply Now

অহা ২ অক্তোবৰত অৱসৰ ল’ব লগীয়া বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই তেওঁৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে কেৱল ৰঞ্জন গগৈৰ নামটো চৰকাৰলৈ অনুমোদন কৰি পঠাইছিল আৰু সেইটোৰ ভিত্তিত ১০ দিনৰ ভিতৰতে ৰাষ্ট্ৰপতিয়ে গগৈক নিযুক্তি দিয়ে। এতিয়া কেৱল অহা ৩ অক্তোবৰত শপত আৰু দায়িত্ব গ্ৰহণ বাকী আছিল।

কিন্তু এই সময়তে ৰঞ্জন গগৈয়ে যোৱা ১২ জানুৱাৰিত আন ৩জন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সৈতে লগ লাগি এখন সংবাদমেল দিয়াৰ ঘটনাটোক টানি আনি দুজন অধিবক্তাই তেওঁ এই শীৰ্ষ পদটোৰ বাবে অযোগ্য বুলি দাবী কৰি তেওঁৰ নিযুক্তি বাতিল কৰিবলৈ আৱেদন জনাইছে উচ্চতম ন্যায়ালয়ত। অধিবক্তা দুজন হ’ল ক্ৰমে অধিবক্তা আৰ পি লুথৰা আৰু অধিবক্তা সত্যবীৰ শৰ্মা।

তেওঁলোকে উপৰোক্ত সংবাদমেলৰ প্ৰসংগেৰে কয় যে দেশৰ ন্যায়িক ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰা লোক এজন কেনেকৈ মুখ্য ন্যায়াধীশ হ’ব পাৰে? ”এই ন্যায়াধীশ চাৰিজনৰ কাণ্ড দেশৰ ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি কূটাঘাতৰ দৰেই।” এইদৰে কোৱা হয় আৱেদনখনত। তেওঁলোকে ৰঞ্জন গগৈৰ নিযুক্তি বাতিল কৰাৰ আৱেদন জনাইছে। লগতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ আৱেদনখনক উপযুক্ত সময়ত গুৰুত্ব নিদিয়া বুলিও অসন্তোষ প্ৰকাশ কৰিছে, যাৰ বাবে গগৈৰ নিযুক্তি নিশ্চিত হ’ল।

মন কৰিব লগীয়া যে অধিবক্তা দুজনৰ এই আৱেদন সত্ত্বেও ৰঞ্জন গগৈক নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰে। গগৈৰ নিযুক্তি নিশ্চিত হৈ আছে যদিও আজি উক্ত আৱেদনখনৰ শুনানি লোৱা হ’ব।

উল্লেখযোগ্য যে যোৱা ১২ জানুৱাৰিত ৰঞ্জন গগৈ আৰু শীৰ্ষ আদালতখনৰ আন ৩জন জ্যেষ্ঠ ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই গোচৰ আবণ্টনত পক্ষপাতমূলক ভূমিকা লোৱাৰ মুকলি অভিযোগ তুলি সংবাদমেল দিছিল। তেওঁলোকে দেশৰ ন্যায় ব্যৱস্থাটোক বচাবলৈ আহ্বান জনাইছিল। তেওঁলোকৰ এই পদক্ষেপে দেশজুৰি এক প্ৰকাৰৰ আলোড়ন তুলিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd