আজি পুৱা ৭ বজাত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ ডাঙাইগাঁৱত এখন জলকীয়া ভৰ্তি বলেৰ’ গাড়ী দুৰ্ঘটনাত পতিত হয়।
প্ৰাপ্ত তথ্য মতে ডব্লিউ বি ৬৩ এ ৫০৭৭ নং গাড়ীখন বিহাৰৰ পুৰ্ণিয়াৰ পৰা বৰপেটা ৰোডলৈ গৈ থকা অৱস্থাত মণিকপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাঙাইগাঁৱত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিওৱাৰ ফলত দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাটোৰ ফলত গাড়ীখনৰ চালকসহ তিনিজন গুৰুতৰভাৱে আহত হয়। আৰু তাৎক্ষিণকভাৱে দুৰ্ঘটনাটোত আহত সকলক মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয়।
আনহাতে দুৰ্ঘটনাৰ পিছতে ঘেৰুকাবাৰী আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ পথ মুকলি কৰি যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।