NORTHEAST NOW (Assamese)

মিয়ামীত সমকামী মহোৎসৱ; অংশগ্ৰহণকাৰী বহু সমকামীৰ দেহত পোৱা গৈছে ক’ৰ’না ভাইৰাছ

March 21, 2020 4:36 pm · এন ই নাও নিউজ
Updated: March 22, 2020 11:11 am
মহোৎসৱৰ ছবি, সৌজন্য- ইন্টাৰনেট

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছে সংক্ৰমণ ঘটি মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে  অলপতে মিয়ামীত অনুষ্ঠিত হৈ যায় গ্ৰীষ্মকালীন সমকামী মহোৎসৱ।

উক্ত সমকামী মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ সমকামীয়ে অংশগ্ৰহণ কৰে।

বিশ্বৰ আটাইবোৰ ৰাষ্ট্ৰ ক’ৰ’না ভাইৰাছকলৈ শংকিত হৈ থকাৰ সময়তে আয়োজিত উক্ত গ্ৰীষ্মকালীন সমকামী মহোৎসৱে বিশ্ববাসীৰ চকু কপালত উঠাইছে।

হাজাৰ হাজাৰ সমকামীয়ে অংশগ্ৰহণ কৰা উক্ত মহোৎসৱত ক’ৰ’না ভাইৰাইছে আৰু অধিক সম্প্ৰসাৰিত হ’ব বুলি বিশ্বৰ সচেতন মহলে ধাৰণা কৰাৰ সময়তে মহোৎসৱত অংশগ্ৰহণকাৰী বহু সমকামীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এই সন্দৰ্ভত লেছবিয়ান গে’ বাইছেক্সুৱেল ট্ৰেন্সজেণ্ডাৰ কুয়াৰ (LGBTQ) এক্সিউটিভ ডাইৰেক্টৰ ৰে’ কাৰীয়ে কয় যে, আমি জানো এই মহোৎসৱলৈ বিভিন্ন ঠাইৰ পৰা অহা লোকসকলৰ দ্বাৰা এই ভাইৰাছ বিধ সম্প্ৰসাৰণ ঘটিব, কিন্তু যিমান পাৰি সিমানে আমি জনসাধাৰণক এই ক্ষেত্ৰত সজাগো কৰি দিছো।’

মহোৎসৱখনিৰ আয়োজক কাৰীয়ে এইদৰে ক’লেও বিশ্বৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related News