সলনি হোৱা সময়ৰ সৈতে নিজক খাপ খুৱাই লোৱাটো সহজ নহয়। যিদৰে প্ৰদূষণ বাঢ়িছে আৰু তাৰ লগে লগে বেমাৰ-আজাৰৰ প্ৰকোপ বৃদ্ধি পাইছে, তেনে ক্ষেত্ৰত যিকোনো সময়তে শৰীৰত ৰোগে আক্ৰমণ কৰিব পাৰে। সেইবাবে আগতীয়াকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰখা প্রয়োজন। শৰীৰক সম্ভাৱ্য ভাইৰাছ বা বেক্টেৰিয়াজনিত বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিবলৈ সঠিক প্ৰতিষেধক লোৱাটো জৰুৰী। এতিয়া আপোনাৰ মনলৈ ভাব আহিব পাৰে যে সৰুতে তো নিয়মমতে টিকাকৰণ কৰা হৈছেই। কিন্তু বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হু-ৰ মতে, প্ৰতিষেধকৰ প্ৰভাৱ এটা নিৰ্দিষ্ট সময়লৈহে থাকে। বৰ্তমান যিধৰণে সংক্ৰামক ৰোগ বৃদ্ধি পাবলৈ ধৰিছে, তাত কেৱল শিশুসকলৰে নহয়, প্রাপ্তবয়স্কসকলৰ বাবেও টিকা লৈ থকাটো প্ৰয়োজনীয় হৈ পৰিছে। বয়স ১৮ বছৰ অতিক্ৰম কৰাৰ পিছত পুনৰ কিছুমান টিকা লৈ থকা দৰকাৰ, যাৰ ভিতৰত ৫টা অতি প্ৰয়োজনীয়।
টিটেনাছ, ডিপথেৰিয়া আৰু পাৰ্টুছিছ বা হুপিং কাহৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্রতি ১০ বছৰৰ অন্তৰে অন্তৰে টিড্যাপ টিকা আৰু ইয়াৰ বুষ্টাৰ ড’জ লৈ থকাটো জৰুৰী। হিউমেন পেপিলোমা ভাইৰাছ বা এইচপিভিৰ টিকাই কেৱল জৰায়ুমুখৰ কেন্সাৰেই নহয়, আন কিছুমান কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰে। ১৮ বছৰ বয়সৰ পৰা ২৬ বছৰ বয়সলৈকে মহিলা আৰু পুৰুষ উভয়েই এই টিকা লৈ থকা উচিত। লিভাৰৰ কেন্সাৰ আৰু লিভাৰ চিৰোছিছ প্ৰতিৰোধৰ বাবে হেপাটাইটিছ বি-ৰ টিকা লোৱাটো অত্যন্ত দৰকাৰী। সৰুতে এই টিকা ল’লেও ১৮ বছৰৰ পিছত পুনৰবাৰ ড’জ লোৱাৰ প্ৰয়োজন আছে। হেপাটাইটিছ বি টিকাৰ তিনিটা ড’জ এমাহৰ অন্তৰে অন্তৰে ল’ব লাগে। যদি আগতে ড’জ লোৱা আছে, তেন্তে বুষ্টাৰ ড’জ ল’ব লাগিব। নিউমোনিয়া আৰু মেনিঞ্জাইটিছৰ পৰা বাচিবলৈ ৬৫ বছৰ বয়সৰ পিছত নিউমোকক্কাল টিকা লোৱাটো আৱশ্যক। অৱশ্যে হাওঁফাওঁৰ সমস্যা, এজমা, চিঅপিডি বা ডায়েবেটিছ থাকিলে ১৮ বছৰৰ পিছতেই চিকিৎসকৰ পৰামৰ্শ মতে এই টিকা ল’ব লাগে। ইয়াৰোপৰি টাইফয়েডৰ প্ৰকোপ দিনক দিনে বাঢ়িছে আৰু বিশেষকৈ কম বয়সীয়া লোকসকল বেছিকৈ আক্ৰান্ত হৈছে। গতিকে ১৮ বছৰৰ পিছত টাইফয়েডৰ প্ৰতিষেধক লৈ থকাটো অতি জৰুৰী, বিশেষকৈ যিসকলে সঘনাই ভ্ৰমণ কৰিব লগা হয়, তেওঁলোকৰ বাবে এই টিকা লোৱাটো অপৰিহাৰ্য।





