• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত প্ৰকৃতিৰ সংহাৰ : ধুমুহাই প্ৰাণ ল’লে ৩গৰাকী মহিলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2019 8:51 pm
Three-dead-in-Manipur-thunderstorm-750x430
3.4k
VIEWS
Share on FacebookShare on Twitter

আজি ৰাতিপুৱা অহা এজাক বিধ্বংসী ধুমুহাই তচ-নচ কৰি গ’ল মণিপুৰৰ বিভিন্ন অঞ্চল। ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ সৈতে অহা বৰষুণৰ ফলত ৰাজ্যখনত তিনিগৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ লগতে প্ৰায় ১০গৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

তীব্ৰ বেগত বলা ধুমুহা জাকৰ ফলত ৰাজ্যখনৰ চুৰাচন্দপুৰ জিলাৰ কে চালেমজাং গাঁৱৰ দুগৰাকী মহিলাৰ মৃত্যু হয়। মৃত্যু হোৱা মহিলা দুগৰাকী পঞ্চাশ উৰ্ধ্বৰ বুলি জানিব পৰা গৈছে। তদুপৰি ধুমুহাই অঞ্চলটোৰ কেইবাটাও বাসগৃহ, দোকান ঘৰৰ লগতে গচ-গছনি ভাঙি চূৰমাৰ কৰে।

ৰাতিপুৱা প্ৰায় ১০ বজাত অহা বিধ্বংসী ধুমুহা জাকে কাকচিং জিলাতো ভয়াবহ ৰূপ ধাৰণ কৰে। যাৰ ফলত এগৰাকী মহিলাই কৰুণ মৃত্যুক আকোৱালি লয়। জানিব পৰা মতে ধুমুহা অহা সময়ত মহিলাগৰাকীয়ে নিজৰ হোটেলত আছিল আৰু তেতিয়াই হোটেলখনৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰে আৰু মহিলা ব্যৱসায়ীগৰাকীৰ মৃত্যু হয়।

এই ধুমুহাত বিষ্ণুপুৰ জিলাৰ অন্তৰ্গত কুম্বি আৰু কোৱাক্টা নামৰ দুখন বিদ্যালয়ৰ প্ৰায় ১০ গৰাকী ছাত্ৰ-ছাত্ৰী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আহত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।

প্ৰকৃততে এই ধুমুহাৰ ফলত ৰাজ্যখনৰ কোন কোন অঞ্চলত কিমান প্ৰভাৱ পৰিছে বা ইয়াৰ ফলত কিমান সম্পত্তি বিনষ্ট হৈছে সেই তথ্য এই পৰ্যন্ত সঠিকভাৱে জনোৱা নাই।

ইফালে বিধ্বংসী ধুমুহা জাকৰ পাছতে অতি শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ তথা সাহায্য বিচাৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া পি কে সিঙে নিৰ্বাচনী আয়োগক অৱগত কৰিছে। তেওঁ লগতে সাহায্য প্ৰক্ৰিয়াত ৰাজনৈতিক দল তথা নেতা সমূহক আঁতৰি থাকিবলৈও আহ্বান জনায়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd