• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক! দলে নিবিচৰাৰ পাছতো কিয় এই প্ৰসংগকলৈ পানী ঘোলা কৰা হৈছে?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 3, 2021 3:17 pm
ChiefMinister
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্যঘোষিত বিধানসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৭৫খন আসন লাভ কৰি পুনৰ চৰকাৰ গঠনৰ বাবে আগবঢ়াৰ সময়তে বিজেপি দলত নতুন এক কৃত্ৰিম বিতৰ্কই পানী ঘোলা কৰা দেখা গৈছে।

বিগত পাঁচ বছৰ ধৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি মিত্ৰজোঁট চৰকাৰে তেওঁলোকৰ কাৰ্যকাল সম্পন্ন কৰাৰ লগতে এইবাৰ বিধানসভা নিৰ্বাচনতো চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

Apply Now

ইপিনে, বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত মুখ্য সেনাপতিৰ ভূমিকা গ্ৰহণ কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ বাবে এক প্ৰচেষ্টা চলোৱা দেখা গৈছে।

এইক্ষেত্ৰত তেওঁৰ একাংশ সাংগো পাংগোক সাৰথি কৰি মুখ্যমন্ত্ৰী পদবীৰ বাবে অভিযান অব্যাহত ৰখা দেখা গৈছে। আনকি একাংশ সংবাদমাধ্যমেও বিষয়টোক লৈ চৰ্চা আৰম্ভ কৰি দিছে। এই গোটেই পৰিক্ৰমাটোৱে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষৰটো কাৰ্যকালৰ সময়ছোৱালৈ মনত পেলাই দিয়ে।

এতিয়া প্ৰশ্নটো হৈছে বিজেপি নেতৃত্বই অসমত মুখ্যমন্ত্ৰী সলনি হোৱাটো বিচাৰিছে নেকি? যদি বিচৰা নাই তেতিয়াহ’লে একাংশই কিয় এনেদৰে দলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে?

স্বাভাৱিকতে, বিজেপি এটা অতি সুসংগঠিত দল আৰু ইয়াৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কেতিয়াও কোনো ন্যস্ত স্বাৰ্থৰ হেঁচাত পৰি লোৱা নহয়। বিজেপিত বিচাৰিলেই কিবা পোৱা নাযায়, নিবিচাৰিলেও দলে বিচাৰিলে দায়িত্ব দিয়া হয়।

বিজেপি দলৰ প্ৰতি অতি দায়বদ্ধ এক সূত্ৰই জানিবলৈ দিয়া মতে দলত মুখ্যমন্ত্ৰী পদক লৈ কোনো অসন্তুষ্টি নাই। এই মুহূৰ্তত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী তথা দলৰ একান্ত দায়বদ্ধ কৰ্মীসকলৰ বাবে আটাইতকৈ গ্ৰহণযোগ্য ব্যক্তিগৰাকী হৈছে সৰ্বানন্দ সোণোৱাল।

দলৰ এই বিশেষ সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে যে সোণোৱালে অতীততো কেতিয়াও মুখ্যমন্ত্ৰী হোৱাৰ বাবে নিজৰ বাসনাৰ কথা ব্যক্ত কৰা নাছিল। বৰঞ্চ দলেহে তেওঁক মুখ্যমন্ত্ৰী পদৰ উপযুক্ত ব্যক্তি হিচাপে আনিছিল।

সোণোৱালে কোনোদিনে ক্ষমতাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বক নিজৰ দক্ষতাৰ প্ৰমান দাঙি ধৰিবলৈ চেষ্টা কৰা নাই। দৰাচলতে বিজেপিত এনে কেইবাটাও পৰ্যবেক্ষকৰ তৰপ আছে যিয়ে নেতাসকলৰ কামকাজ তথা গতিবিধিৰ ওপৰত নজৰ ৰাখে।

শেহতীয়াভাৱে মুখ্যমন্ত্ৰী পদ অভিলাষী নেতাগৰাকীয়ে দলৰ বাহিৰে ভিতৰে এটা পৰিৱেশৰ সৃষ্টি কৰি আহিছে যে একমাত্ৰ তেওঁহে এই পদৰ বাবে যোগ্য আৰু তেওঁহে বিজেপিক অসমত প্ৰতিষ্ঠা কৰিছে।

ইয়াৰ বিপৰীতে দলৰ একনিষ্ঠ আৰু প্ৰভাৱশালী সূত্ৰই জানিবলৈ দিয়ে যে বিজেপি কোনো ব্যক্তিৰ উচ্চাকাংখা পূৰণৰ মঞ্চ নহয়। বিজেপিত প্ৰচাৰ আৰু প্ৰদৰ্শনকামী মনোভাৱেৰে নিজৰ ব্যক্তিগত অভীপ্সা পূৰণ কৰা সম্ভৱ নহয়। যিসকলে এনে কৃত্ৰিম বিতৰ্কৰ সৃষ্টি কৰি পানী ঘোলা কৰাৰ চেষ্টা চলাইছে তেওঁলোকে বৰ্তমান উপভোগ কৰি থকা মৰ্যাদাও হেৰুৱাব পাৰে।

দলৰ আভ্যন্তৰীণ এক সূত্ৰই জানিবলৈ দিয়া মতে এইবাৰৰ নিৰ্বাচনত দলীয়ভাৱে বিজেপিৰ প্ৰদৰ্শনত কিছু অসন্তুষ্টিৰ কাৰণ আছে। আনকি পূৰ্বৰ তুলনাত এইবাৰ বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ হ্ৰাস পাইছে। তদুপৰি, নিজকে প্ৰভাৱশালী তথা দক্ষ নেতা বুলি পৰিচয় দিব খোজা নেতাৰ কিছুমান অবাঞ্চিত মন্তব্যই দলত শলঠেকত পেলোৱাৰ লগতে যথেষ্ট ক্ষতিও কৰিছে।

দলৰ এই বিশ্বস্ত সূত্ৰটোৱে স্পষ্টভাৱে কয় যে বিজেপিত কাৰোবাৰ উচ্চাকাংখা পূৰণৰ বাবে সৃষ্টি কৰিব খোজা কৃত্ৰিম বিসম্বাদ তেওঁলোকৰ বাবে বুমেৰাং হৈ পৰিব পাৰে। তেওঁলোকৰ মতে, অসমৰ বৰ্তমান পৰিস্থিতি আৰু পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্ক এক ‘অলীক স্বপ্ন’ৰ নামান্তৰহে মাথোঁ।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd