• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ত হেৰাল গো-মাতাৰ ৰক্ষক? গুৱাহাটীৰ জাৱৰৰ দ’মৰ মাজত হাজাৰ হাজাৰ গৰুৰ এই দুৰৱস্থা কিয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 9, 2021 8:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একাংশৰ বিশ্বাস গো-মাতাৰ দেশ হিচাপে গণ্য কৰা হয় ভাৰতবৰ্ষক। গো-মাতা অৰ্থ্যাৎ গৰুক পুজা কৰি নিজকে স্বয়ম্ভু গো-মাতা সেৱক হিচাপে পৰিচয় দিব বিচাৰে একাংশ বিজেপি-RSS ৰ ভক্তই। তেওঁলোকৰ দাবী ‘গো-হত্যা বন্ধ হ’ব লাগে’।

কিন্তু প্ৰকৃততে এইখন অসমত কিমান সুৰক্ষিত গো-মাতা?

Apply Now

এক অ-স্বাস্থ্যকৰ অৱস্থাত আছে হাজাৰ হাজাৰ গৰু। গৰুৰ প্ৰধান খাদ্য ঘাঁহ কিন্তু আপুনি শুনিলে আচৰিত হ’ব এইবোৰ গৰুৱে ঘাঁহ নাখায়। খায় জাবৰ-জোথৰ তথা পেলনীয়া সামগ্ৰী।

এইখন অসমৰে গুৱাহাটীৰ দক্ষিণ বৰাগাওঁস্থিত ডাম্পিঙ গ্ৰাউণ্ডত দৈনিক হাজাৰ হাজাৰ গৰুৱে ইয়াত ভক্ষণ কৰে জাৱৰ-পেলনীয়া সামগ্ৰী, প্লাষ্টিক আৰু পেলনীয়া শাক-পাচলি।

আমি অঞ্চলটোৰ বিভিন্ন গৰুক পৰীক্ষামূলকভাৱে ঘাঁহ বা গছৰ পাত খাবৰ বাবে যাচি চাইছিলো। কিন্তু ঘাঁহৰ প্ৰতি আকৃষ্ট নহয় গৰুবোৰ। বহু বছৰ ধৰি এনেদৰেই চলি আহিছে এইসমূহ ঘটনা-পৰিঘটনা।

আপুনি শুনি আচৰিত হ’ব এইবোৰ চৰণীয়া বা গৰাকীবিহীন গৰু নহয়। এই গৰুবিলাকৰো আছে গৰাকী। একোজনকৈ মালিকৰ আছে ২০-৩০ টাকৈ গৰু। গৰুৰ বাবে জাৱৰৰ দ’মৰ পৰা পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰি থকা এজন মানুহে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এইদৰে কয়।

জাৱৰৰ গেলা শাক-পাচলি খাই গৰুবোৰৰ অৱস্থা তেনেই নিশকতীয়া তথা বেমাৰীৰ দৰে হৈছে।

ডাম্পিঙ গ্ৰাউণ্ডৰ কাষতে থকা গো-শালাসমূহতে নিশাটোৰ বাবে ৰখা হয় হাজাৰ হাজাৰ গৰু। পুৱা পুনৰ জাৱৰৰ দ’মটোলৈ বুলি মুকলি কৰি দিয়া হয় গৰুবোৰক।

ইপিনে, গৰাকীয়ে চিনি পাব পৰাকৈ গৰুবোৰৰ ডিঙিত আছে হালধীয়া, ৰঙা, নীলা ইত্যাদি ভিন্ন ৰঙৰ ফিটা। তাতোকৈ ডাঙৰ কথা এয়ে যে গৰুবোৰৰ কাণত আছে আৰ. টেগ।

সুত্ৰ অনুসৰি এটা তেনে গৰু বিক্ৰী কৰাৰ সময়ত বা কটাৰ সময়ত কাণখন কাটি ৰাখে আৰু গৰুটো বেমাৰত মৃত্যু হোৱা বুলি দেখুৱাই বীমাৰ ধন লাভ কৰে গৰাকীয়ে।

প্ৰশ্ন হয়, ‘এইবোৰ কাৰণতে বাহিৰৰ পৰা অসমলৈ গৰু সৰবৰাহ বন্ধ হৈছে নেকি? ইয়াতো জৰিত আছে নেকি শাসনাধীষ্ঠ দলৰ বিয়াগোম নেতাৰ হাত?

সূত্ৰ অনুসৰি, গৰুসমূহৰ পোহপালৰ ক্ষেত্ৰত বিজেপি নেতাৰো আছে বিনিয়োগ।

কম দামত ক্ৰয় কৰিব পাৰি এইসমূহ গৰু। সেয়েহে বহিৰাগত ৰাজ্যৰ পৰা বন্ধ হৈছে গৰুৰ সৰবৰাহ। কেমেৰাৰ আগত মুখ খুলিব নিবিচৰা এক সূত্ৰই আমাক জনাইছে এই কথা।

এটা কথা মন কৰিলে আপোনাৰো হয়তো ভয় লাগিব। ঈদ-উদ-জোহাৰ কোৰবানীৰ বাবে জাৱৰ ভক্ষণ কৰা গৰুও বিক্ৰী কৰে গৰাকীয়ে। এই কথা আমাৰ সাংবাদিকক জনায় ডাম্পিঙ গ্ৰাউণ্ডত গৰুৰ বাবে খাদ্য বিচাৰি অহা এজন লোকে।

এটা কথা উল্লেখ কৰিব পাৰি যে কেৱল জাৱৰ-জোথৰৰ মাজৰ পৰা পেলনীয়া খাদ্য সেৱন কৰা এইসমূহ গৰুৰ মাংস যদি এজন সুস্থ ব্যক্তিয়ে ভক্ষণ কৰে তেন্তে স্বাস্থ্যৰ বাবে ই কিমান ক্ষতিকাৰক হ’ব সেয়া আপুনি নিজেই ভাৱক।

প্ৰশ্ন হয়, কিয় এনেবোৰ কাণ্ড সংঘটিত হৈ থকাৰ পাছতো নিশ্চুপ গুৱাহাটী পৌৰ নিগম? ক’ত গ’ল গো-ৰক্ষাৰ বাবে আস্ফালন কৰা বিজেপি তথা গোড়া হিন্দুত্ব সংগঠনৰ নেতা?

আমি প্ৰতিবেদনৰ আকাৰত সমগ্ৰ বিষয়টো দেখুৱালো। এতিয়া স্বয়ম্ভু গো-সুৰক্ষাৰ দায়িত্বত থকা নেতা তথা বিজেপি চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd