NORTHEAST NOW (Assamese)

বিশ্বাসঘাতক বিজেপি দলক ৰাইজে এইবাৰ প্ৰত্যাখ্যান কৰিব : ৰিপুণ বৰা 

December 13, 2020 8:36 pm · চানু গগৈ
Updated: December 13, 2020 8:37 pm
ফটো : নৰ্থ-ইষ্ট নাও

বিজেপি দলক এইবাৰ তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনত ৰাইজে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিব’, এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপিক চোকা সমালোচনা কৰা ৰিপুণ বৰাই লগতে এ আই য়ু ডি এফৰ লগত মিত্ৰতা কেৱল বি টি আৰ নিৰ্বাচনৰ বাবেহে হৈছিল বুলিও মন্তব্য কৰে।

আজি তিৱা স্বায়ত্ত পৰিষদৰ ১১ নং জোনবিল সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী  দীপালী বড়োৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত  উপস্থিত থাকি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

উল্লেখ্য যে অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা ৩৬ টা সংসদীয় সমষ্টিৰ তিৱা নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীক জিকাবলৈ ৰথি মহাৰথিৰে নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে।

Related News