NORTHEAST NOW (Assamese)

একবিংশ শতিকাটো টুলুঙা নাৱেৰে যাত্ৰা; আজিলৈকে মুকলি নহ’ল লিডুৰ আই টি আই

October 27, 2019 8:11 am · মানস প্ৰতিম গগৈ

একবিংশ শতিকাটো টুলুঙা নাৱেৰে বিপজ্জনকভাৱে যাতায়াত কৰে ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কেতেটং গাঁও পঞ্চায়তৰ কুঁহিয়াৰবাৰী, বিচাগাঁও, মধুপুৰ আদিকে ধৰি কেইবাখনো গাঁ‌ৱৰ ৰাইজে।

স্থানীয় সাংসদ তথা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ ওচৰত ভুক্তভোগী ৰাইজে টিৰাপ নৈৰ ওপৰত বৰুৱা গ্ৰান্ত ঘাটত এখন দলং নিৰ্মাণৰ দাবী দীৰ্ঘদিনে জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।

আনহাতে মাৰ্ঘেৰিটা মহকুমাৰ লিডুত ২০১১ চনতে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতো ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো ৰহস্যজনকভাৱে আজি পৰ্যন্ত মুকলি নহ’ল। ফলত বহুতো ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে কাৰিকৰী শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে৷

সেয়েহে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিয়ে লিডুস্থিত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো অতি শীঘ্ৰেই মুকলি কৰাৰ লগতে লিডু সংযোগী ১ নং কুঁহিয়াবাৰী দলংখন নিৰ্মাণৰ দাবীত লিডুৰ ৰে’লৱে ৰঙ্গমঞ্চত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

তাৰোপৰি বিধায়ক ভাস্কৰ শৰ্মাক লিডু ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ শীঘ্ৰেই মুকলি নকৰিলে জংগী আন্দোলন ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে লিডু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি সঞ্জীৱ টপ্প আৰু বৰ্তমানৰ চামোৱেল তপই।

উল্লেখযোগ্য যে কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰাক্তন উদ্যোগ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ প্ৰচেষ্টাত নিৰ্মিত আৰু অনুমোদিত শৈক্ষিক প্ৰতিষ্ঠানটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল যদিও ৰহস্যজনকভাৱে চৰকাৰখনৰ শাসন কালত মুকলি নহ’ল।

আনহাতে বিগত বৰ্ষত বতাহ-ধুমুহাই প্ৰতিষ্ঠানটোৰ শ্ৰেণী কোঠাৰ এক বৃহৎ অংশৰ টিন পাত উৰুৱাই নিয়াৰ ফলত আৰু চিলিং বোৰ কোনো দুষ্কৃতিকাৰীয়ে ভাঙি পেলোৱাৰ লগতে বিভিন্ন অংশত ক্ষতিগ্ৰস্ত কৰাৰ ফলত শৈক্ষিক প্ৰতিষ্ঠানটো প্ৰায় ধ্বংসস্তুপলৈ পৰিণত হৈছে৷

তাৰোপৰি বৰ্তমানৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই এই শৈক্ষিক প্ৰতিষ্ঠানটোৰ শিক্ষা বৰ্ষ ২০১৮ বৰ্ষৰ পৰা আৰম্ভ হ’ব বুলি বিধায়কৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে বিভিন্ন ৰাজহুৱা স্থানত ঘোষণা কৰিছিল যদিও সেয়া ঘোষণাতে থাকিল।

Related News