DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 4:43 pm
20201207_1907131-750x376
766
VIEWS
Share on FacebookShare on Twitter

ৰাইজৰ দলে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ লগে লগে ঘোষণা কৰিছিল যে দলে সৰ্বোচ্চ ত্যাগ কৰি আগন্তুক নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিৰ মাত্ৰ ১২ আৰু দ্বিতীয় পৰ্যায়ৰ ৩৯ টা সমষ্টিৰ মাত্ৰ ৬ টা সমষ্টিতহে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

ইতিমধ্যে দলটোৱে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশো কৰিছে। প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ লগে লগে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰো পৰিলক্ষিত হৈছে। বিশেষতঃ কেইটামান সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ফলত বিৰোধীৰ ভোট বিভাজন কৰি শাসকীয় দলক প্ৰাকাৰান্তেৰে সহায় কৰাৰ দৰে হ’ব বুলিও চৰ্চা লাভ কৰিছে।

এনে চৰ্চাৰ মাজতে এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে দলটোৰ তিনি শীৰ্ষ নেতাই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দলটো তিনি শীৰ্ষ নেতাই বিৰোধীৰ ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

সূত্ৰটোৰ মতে এই তিনি শীৰ্ষ নেতা হ’ল ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, কেন্দ্ৰীয় সাধাৰণ সম্পাদকদ্বয় ক্ৰমে কমল কুমাৰ মেধি আৰু গিৰিশংকৰ গোস্বামী।

উল্লেখ্য যে ভাস্ক’ ডি শইকীয়াই গোলাঘাট বিধানসভা সমষ্টি আৰু কমল কুমাৰ মেধিয়ে জালুকবাৰীৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল।

সূত্ৰটোৰ মতে কা বিৰোধী ভোট বিভাজন ৰোধ কৰি বিজেপিৰ গতিক ৰোধ কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

যি সময়ত আন ৰাজনৈতিক দলসমূহৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ লৈছে সেই সময়ত ৰাইজৰ দলৰ নেতৃত্বই উপদেশতকৈ আৰ্হি ভাল সেই কথা প্ৰমাণ কৰি দলটোৰ তিনি শীৰ্ষ নেতাই ৰাজনৈতিক আকাংক্ষাক ত্যাগ কৰি জাতীয় দাৱদ্ধতাৰ নিদৰ্শন দাঙি ধৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd