• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাঁ‌ও দলসমূহৰ বিশাল অভিৱৰ্তন,  ১৫ জুলাইত হ’ব জিলাই জিলাই আন্দোলন 

 বিজেপিক পৰাস্ত কৰা আৰু বিকল্প শাসন প্ৰতিষ্ঠাৰ সংকল্প গ্ৰহণ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2023 8:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ সৰ্বনশীয়া শাসনৰ পৰা দেশৰ লগতে ৰাজ্যখনক উদ্ধাৰ কৰা খুবেই জৰুৰী। সেয়ে সাম্প্ৰদায়িক আৰু গণতন্ত্ৰবিৰোধী বিজেপিক পৰাস্ত কৰা আৰু ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, জনমুখী শাসন প্ৰতিষ্ঠাৰ লক্ষ্যৰে আজি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পাঁ‌চটা বাঁ‌ওপন্থী দলৰ উদ্যোগত অনুষ্ঠিত হ’ল এক বিশাল অভিৱৰ্তন।

চি পি আই (এম)নেতা দেবেন ভট্টাচাৰ্য, চি পি আইৰ মুনিন মহন্ত, চিপি আই (এম-এল)  ৰুবুল শৰ্মা, আৰ চি পি আইৰ ফুলেশ্বৰ বসুমতাৰী আৰু ফৰৱাৰ্ড ব্লকৰ ডাঃ হৰেন বৰগোহাঁই দ্বাৰা গঠিত সভাপতিমণ্ডলীৰ নেতৃত্বত অভিৱৰ্তনৰ কাম আৰম্ভ হয়। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা সহস্ৰাধিক প্ৰতিনিধিয়ে অংশ লোৱা অভিৱৰ্তনৰ আৰম্ভণিতে ৰাজ্যৰ মহান সংগীত শিল্পী সুদক্ষিণা শৰ্মা আৰু চি পি আই (এম)ৰ বদৰপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰামেন্দ্ৰ দে’ৰ বিয়োগৰ লগতে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় মৌনতা পালন কৰা হয়।

Apply Now

অভিৱৰ্তনৰ মূল প্ৰস্তাৱ উত্থাপন কৰে বাঁ‌ও দলসমূহৰ হৈ চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে। প্ৰস্তাৱত ৰাজ্যখনৰ আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিস্থিতিৰ বিশদ আলোচনা কৰাৰ লগতে সামগ্ৰিকভাৱে দেশৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্প’ৰেটমুখী নীতিৰ কথা উল্লেখ কৰি কয় যে সাধাৰণ জনতাৰ ওপৰত কৰ-কাটল বৃদ্ধি কৰাৰ বিপৰীতে বিগত ১০ বছৰত আদানি-আম্বানিৰ দৰে বৃহৎ ব্যৱসায়ী গোষ্ঠীক প্ৰায় ১৩ লক্ষ ২২ হাজাৰ ৩০৯ কোটি টকাৰ বেংকৰ ঋণ ৰেহাই দিছে আৰু ৰাষ্ট্ৰীয়কৃত বেংকসমূহক বিপৰ্যয়ৰ মাজলৈ ঠেলি দিছে। ৰাজ্যখনৰ পৰিস্থিতি আলোচনা কৰি কোৱা হয় যে অসমত বিজেপি-নেতৃত্বাধীন মিত্ৰজোঁ‌ট চৰকাৰৰ বিগত সাত বছৰৰ শাসন কালত ৰাজ্যৰ জনসাধাৰণৰ দুৰ্যোগ আৰু জীৱন যন্ত্ৰণা পূৰ্বৰ তুলনাত বহুগুণে বাঢ়িছে। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যোৱা দুটা বছৰৰ কাৰ্যকালত দুখীয়া আৰু নিম্ন আয়ৰ পৰিয়ালবোৰৰ অৱস্থা পানীত হাঁ‌হ নচৰাৰ দৰে হৈছে।উন্নয়ন আৰু সাফল্যৰ জয়গান গাই শৰ্মা চৰকাৰে বিৰাট ঢাক-ঢোল বজাই আছে যদিও বাস্তৱ পৰিস্থিতিৰ সৈতে চৰকাৰী প্ৰচাৰৰ মাজত পাৰ্থক্য আকাশ-পাতাল। সম্প্ৰতি খাদ্য সামগ্ৰীকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবিৰত আৰু অভাৱনীয় মূল্যবৃদ্ধিয়ে জনজীৱন অতিষ্ঠ কৰিছে। অসাধু আৰু মধ্যভোগী ব্যৱসায়ীসকলে দেশৰ বজাৰ নিয়ন্ত্ৰণ কৰিছে যদিও তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ অসামৰিক যোগান বিভাগ নিষ্কৰ্মা আৰু উদাসীন। ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি চাউল, দাইল, আটা, নিমখ, খোৱাতেল, আলু-পিঁ‌য়াজ, কেৰাচিন, চাবোন আদি নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ সুলভ মূল্যৰ দোকানৰ জৰিয়তে বিক্ৰী কৰাৰ ব্যৱস্থা নকৰিলে সাধাৰণ ৰাইজ ক্ষুধাৰ কবলত পৰিব। কিন্তু চৰকাৰে কেৱল বিনামূলীয়া চাউল বিতৰণ কৰিয়ে দৰিদ্ৰ জনসাধাৰণক আভুৱা ভাৰিছে। ইয়াৰ লগে লগে পৌৰকৰ, স্মাৰ্ট মিটাৰৰ জৰিয়তে প্ৰি-পেইড বিদ্যুৎ মাছুল আদি অত্যধিক হাৰত বৃদ্ধি কৰি চৰকাৰে কটা ঘাঁ‌ত চেঙা তেল দিয়াৰ দৰে হৈছে। 

ৰাজ্যখনত নিৱনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে। নিবনুৱা বৃদ্ধিৰ গঢ় হাৰ সমগ্ৰ দেশতে ৭.৪৫ শতাংশৰ বিপৰীতে অসমত এই হাৰ ৮.৫ শতাংশ। ৰাজ্যখনৰ ধান ক্ৰয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে। খাদ্য শস্য উৎপাদনত ৰাজ্যখনে ১৬ লাখ ৩৯ হাজাৰ ৫১১ মেট্ৰিক টন হ্ৰাস পাইছে। ভূমিহীন কৃষকক মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত এই চৰকাৰৰ কোনো আগ্ৰহ নাই। বসুন্ধৰা আঁ‌চনি সম্পূৰ্ণ প্ৰসহনত পৰিণত হৈছে।

ৰাজ্যখনৰ নিৰ্মম উচ্ছেদ অভিযানক তীব্ৰ বিৰোধিতা কৰাৰ লগতে প্ৰলয়ংকাৰী বান, ৰাজ্যৰ সম্পদৰ যথোচিত সদব্যৱহাৰ, শ্ৰমিকৰ কামৰ সময় ১২ ঘন্টালৈ বৃদ্ধি কৰাৰ নীতিহীন চেষ্টাৰ বিষয়ে প্ৰস্তাৱত আলোচনা কৰা হয়।

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৬৬১ টকা কৰা, অংগনাৱাড়ী কৰ্মী-সহায়িকা, ৰন্ধ কৰ্মী, আশা আদি আঁ‌চনিভূক্ত কৰ্মচাৰীসকলৰ ন্যূনতম প্ৰাপ্যৰ পৰাও বঞ্চিত কৰাৰ বিষয়েও অভিৱৰ্তনত আলোচনা কৰা হয়। শিক্ষা ব্যৱস্থাক ধ্বংস কৰা, নাৰীৰ নিৰাপত্তা দিয়া, ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ ব্যৱস্থা কৰা, বিজেপিৰ মেৰুবিভাজন ৰাজনীতি আৰু বিজেপি-আৰ এছ এছৰ সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ বিষয়ে প্ৰস্তাৱত বিশদ আলোচনা কৰা হয়। একেদৰে আৰক্ষীৰ উপপৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু আৰু ৰাজ্যখনৰ ক্ৰমবৰ্ধমান হিংসা, হত্যাৰ ঘটনা আৰু আইন-শৃংখলাৰ চৰম অধপতনৰ বিষয়ে আলোচনা কৰা হয়।

প্ৰস্তাৱৰ ওপৰত চি পি আই (এম)ৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন বিধায়ক হেমেন দাস, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ইচফাকুৰ ৰহমান আৰু সংগীতা দাসে আলোচনা আগবঢ়ায়। চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, শৈলেন দাস, মনি বুঢ়াগোহাঁই আৰু পৰমানন্দ দাস, চি পি আই (এম-এল)ৰ বিবেক দাস, বলিন্দ্ৰ শইকীয়া,নৰোত্তম চুণ্ডী আৰু সুভাষ সেন, ফৰৱাৰ্ড ব্লকৰ মিহিৰ নন্দী আৰু শ্বফিকুল ৰহমান, আৰ চি পি আইৰ ফুলেশ্বৰ বসুমতাৰীয়ে আলোচনা আগবঢ়ায়।

 অভিৱৰ্তনে গুৱাহাটী উচ্চ ন্যায়ালয়সহ গুৱাহাটীৰ সকলো আদালত উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ বিৰোধিতাৰে প্ৰস্তাৱ গ্ৰহণ কৰে। আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি অহা ১৫ জুলাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলাই জিলাই যৌথ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। আলোচনাৰ অন্তত সাম্প্ৰদায়িক আৰু গণতন্ত্ৰ বিৰোধী বিজেপিক জনবিচ্ছিন্ন আৰু পৰাস্ত কৰা আৰু ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু জনমুখী শাসন প্ৰতিষ্ঠা কৰা, খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰা, ভূমিহীনক পাট্টা দিয়া, বিকল্প সংস্থাপন অবিহনে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা, কৃষকক উৎপাদিত ফচলৰ ন্যূনতম সহায়ল মূল্য দিয়া, নিবনুৱা সমস্যা সমাধান কৰা, বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি সমাধানৰ ব্যৱস্থা কৰা।, শ্ৰমিকৰ অধিকাৰসমূহ নিশ্চিত কৰা, নাৰীৰ বিৰুদ্ধে হিংসা বন্ধ কৰা, ২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত বাতিল কৰা আৰু প্ৰতিবাদ আৰু সমৱেত হোৱাৰ গণতান্ত্ৰিক অধিকাৰ নিশ্চিত কৰাৰ দাবীত যৌথ সংগ্ৰাম গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd