• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চাকৰিৰ প্ৰলোভনেৰে দিল্লীত বিক্ৰী : সৰবৰাহকাৰীৰ কবলৰ পৰা পলাই অসমলৈ আহিলে বাংলাদেশী যুৱতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 8:12 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতিৰে বাংলাদেশৰ পৰা ভাৰতলৈ আনি দিল্লীত বিক্ৰী কৰি দিয়া এগৰাকী যুৱতীয়ে কোনোমতে পলাই আহি অসমত উপস্থিত হৈছে। অসম আৰক্ষীয়ে জনোৱা মতে, সৰবৰাহকাৰীৰ কবলৰ পৰা পলাই অহা এই যুৱতীগৰাকীক উদ্ধাৰ কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।

উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ নাম ৰুমী আখতাৰ। তেওঁ বাংলাদেশৰ কুমিল্লা জিলাৰ বাসিন্দা। ৰুমীৰ অভিযোগ অনুসৰি, প্ৰায় দুমাহ সৰবৰাহকাৰী চক্ৰই তেওঁৰ লগতে মুঠ ৯ গৰাকী যুৱতীক পাহাৰীয়া সীমান্তৰে ভাৰতলৈ লৈ আহে। তেওঁলোকক ভাল চাকৰি দিয়াৰ আশ্বাস দিয়া হৈছিল যদিও ভাৰতত সোমোৱাৰ পিছত তেওঁলোকক বিভিন্ন ঠাইত বিক্ৰী কৰি দিয়া হয়।

Apply Now

ৰুমীয়ে জনোৱা মতে, ভাৰতত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকৰ বাবে ভুৱা ভাৰতীয় পৰিচয় পত্ৰ তৈয়াৰ কৰা হৈছিল। তেওঁৰ আধাৰ কাৰ্ডত নাম লিখা হৈছিল ‘ঝুমাৰ ৰায়’। ইয়াৰ পিছত তেওঁক দিল্লীলৈ লৈ গৈ বিক্ৰী কৰা হৈছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

সৰবৰাহকাৰীৰ কবলৰ পৰা প্ৰায় আঠ দিন পূৰ্বে পলাই আহিবলৈ সক্ষম হয় ৰুমী। প্ৰথমে তেওঁ গুৱাহাটীত উপস্থিত হয় আৰু তাৰ পৰা সহায় বিচাৰি কোচবিহাৰ থানালৈ যায়। কিন্তু অভিযোগ অনুসৰি, আৰক্ষীয়ে তেওঁক এখন থানাৰ পৰা আন এখন থানালৈ ঘূৰাই ফুৰাইছিল। অৱশেষত অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাত উপস্থিত হোৱাত প্ৰথমতে তাতো বিশেষ সঁহাৰি পোৱা নাছিল বুলি তেওঁ দাবী কৰে।

ৰুমীয়ে জনোৱা মতে, নিশা অকলে অসহায় হৈ পৰা অৱস্থাত স্থানীয় একাংশ লোকে তেওঁক আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়ে। পিছদিনা পুৱা অসম আৰক্ষীয়ে তেওঁক জিম্মাত লয়। বৰ্তমান তেওঁ সুৰক্ষিত অৱস্থাত আছে।

সংবাদ মাধ্যমৰ আগত ৰুমীয়ে কয়, “আমাক কামৰ নামত ভাৰতলৈ অনা হৈছিল, কিন্তু পিছত দিল্লীত বিক্ৰী কৰি দিলে। মই কোনোমতে পলাই আহিছোঁ। কিন্তু মোৰ সৈতে যোৱা আন বহুতো ছোৱালী এতিয়াও আৱদ্ধ হৈ আছে। মই কেৱল নিজৰ দেশলৈ উভতি যাব বিচাৰোঁ।”

ধুবুৰীৰ আৰক্ষী অধীক্ষক দেবাশীষ বৰাই জনোৱা মতে, প্ৰাথমিক তদন্তত নিশ্চিত হোৱা গৈছে যে যুৱতীগৰাকী বাংলাদেশী নাগৰিক। তেওঁৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰি থকা হৈছে আৰু এই সৰবৰাহ চক্ৰৰ সৈতে জড়িত ভাৰত তথা বাংলাদেশৰ দালালবোৰৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

এই ঘটনাই পুনৰবাৰ সীমান্তৰ সুৰক্ষা আৰু মানৱ সৰবৰাহৰ ভয়াবহ ছবিখন স্পষ্ট কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd