অবৈধভাৱে উজনি অসমৰ বিভিন্ন অঞ্চলৰ পৰা অসাধু চোৰাং ব্যৱসায়ীয়ে ৰাজ্যৰ বাহিৰলৈ পশুধন চালান দিয়াৰ সময়তে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত আৰক্ষীয়ে অভিযান চলাই তিনিখন ট্ৰাকসহ অবৈধ চোৰাং গৰু-ম’হ জব্দ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে, দেওবাৰে নিশা চামগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিক আমনিৰ ব্যৱসায়ীক অঞ্চলত অভিযান চলাই অবৈধ ভাৱে গৰু-ম’হ সৰবৰাহ কৰা এএছ-০১এলচি-১৮১৬, এএছ-০১ এলচি ৩৩৪৬ আৰু এএছ-০৭ এচি-৮০৫৯ নম্বৰৰ তিনিখন ট্ৰাক ৰখাই থোৱা অৱস্থাত জব্দ কৰি তদন্ত আৰম্ভ কৰাত দুখন ট্ৰাকত ২৭ টা ম’হ আৰু আনখন ট্ৰাকত ১৬ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।
ট্ৰাক তিনিখৰ চালক, পৰিচালকসহ চোৰাং সৰবৰাহকাৰী কেইটাই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।
আনহাতে, উক্ত পশুধনসমূহ সৰবৰাহ কৰা ট্ৰাক কেইখন উজনি পৰা অহা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে যদিও পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে গৰু -ম’হ কেইটা কোন ঠাইলৈ সৰবৰাহ কৰিব বিচৰা হৈছে তাক জানিব পৰা যাব বুলি ধাৰণা কৰিব পাৰি।
ইতিমধ্যে, চোৰাং গৰু-ম’হ কেইটা নগাঁৱৰ গোশাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।