• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সীমা অতিক্ৰম কৰিলে পৰিণাম ভয়াবহ হ’ব, পাকিস্তানক সকীয়নি ভাৰতীয় সেনাৰ

by
May 21, 2026 11:04 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰ ২২ এপ্ৰিলত পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহেলগামত এক ভয়ংকৰ আক্ৰমণ চলাইছিল। এই আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতেই ভাৰতীয় সেনাই অপাৰেচন সেন্দূৰ চলাই পাকিস্তানক উচিত শিক্ষা দিছিল। মঙলবাৰে ভাৰতীয় সেনাই এক্স হেণ্ডেলত এটা পোষ্ট কৰি চুবুৰীয়া দেশখনক পুনৰ এবাৰ সেই কথা মনত পেলাই দিয়ে। সেনাই কয় যে কিছুমান সীমা কেতিয়াও অতিক্ৰম কৰিব নালাগে, নহ‘লে ইয়াৰ পৰিণাম বৰ ভয়ানক হয়। পেহেলগাম আক্ৰমণৰ এবছৰ সম্পূৰ্ণ হোৱাৰ দিনাই ভাৰতীয় সেনাই পাকিস্তানক এইদৰে কঠোৰ সকীয়নি দিছে।

ভাৰতীয় সেনাই এক্স হেণ্ডেলত এখন বিশেষ কাৰ্ড পোষ্ট কৰিছে। এই কাৰ্ডখনত অপাৰেচন সেন্দূৰৰ ছবি আৰু ভাৰতৰ মানচিত্ৰ আছে। কাৰ্ডখনত ক‘লা ৰঙৰ ওপৰত সেন্দূৰীয়া ৰঙৰ ব্যৱহাৰ কৰা হৈছে। তাত লিখা আছে যে কিছুমান সীমা অতিক্ৰম কৰিব নালাগে আৰু ভাৰতে কেতিয়াও এই কথা পাহৰি নাযায়। পোষ্টটোৰ কেপচনত লিখা হৈছে যে যেতিয়া মানৱতাৰ সীমা অতিক্ৰম কৰা হয়, তেতিয়া তাৰ পৰিণাম অতি ভয়ংকৰ হয়। ন্যায় সদায় পোৱা যায় আৰু সমগ্ৰ ভাৰত সদায় একত্ৰিত হৈ থাকে।

Apply Now

পেহেলগাম আক্ৰমণৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে সেই অঞ্চলত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হৈছে। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। পৰ্যটকসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি পেহেলগামত এতিয়া কিউ আৰ কোডৰ জৰিয়তে পৰিচয় নিশ্চিত কৰা ব্যৱস্থা আৰম্ভ কৰা হৈছে। এতিয়াৰে পৰা পৰ্যটকসকলে গাইড বা ঘোঁৰাচালকৰ ওপৰত চকু মুদি ভৰসা কৰিব নালাগে। তেওঁলোকৰ মোবাইলত থকা কিউ আৰ কোড স্কেন কৰিলেই সেই ব্যক্তিজনৰ সকলো তথ্য জানিব পৰা যাব। সন্ত্ৰাসবাদী আক্ৰমণৰ ভয় দূৰ কৰিবলৈকে প্ৰশাসনে এই নতুন ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে ২০২৫ চনৰ ২২ এপ্ৰিলত পেহেলগামৰ বৈচৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে চলোৱা সেই আক্ৰমণত ২৫ জন পৰ্যটক আৰু এজন স্থানীয় ঘোঁৰাচালকৰ মৃত্যু হৈছিল। ইয়াৰ প্ৰতিশোধ ল‘বলৈ ভাৰতীয় সেনাই অপাৰেচন সেন্দূৰ চলাইছিল। সেনাই পাকিস্তানৰ মাটিত সোমাই সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল। ইয়াৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সৃষ্টি হৈছিল আৰু ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানৰ সামৰিক বাহিনীৰ বিস্তৰ ক্ষতিসাধন হৈছিল।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd