• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2023 4:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৫ মে’ত গুৱাহাটীৰ খাৰঘূলিৰ জয়পুৰত নিৰ্মিয়মান পানী যোগান আঁচনিৰ বৃহদাকাৰৰ পাইপ ফুটি যি ভয়ানক জলবিস্ফোৰণ হ’ল তাৰ ফলত সুমিত্ৰা ৰাভা নামৰ মহিলা এগৰাকীৰ কৰুণ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত হোৱা আৰু ২২টা পৰিয়ালৰ সা-সম্পত্তিৰ গুৰুতৰ ক্ষতি হোৱাৰ ঘটনাই মহানগৰীত পানী-যোগান আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত ত্ৰুটি -বিচ্যুতি, শোচনীয় ব্যৰ্থতা আৰু অনিয়মৰ বিষয়বোৰ পুনৰ চৰ্চালৈ আনিছে৷ বিশেষজ্ঞসকলে ইতিমধ্যে অভিমত প্ৰকাশ কৰিছে যে প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত হোৱা চূড়ান্ত বিলম্বক ঢাকিবৰ বাবে ততাতৈয়াকৈ আৰু প্ৰয়োজনীয় সুৰক্ষামূলক ব্যৱস্থা নোলোৱাকৈ মহানগৰীৰ একাংশত যিদৰে পানী যোগান আৰম্ভ কৰিলে তাৰ ফলত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হ’ল৷ এইটো ধুৰূপ যে নিয়মীয়াভাৱে পৰীক্ষণৰ ব্যৱস্থা নকৰিলে আৰু অধিক এনেধৰণৰ দুৰ্ঘটনা ঘটাৰ আশংকা আছে৷ জানিব পৰা গৈছে যে দুৰ্ঘটনাৰ পাছতো খাৰঘুলিৰ পাহাৰৰ বিস্তীৰ্ণ অঞ্চলত এই পাইপ এতিয়াও বিপদজ্জনকভাৱে উন্মুক্ত হৈ আছে৷

১৪ বছৰেও সম্পূৰ্ণ নহ’ল প্ৰকল্পৰ কামঃ

গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পৰ কাম ২০০৯ চনৰ মাৰ্চতে আৰম্ভ হয়৷ আনহাতে গুৱাহাটী দক্ষিণ-মধ্য প্ৰকল্প ২০১১ চনৰ ফেব্ৰুৱাৰীত, উত্তৰ গুৱাহাটী প্ৰকল্প ২০১৪ চনৰ জুলাইত আৰু গুৱাহাটী দক্ষিণ-পূব  প্ৰকল্পৰ কাম ২০১৩ চনৰ আগষ্টত আৰম্ভ কৰা হয়৷ গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পৰ বাবে ৩৮৯ কোটি টকা, দক্ষিণ-মধ্য প্ৰকল্প আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ বাবে মুঠ প্ৰায়  ১৯০০ কোটি টকা আৰু দক্ষিণ-পূব গুৱাহাটী প্ৰকল্পৰ বাবে ৮৫৭ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল৷ গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পৰ বাবে ধনৰ যোগান ধৰিছিল জৱাহৰলাল  নেহৰু নেচনেল আৰবান ৰিনিউৱেল মিছন (জেএনএনইউআৰ এম)-এ৷ দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ বাবে ‘জাইকা’ (Japan International Co-operation agency)  আৰু দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ বাবে এডিবি (Asian Development Bank)-এ পুঁজিৰ যোগান ধৰিছিল৷ দক্ষিণ-পশ্চিম প্ৰকল্পৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য আছিল ২০১২ চনৰ মাৰ্চ, দক্ষিণ-মধ্য প্ৰকল্পৰ ২০১৫ চনৰ জানুৱাৰী, উত্তৰ গুৱাহাটী-প্ৰকল্পৰ ২০১৪ চনৰ জুলাই আৰু গুৱাহাটী দক্ষিণ-পূব প্ৰকল্পৰ বাবে সম্পূৰ্ণকৰণ সময় সীমা পুনৰ-নিৰ্ধাৰণ কৰি স্থিৰ কৰা হয় ২০২১ চনৰ ছেপ্টেম্বৰ৷ কিন্তু প্ৰকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ৷ তাৎপৰ্যপূৰ্ণ যে উত্তৰ গুৱাহাটীৰ সৰু প্ৰকল্পটো বাদ দিলে বৃহৎ তিনিটা প্ৰকল্পৰ দুটা প্ৰকল্পৰ কামেই এতিয়া বন্ধ হৈ আছে৷

Apply Now

২০০৯ চনৰ মাৰ্চত আৰম্ভ কৰা গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পটো ১৪ বছৰতো সম্পূৰ্ণ নহ’ল৷ কেন্দ্ৰীয় চৰকাৰৰ জে এন এন ইউআৰ এম-এ এই প্ৰকল্পৰ পুঁজিৰ যোগান ধৰিছিল৷ কিন্তু ইতিমধ্যে এই মিছন বন্ধ হৈ গৈছে৷ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত গেমন ইণ্ডিয়াক ২০২২ চনৰ আগষ্টত কাম এৰি যাবলৈ চৰকাৰে অনুমতি দিয়ে৷ সেয়ে ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা এই প্ৰকল্প নিৰ্মাণৰ কাম সম্পূৰ্ণ বন্ধ হৈ আছে৷ গুৱাহাটী দক্ষিণ-পূব প্ৰকল্পৰ কাম ২০১৩  চনৰ আগষ্টত আৰম্ভ কৰা হয়৷ পুঁজিৰ যোগান ধৰিছিল এডিবিয়ে৷ কিন্তু লক্ষ্য অনুসৰি কাম আগবঢ়োৱাত চৰকাৰে ব্যৰ্থ হোৱাৰ বাবে প্ৰথম কিস্তিৰ ধন আদায় দিয়াৰ পাছত ২০২০ চনত এডিবিয়ে প্ৰকল্পটোৰ পৰা আঁতৰি যায়৷ প্ৰকল্প ৰূপায়ণকাৰী সংস্থা আছাম আৰবান ইনফ্ৰাষ্ট্ৰকচাৰ ইনভেষ্টমে’ণ্ট প্ৰজেক্ট (AUIIP)-এ নিউ ডেভেলপমেণ্ট বেংকৰ পৰা ঋণ লবলৈ প্ৰচেষ্টা  চলাইছে যদিও এতিয়ালৈ সফল হোৱা নাই৷ সেয়েহে ২০২০  চনৰ পৰা প্ৰকল্পটোৰ কাম সম্পূৰ্ণ বন্ধ৷ ‘জাইকা’ই প্ৰয়োজনীয় পুঁজিৰ যোগান অব্যাহত ৰখা সত্বেও গুৱাহাটী দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই, অথচ সম্পূৰ্ণ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল ২০১৫  চনৰ জানুৱাৰীতে৷

এই ব্যৰ্থতাৰ বাবে প্ৰবল সমালোচনাৰ সন্মুখীন হৈ প্ৰকল্পবোৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে কিছু সংখ্যক লোকক পানী যোগান ধৰা দেখুৱাবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে খৰ-খেদা লগাইছে৷ তাৰ বাবে গুৱাহাটী দক্ষিণ-মধ্য প্ৰকল্পটোৰ অংশ এটাৰ উদ্বোধন কৰা হৈছে আৰু মাত্ৰ ১৫  শতাংশ পৰিয়ালক পানী যোগানৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু সেই যোগানো নিয়মীয়া নহয়৷ আনহাতে গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পটোত (যিটোৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে বন্ধ হৈ গৈছে) মাত্ৰ ৫ শতাংশ পৰিয়ালক ছেগা-চোৰোকাকৈ পানী যোগান ধৰা হৈছে৷ 

প্ৰকল্পবোৰৰ কাম সম্পূৰ্ণ কৰাৰ পাছত পানী যোগান ধৰা আৰু প্ৰয়োজনীয় মেৰামতি আদি (Operation and Maintenance)ৰ দায়িত্ব দিবৰ বাবে গঠন কৰা হৈছে জলবোৰ্ড (Guwahati Metropolitan Drinking Water and Sewerage Board) কিন্তু প্ৰকল্পবোৰৰ এটাও যিহেতু সম্পূৰ্ণ হোৱা নাই সেয়ে আধা খেচেৰাকৈ এটা অংশ জলবোৰ্ডক দি আন এটা অংশ প্ৰজেক্ট মেনেজমেণ্ট কনচালটেণ্ট সংস্থাৰ হাতত ৰাখিয়েই কাম চলোৱা হৈছে৷ এনেবোৰ কাৰকৰ ফলত ত্ৰুটি-বিচ্যুতি বাঢ়িছে আৰু দুৰ্ঘটনাৰ আশংকা প্ৰবল হৈ আছে৷

ভয়াৱহ দুৰ্নীতি আৰু অনিয়মঃ

প্ৰথমৰে পৰা প্ৰচণ্ড দুৰ্নীতি আৰু অনিয়ম আৰু চৰকাৰৰ শোচনীয় ব্যৰ্থতাৰ বাবেই কেতিয়াবাই সম্পূৰ্ণ হ’বলগীয়া ৩১৪৬ কোটি টকা ব্যয়ৰ পানী যোগান প্ৰকল্পবোৰৰ আধাও এতিয়ালৈকে নিৰ্মাণ হোৱা নাই৷ লুই বাৰ্জাৰ কেলেংকাৰিৰ মাজেৰে ইতিমধ্যে বৃহৎ দুৰ্নীতি আৰু অনিয়মৰ উমান পোৱা গৈছে৷ উল্লেখ্যযোগ্য যে ২০১৩  চনলৈকে গুৱাহাটী দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ প্ৰজেষ্ট মেনেজমেণ্ট কনচালটেণ্ট (PMC)ৰ দায়িত্বত থকা লুই বাৰ্জাৰে মন্ত্ৰী-আমোলাসকলক উৎকোচ দিয়াৰ কথা তেতিয়াই ৰাজহুৱা হৈছিল৷ লুই বাৰ্জাৰ কেলেংকাৰিৰ সৈতে জড়িত হোৱা গোৱাৰ দুজন মন্ত্ৰী গ্ৰেপ্তাৰ হ’ল৷ অসমৰ তৎকালীন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও এই কেলেংকাৰিত জড়িত থকাৰ স্পষ্ট অভিযোগ উঠিছিল৷ যি বিজেপিয়ে এই অভিযোগ উত্থাপন কৰিছিল সেই দলেই হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ পাছত সেই অভিযোগক লৈ গোচৰ আৰু তদন্তক আগবঢ়াব নিদিলে৷ খবৰ পোৱা মতে এই সংক্ৰান্তত ভঙাগড় থানাত ৰুজু হোৱা গোচৰত এফ আই আৰত নাম উল্লেখ থকা ব্যৱসায়ী এজন বৰ্তমান বিজেপি দলৰ বিধায়ক৷ মন কৰিবলগীয়া যে এই প্ৰকল্পবোৰৰ ৰূপায়ণৰ কাম চলি থকাৰ দীঘলীয়া সময়ছোৱাত  হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ আছিল৷ ২০১১ চনত তৰুণ গগৈ নেতৃত্বাধীন তৃতীয়খন মন্ত্ৰীসভাত, আকৌ ২০১৬  চনৰ মে’ মাহৰ পৰা ২০১৭ চনৰ নৱেম্বৰলৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী আছিল৷ সেয়ে লুই বাৰ্জাৰ  কেলেংকাৰিত যিদৰে তেওঁৰ নাম সাঙোৰ খাইছে তেনেদৰে প্ৰকল্প ৰূপায়ণত হোৱা চূড়ান্ত ব্যৰ্থতাৰ পৰাও তেওঁ দায় এৰাব নোৱাৰে৷ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ৰাজধানী চহৰ গুৱাহাটীৰ ৭০ শতাংশ মানুহে খোৱাপানীৰ যোগানৰ পৰা বঞ্চিত হৈ থকাটোৱে ৰাজ্য চৰকাৰৰ উন্নয়নৰ স্বৰূপ উদঙাই দিছে৷

চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে পানী যোগান প্ৰকল্পৰ ক্ষেত্ৰত হোৱা  দুৰ্নীতি অনিয়ম আৰু ব্যৰ্থতাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে৷ ইতিমধ্যে ৰুজু হৈ থকা চিবিআই আৰু  ভঙাগড় থানাৰ গোচৰবোৰৰ ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্ত নিশ্চিত কৰা প্ৰয়োজন৷ গুৱাহাটী মহানগৰীৰ পানীৰ তীব্ৰ সংকটলৈ লক্ষ্য ৰাখি ক্ষিপ্ৰতাৰে আৰু একেসময়তে সুৰক্ষা নিশ্চিত কৰি পানী যোগান প্ৰকল্প কেইটাৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনায়৷ এইটো লক্ষ্য কৰা হৈছে যে মহানগৰীত এতিয়া পানীৰ ভীষণ সংকটে দেখা দিছে৷ প্ৰতিদিনে হেজাৰ হেজাৰ পৰিয়ালে পানী কিনি খাবলগীয়া হৈছে৷ বহু অঞ্চলত কিনা পানী যোগাৰ কৰিবলৈয়ো দুদিন-তিনিদিন অপেক্ষা কৰিবলগীয়া হৈছে৷ এনেবোৰ ক্ষেত্ৰত বিনামূলীয়াকৈ টেংকাৰেৰে পানী যোগান  ধৰিবলৈ চিপিআই(এম)-এ চৰকাৰৰ ওচৰত দাবী জনাইছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd