• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনত চৰকাৰৰ কিছু কৰণীয়

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
March 30, 2020 5:17 pm
1police-personnel-make-curfew-violaters-hold-their-1002640

প্ৰতিনিধিত্বমূলক ছবি

3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষৰ দৰে দেশ এখনৰ সাধাৰণ প্ৰজাই  ‘লকডাউনৰ নিচিনা এক স্থিতিৰ লগত বৰ বেছি পৰিচিত নহয়। বিগত শতিকাৰ ২৯৮৬ চনৰ ২৬ এপ্ৰিলত চেৰনোবিয়েল পাৰমাণৱিক শক্তি কেন্দ্ৰ [Chernobyl Nuclear Power Plant]ত সংঘটিত পাৰমাণৱিক দুৰ্ঘটনাৰ পাছত ইউক্ৰেইনৰ এই এলেকাটোত ছোভিয়েট চৰকাৰে যি লকডাউন আৰোপ কৰিছিল, সেয়াই সম্ভৱতঃ বিগত সময়ৰ সৰ্ববৃহৎ লকডাউন আছিল। এই ঘটনাৰ পাছত দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ৩০ কিলোমিটাৰ ব্যাসাৰ্দ্ধ পৰ্যন্ত এলেকাৰ নব্বৈ হাজাৰজন লোকক প্ৰিপিয়েট মহানগৰ আৰু অন্যান্য ৭০ টা আবাসিক এলেকাৰপৰা খালি কৰোৱা হৈছিল। এই দুৰ্ঘটনাৰ ফলত যি তেজষ্ক্ৰিয় পদাৰ্থ চৌদিশে বিয়পি পৰিছিল তাৰ ফলত ইউক্ৰেইনৰ ৭৭ খন প্ৰশাসনিক জিলা, ১৫০০ খন গাঁও, আবাসিক এলেকা, চহৰ আদি বৰ বেছিকৈ দূষিত হৈ পৰিছিল। সেয়েহে দুৰ্ঘটনাৰ পাছতো ছোভিয়েট সামৰিক বাহিনীয়ে চেৰনোবিয়েল পাৰমাণৱিক শক্তি কেন্দ্ৰৰ পৰা ৩০ কি. মি. ব্যাসাৰ্দ্ধৰ এলেকাত লকডাউন ঘোষণা কৰে। পৰৱৰ্তী সময়ত এই এলেকাৰ বৃদ্ধি ঘটাই ইউক্ৰেইনৰ এক বৃহৎ এলেকাক সামৰি লোৱা হৈছিল। আজি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনি দশক পাছতো ৰাছিয়া আৰু ইউক্ৰেইনৰ কৰ্তৃপক্ষই উক্ত ‘The Exclusion Zone’ টোত সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰাখিছে, যি এলেকাত এসময়ত প্ৰায় পঞ্চাশ হাজাৰ লোকে বাস কৰিছিল।

গতিকে দেখা যায় যে দীৰ্ঘবিৰতিৰ মূৰত হ’লেও ইউৰোপ আৰু আমেৰিকাৰ সাধাৰণ জনগণ ‘লকডাউন’ আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা পৰিৱেশৰ সৈতে পৰিচিত। পাৰমাণৱিক দুৰ্ঘটনা, সামৰিক আক্ৰমণ, সন্ত্ৰাসবাদী কাৰ্যকলাপ আদিৰ পৰিপ্ৰেক্ষিতত বিগত সময়ছোৱাত আমেৰিকা, ইউৰোপ, আৰৱ আৰু প্ৰাচ্যৰো কিছু দেশে এনেধৰণৰ অভাৱনীয় পৰিৱেশৰ লগত মুখামুখি হ’বলগা হৈছে, যি অভিজ্ঞতা ভাৰতবাসীয়ে স্বৰাজোত্তৰ কালছোৱাত লাভ কৰা নাই বুলি ক’ব পাৰি। সেয়েহে পূৰ্ণৰূপৰ লকডাউনৰ সমান্তৰালভাৱে ভাৰতৰ সাধাৰণ প্ৰজাগণ, প্ৰশাসনৰ লগত জড়িত কৰ্মচাৰী, সাধাৰণ আৰক্ষী, সামৰিক-অৰ্দ্ধসামৰিক বাহিনীৰ জোৱানসকলক এই লকডাউন সম্পৰ্কত তাৎক্ষণিকভাৱে সজাগ কৰাটো অতিকৈ প্ৰয়োজন আছিল। বিশেষকৈ লকডাউন কাৰ্যকৰী কৰাত নেৰানেপেৰাকৈ লাগি থকা কৰ্তব্যৰত চৰকাৰী আৰু প্ৰশাসনৰ লোকসকলে এই ‘লকডাউন’এ কিবোৰ সেৱা আৰু সামগ্ৰীক ৰেহাই দিছে সেই বিষয়ে ভালদৰে অৱগত হোৱাতো উচিত আছিল। তেতিয়া অন্ততঃ লকডাউনৰ সময়ত লকডাউন অমান্য কৰাৰ নামত শাৰিৰীক নিৰ্যাতন, দুৰ্ব্যৱহাৰ কৰা আদিৰ নিচিনা দুৰ্ভাগ্যজনক কেতবোৰ ঘটনা সংঘটিত হ’ব নাপালেহেঁতেন।

যোৱা ২৬ মাৰ্চ তাৰিখে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে দেশখনৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু প্ৰশাসকসকলক অত্যৱশ্যকীয় সমাগ্ৰীৰ যোগান সন্দৰ্ভত মানক সঞ্চালন প্ৰক্ৰিয়া [Standard Operating Procedure বা চমুকৈ এছ পি অ’) অৱগত কৰায় [No. 40-3/2020-DM-1(A)]।এই নিৰ্দেশত অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ ক্ষেত্ৰত নিন্মোক্ত লোকসকলৰ কামকাজ আৰু সেৱাসমূহ অৱ্যাহত ৰখাৰ নিৰ্দেশ দিয়া হৈছিল—

১। অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰোতা য’ত সন্নিবিষ্ট থাকিব ঘৰত যোগান ধৰিব বিচৰা ৰেষ্টুৰেণ্টৰ খাদ্য।

২। ওৱেৰহাউছ  আৰু  গুদামত এনে অত্যাৱশ্যকীয় সামগ্ৰী জমা ৰখাৰ সুবিধা।

৩। অত্যাৱশ্যকীয় সামগ্ৰী উৎপন্ন হোৱা স্থানৰ পৰা পাইকাৰী আৰু খুচুৰা বিক্ৰেতাৰ দোকানলৈ সামগ্ৰী কঢ়িয়াবলৈ পৰিবহনকাৰী/ড্ৰাইভাৰ/সামগ্ৰী গাড়ীত উঠোৱা আৰু নমোৱা লোক আদি। এনে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা পৰিবহনে মহানগৰীৰ আভ্যন্তৰীণ ভাগত, একে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহানগৰীৰ মাজত, আৰু আন্তঃৰাজ্যিক পৰিবহনক সামৰি ল’ব। ঔষধ, ফামাচিউটিকেল, বিভিন্ন ঔষধীয় সামগ্ৰী, সিসমূহৰ কেঁচা সামগ্ৰী আৰু মধ্যৱৰ্তী সমল আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উৎপাদন গোটসমূহক লকডাউনত ৰেহাই দিয়া হ’ব।

অসংগঠিত খণ্ডৰ যিসকল লোক অত্যাৱশ্যকীয় সামগ্ৰীৰ লগত জড়িত সেই সকলোৱেও স্থানীয় কৰ্তৃপক্ষৰ অনুমোদনযঅনুমতি সাপেক্ষে নিজৰ কাম কৰিব পাৰিব বুলি এই এছ অ’পিত কোৱা হৈছিল (In case of unorganised sector, persons engaged in supply of essential goods may be allowed based on approval/authorisation issued by local authority)। সীমিত সংখ্যক লোকক এনে কামত মকৰল হোৱাৰ সুবিধা দিয়াৰ আৰু এনে লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে  স্বাস্থ্য-সুৰক্ষাৰ সা-সৰঞ্জাম দিয়াৰ কথাও গৃহ মন্ত্ৰ্যালয়ৰ এই নিৰ্দেশনাত দিয়া হৈছিল।

আনহাতে ২৪ মাৰ্চত গৃহ 40-3/2020 D শীৰ্ষক নিৰ্দেশৰ যিখন অনুবন্ধ [Annexure to Ministry of Home Affairs order No-40-3/2020-D dated 24-03-2020] প্ৰকাশ পাইছিল তাৰ ৪(ক)ত ব্যৱসায়িক আৰু ব্যক্তিগত কোনবোৰ খণ্ডক লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে তাক উল্লেখ কৰা হৈছিল। লকডাউনৰ পৰা ৰেহাই পোৱা এনে কিছু প্ৰতিষ্ঠান  আছিল— খাদ্য, গেলামাল, ফলমূল আৰু শাক-পাচলিৰ দোকান, গাখীৰ আৰু গাখীৰজাত সামগ্ৰীৰ কেন্দ্ৰ, মাছ আৰু মাংসৰ দোকান, জীৱ-জন্তুৰ খাদ্যৰ দোকান। ৰেচনৰ দোকান (পি ডি চিৰ অধীনতগ্) সমূহকো লকডাউনৰ আওতাৰপৰা বাদ দিয়া হৈছিল। এই অনুবন্ধৰ ৬ নং দফাত উল্লেখ আছে যে সকলোধৰণৰ ৰে’ল, পথ আৰু বিমান পৰিবহন এই লকডাউনৰ সময়ছোৱাত বন্ধ হৈ পৰিব। কেৱল  (ক) অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা সকলো পৰিবহন  (খ) অগ্নি, আইন আৰু শৃংখলাজনিত আৰু জৰুৰীকালীন পৰিবহন এই লকডাউনৰ সময়ত খোলা থাকিব পাৰিব। আনহাতে ১৫ নং দফাত স্পষ্টকৈ উল্লেখ আছে যে এনে কাঢ়া বাধা-নিষেধ মূলত মানুহৰ আহ-যাহৰ লগতহে জড়িত, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগত নহয় [All enforcing authorities to note that these strict restrictions foundamentally relate movement of people, but not to that of essential goods]।

আমি লক্ষ্য কৰিছো যে লকডাউনৰ সময়ত মানুহৰ গতিবিধি নিয়ন্ত্ৰণৰ ফলত পৰোক্ষভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানতো কিছু ঋণাত্মক প্ৰভাৱ পৰিছে। সেয়েহে সমাগত সময়ত এনে সামগ্ৰী যাতে অসমৰ সকলো অঞ্চলত উভৈনদী আৰু সুলভ হৈ পৰে তাৰ বাবে অসম চৰকাৰে নিন্মোক্ত পদক্ষেপসমূহ ল’ব লাগে—

(১) এই সময়ছোৱাত অসমৰ প্ৰায়বোৰ অঞ্চলত খেতিয়কে ৰবিশস্যৰ উৎপাদনবোৰ বজাৰত উলিয়াই দিয়ে বাবে শাক-পাচলিৰ দাম চ’ত-ব’হাগ মাহত সৰ্বনিম্ন হয়গৈ। যদিহে বজাৰৰ অভাৱত খেতিয়কে উৎপাদিত ৰবি শস্য বিক্ৰী কৰিব নোৱাৰে তেন্তে তেওঁলোকৰ দুৰ্যোগ সমাগত সময়ত অধিক বৃদ্ধি পাব। একেদৰে উৎপাদিত ফচল নগৰাঞ্চল পাবলৈ নোৱাৰিলে খেতিয়কে ন্যায্য দাম নাপাব আৰু ফচল উৎপাদিত স্থানতে পচি যাব। সেয়েহে চৰকাৰে এনে সামগ্ৰীসমূহৰ ক্ৰয়-বিক্ৰয় যাতে অব্যাহত থাকে তালৈ গুৰুত্ব দিব লাগে আৰু এনে সামগ্ৰীৰ বজাৰত ‘সামাজিক দূৰত্ব [Social Distancing] নিশ্চিতভাৱে আৰোপ কৰিব লাগে। এনে অত্যৱশ্যকীয় শাক-পাচলি চৰকাৰে নিজাকৈ খেতিয়কৰপৰা কিনি অনাৰো দিহা কৰিব পাৰে। প্ৰত্যেক জিলা প্ৰশাসনৰ উদ্যোগত ব্লক, অথবা কেইখনমান গাঁও সামৰি থকা বজাৰতো এনে কিনা-বেচা কৰাৰ ব্যৱস্থা কৰিব পৰা যায়। এই কাৰ্যৰ বাবে লকডাউনৰ সময়ছোৱাত চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ লগতে স্বেচ্ছাসেৱকো নিয়োগ কৰিব পাৰে। কেৱল এই কাৰ্যত নিয়োজিত প্ৰতিজন লোকৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত হ’ব লাগে।

(২) অত্যাৱশ্যকীয় শাক-পাচলিৰ লগতে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় মাছ-মাংসৰ ক্ৰয়-বিক্ৰয়কো উল্লিখিত গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশত ৰেহাই দিয়া হৈছে। আমি মনত ৰখা দৰকাৰ যে অসমৰ এক বৃহৎ সংখ্যক শিক্ষিত নিবনুৱা হাঁহ-কুকুৰা পালনৰ লগত জড়িত। একেদৰে লক্ষ লক্ষ পৰিয়ালৰ মাছৰ ব্যৱসায়ৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। লকডাউনৰ সময়ছোৱাত এনে মাছ-মাংসৰ বজাৰখন যাতে চৰকাৰৰ নিয়ন্ত্ৰণত নিয়মীয়াভাৱে চলি থাকে তাক অসম চৰকাৰে নিশ্চিত কৰিব লাগে।

(৩) অসম চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য লকডাউনৰ সময়ত নাবাঢ়িব বুলি প্ৰতিশ্ৰুতি দিছিল। দুৰ্ভাগ্যৰ কথা যে আজিৰ দিন পৰ্যন্ত চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই। চৰকাৰে হয় তেনে সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণলৈ আনক অথবা উৎসতে দাম বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লওক।

শেহত, আমাৰ কিছুসংখ্যক নাগৰিক, প্ৰচাৰ মাধ্যমৰ লোকে ঘৰৰ ভিতৰতে সকলো সোমাই থকা কাৰ্যক যিমান গুৰুত্ব সহকাৰে লৈছো, সেই একেই গুৰুত্ব অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়মীয়া যোগানতো সমভাৱে দিব লাগে। লকডাউনৰ নামত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান যাতে ব্যাহত হৈ নপৰে তাৰ প্ৰতি প্ৰতিজন নাগৰিক সতৰ্ক হোৱা উচিত।

(লেখকৰe-mail : [email protected])

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd