• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শেষ নেকি কৰ’নাৰ ভয়াৱহতা? ৰাজীৱ ভৱনত সহস্ৰাধিক লোকৰ উপস্থিতিত যোগদান কাৰ্য্যসূচী

যোগদানৰ উল্লাসত কংগ্ৰেছ নেতৃত্বই পাহৰিলে নেকি ক’ভিড প্ৰটক’ল?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 20, 2020 3:54 pm
Congress Final

কোভিড প্ৰট'কল পাহৰি ৰাজীৱ ভৱনত বৃহস্পতিবাৰে কংগ্ৰেছৰ কাৰ্যসূচী। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতৃত্বৰ মতে শেষ হ’ল নেকি ক’ৰ’নাৰ ভয়াবহতা? বৰ্তমান গুৱাহাটীত চলি আছে আনলক-৩ প্ৰক্ৰিয়া। তথাপি কামৰূপ মহানগৰ জিলাত দৈনিক গড় হিচাপত প্ৰায় ৪০০ লোক ক’ৰ’নাত আক্ৰান্ত হৈ আছে।

এই আনলক প্ৰক্ৰিয়াৰ নিয়ম অনুসৰি ৫০ জনতকৈ অধিক লোকৰ উপস্থিতিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল জিলা প্ৰশাসনে।

Apply Now

কিন্তু সেই নিৰ্দেশনাৰ প্ৰতি চৰম ভেঙুচালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ।

কোনোধৰণৰ কোভিড প্ৰট’কল নামানি প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ এবিচিস্থিত ৰাজীৱ ভৱনত সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কৰিলে ‘বৃহৎ যোগদান কাৰ্য্যসূচী।‘

ৰাজীৱ গান্ধীৰ ৭৬ সংখ্যক জন্মজয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছিল বৃহৎ যোগদান কাৰ্য্যসূচী। কিন্তু অনুষ্ঠানত অংশগ্ৰহণ কৰা কোনো এগৰাকী নেতা-কৰ্মীয়ে মানি নচলিলে সামাজিক দূৰত্ব।

বহুসংখ্যক কৰ্মীয়ে মুখত মাস্ক পৰিধান নকৰাৰ বিপৰীতে কোনো কোনো কৰ্মীয়ে নাক মুখৰ পৰিৱৰ্তে ডিঙি ঢাকিহে মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা গ’ল।

ইমানখিনি লোকৰ উপস্থিতিৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দাবী কৰা মতে ক’ৰ’নাৰ ভয়াবহতা নথকাহেঁতেন আৰু হাজাৰ হাজাৰ লোকৰ সমাবেশ ঘটিলহেঁতেন ৰাজীৱ ভৱনত।

ইপিনে, আজি প্ৰদেশ কংগ্ৰেছত যোগদান কৰে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দ্বীপেন পাঠকে। দ্বীপেন পাঠকৰ লগতে প্ৰায় ৩০০ তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে যোগদান কৰা বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

Congress2
কৰ’নাৰ ভয়াবহতাৰ মাজতে ৰাজীৱ ভৱনত কংগ্ৰেছীৰ ভিৰ। ফটো: নৰ্থইষ্ট নাও

আনহাতে, যোগদান কৰি দ্বীপেন পাঠকে নিজৰ ভাষণত কয়, ‘ভাৰতবৰ্ষত যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ ক্ষেত্ৰত মোৰ কাৰণে কংগ্ৰেছ দলেই উত্তম দল হ’ব। কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ মই এই দলত যোগদান কৰিছো।‘

‘কংগ্ৰেছে ১৯৮৫ চনত অসমত বেলেগ দলক চৰকাৰ গঠন কৰিবলৈ সুবিধা কৰি দি শান্তি কামনা কৰিছিল, এইটো কংগ্ৰেছৰ গণতন্ত্ৰ। কিন্তু বেলেগ দলৰ জিকি অহা প্ৰতিনিধিক চলে বলে কৌশলে প্ৰলোভনৰ ৰাজনীতি কৰি চৰকাৰ গঠন কৰাটো হৈছে বিজেপিৰ গণতন্ত্ৰ।‘ কংগ্ৰেছৰ গুণ গাই বিজেপিক সমালোচনা কৰি দ্বীপেন পাঠকে এইদৰে কয়।

দ্বীপেন পাঠকৰ লগতে অসম আৰক্ষীৰ প্ৰাক্তন উপ মহা পৰিদৰ্শক কৃষ্ণ কুমাৰ শৰ্মা, অসম অসামৰিক সেৱাৰ প্ৰাক্তন বিষয়া ফাইজুল হুছেইন, লংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শোভিতম দেবী, সমাজসেৱক নন্দকিশোৰ শৰ্মাকে ধৰি মুঠ ১৩ গৰাকী বিশিষ্ট ব্যক্তিয়ে কংগ্ৰেছত যোগদান কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ভূমিধৰ বৰ্মণ, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি বহু জ্যেষ্ঠ কংগ্ৰেছী এই যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd