আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন আইন; সাধাৰণ মানুহে যি ১০টা পৰিৱৰ্তনৰ বিষয়ে জনা উচিত

আজি ১ জুলাই সোমবাৰৰ পৰা দেশত তিনিখন নতুন অপৰাধমূলক আইন বলবৎ হৈছে। ইয়াৰ ফলত ভাৰতৰ অপৰাধমূলক ন্যায় ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন আহিব। পুৰণি ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা আৰু ভাৰতীয় প্ৰমাণ আইনৰ সলনি আজিৰে পৰা কাৰ্যকৰী হ’ল ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য সংহিতা।

এই নতুন আইনৰ বিষয়ে জানিবলগীয়া ১০টা গুৰুত্বপূৰ্ণ কথা জানি লওক-

১. অপৰাধমূলক গোচৰত বিচাৰ সম্পূৰ্ণ হোৱাৰ ৪৫ দিনৰ ভিতৰত ৰায়দান দিব লাগিব। প্ৰথম শুনানিৰ ৬০ দিনৰ ভিতৰত অভিযোগ গঠন কৰিব লাগিব। সাক্ষীৰ সুৰক্ষা আৰু সহযোগিতা নিশ্চিত কৰিবলৈ সকলো ৰাজ্য চৰকাৰে সাক্ষী সুৰক্ষা আঁচনি ৰূপায়ণ কৰিব লাগিব।

২.এগৰাকী মহিলা আৰক্ষী বিষয়াইহে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ভাষ্য ল’ব লাগিব। ভাষ্য ভুক্তভোগীৰ অভিভাৱক বা আত্মীয়ৰ উপস্থিতিত লিপিবদ্ধ কৰিব লাগিব। সাত দিনৰ ভিতৰত ভুক্তভোগীৰ চিকিৎসা প্ৰতিবেদন সম্পূৰ্ণ কৰিব লাগিব।

৩.নাৰী আৰু শিশুৰ বিৰুদ্ধে হিংসা আইনৰ নতুন অধ্যায়ত উল্লেখ আছে যে শিশু ক্ৰয় বা বিক্ৰী কৰাটো এক জঘন্য অপৰাধ হিচাপে গণ্য কৰা হ’ব। নতুন দণ্ডবিধি আইনত কঠোৰ শাস্তিৰ ব্যৱস্থা আছে। নতুন আইনৰ অধীনত নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিলে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে।

৪.বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে নাৰীক বিপথে পৰিচালিত কৰি পৰিত্যাগ কৰাটো এতিয়া আইনৰ দ্বাৰা শাস্তিযোগ্য হ’ব।

৫.হাৰাশাস্তিৰ বলি হোৱা মহিলাসকলে ৯০ দিনৰ ভিতৰত নিয়মীয়াকৈ গোচৰৰ আপডেট পোৱাৰ যোগ্য। হিংসাৰ বলি হোৱা মহিলা আৰু শিশুসকলক সকলো চিকিৎসালয়তে বিনামূলীয়া প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগিব।

৬.অভিযুক্ত আৰু অভিযোগকাৰী দুয়োজনেই ১৪ দিনৰ ভিতৰত বক্তব্য, আৰক্ষীৰ প্ৰতিবেদন, অভিযোগনামা, জবানবন্দী, স্বীকাৰোক্তিমূলক বক্তব্য আৰু অন্যান্য নথি-পত্ৰৰ কপি লাভ কৰাৰ অধিকাৰ আছে। গোচৰৰ শুনানিত অপ্ৰয়োজনীয় পলম নহ’বলৈ আদালতক সৰ্বাধিক দুটা স্থগিতাদেশৰ অনুমতি দিয়া হৈছে।

৭. ইপিনে, এতিয়া ইলেক্ট্ৰনিকভাৱে অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ বাবে কোনো থানালৈ যোৱাৰ প্ৰয়োজন নাই। জিৰ’ এফ আই আৰ প্ৰৱৰ্তনৰ ফলত এতিয়া ব্যক্তিয়ে অধিকাৰক্ষেত্ৰ নিৰ্বিশেষে যিকোনো থানাত এফ আই আৰ দাখিল কৰিব পাৰিব।

৮.গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে নিজৰ পছন্দৰ ব্যক্তিজনক নিজৰ অৱস্থাৰ বিষয়ে অৱগত কৰাৰ অধিকাৰ থাকিব। যাতে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে তৎকালীনভাৱে সহায় লাভ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা। ধৃত ব্যক্তিসকলৰ সবিশেষ থানা আৰু জিলা সদৰত প্ৰদৰ্শিত কৰা হ’ব যাতে পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে আটক কৰা ব্যক্তিজনৰ গ্ৰেপ্তাৰ সম্পৰ্কে সহজে তথ্য লাভ কৰিব পাৰে।

৯.এতিয়া গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত ফৰেনছিক বিশেষজ্ঞসকলে অপৰাধস্থলীলৈ যোৱাটো বাধ্যতামূলক। ফৰেনছিক বিশেষজ্ঞসকলে তালৈ গৈ নিজে প্ৰমাণ সংগ্ৰহ কৰিব লাগিব।

১০.‘লিংগ’ৰ সংজ্ঞাত এতিয়া তৃতীয় লিংগকো অন্তৰ্ভুক্ত কৰা হৈছে। মহিলাৰ বিৰুদ্ধে কিছুমান অপৰাধৰ বাবে নতুন নিয়মত কোৱা হৈছে যে ভুক্তভোগীৰ বক্তব্য সম্ভৱ হ’লে মহিলা দণ্ডাধীশে লিপিবদ্ধ কৰিব লাগে। আৰু যদি সেয়া সম্ভৱ নহয়, তেন্তে এজন পুৰুষ দণ্ডাধীশে মহিলাৰ উপস্থিতিত সেই বক্তব্য লিপিবদ্ধ কৰিব লাগে। ধৰ্ষণ সংক্ৰান্তীয় বক্তব্য অডিঅ’-ভিডিঅ’ৰ জৰিয়তে ৰেকৰ্ড কৰিব লাগিব।