বোকাখাতত উৎখাত দেহ ব্যৱসায় চক্ৰ; উদ্ধাৰ ৩ গৰাকী মহিলা

প্ৰতিনিধিত্বমূলক ফটো।

আৰক্ষীয়ে গোলাঘাট জিলাৰ বোকাখাতৰ এটা ভাড়াঘৰত চলি থকা দেহ ব্যৱসায় চক্ৰ উৎখাত কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ এটা দলে অভিযান চলাই উক্ত চক্ৰটো উৎখাত কৰে।

স্থানীয় ৰাইজে বোকাখাত থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত শনিবাৰে আৰক্ষীৰ এটা দলে ঘৰটোত অভিযান চলাই অভিযোগ অনুসৰি দেহ ব্যৱসায়ৰ সৈতে জড়িত তিনিগৰাকী মহিলাক উদ্ধাৰ কৰে।

লগতে পঢ়ক: ৰাজনৈতিক হেঁচা! পাঁচ বছৰ হ’ল, গেঠেলা মাৰিয়েই ৰ’ল; লুই বাৰ্জাৰ গোচৰত অগ্ৰগতি নাই চিবিআইৰ

স্থানীয় লোকে দাবী কৰা মতে, তেওঁলোকে ঘৰটোত এজন লোকক এগৰাকী যুৱতীৰ সৈতে অসংযত অৱস্থাত ধৰা পেলোৱাৰ পিছত আৰক্ষীক খবৰ দিয়ে।

অৱশ্যে মহিলাকেইগৰাকীয়ে দেহ ব্যৱসায়ত জড়িত হোৱাৰ কথা অস্বীকাৰ কৰে।

এজন আৰক্ষী বিষয়াই এইদৰে কয়, ‘’স্থানীয় লোকে তাত দেহ ব্যৱসায় চক্ৰ চলোৱা বুলি আমাৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছত ভাড়া ঘৰটোৰ পৰা এগৰাকী বিবাহিতা মহিলা, দুগৰাকী যুৱতী আৰু এজন পুৰুষক আমি উঠাই আনিছো। ঘৰটোত অভিযান চলোৱাৰ সময়ত কেই পেকেটমান কণ্ডম, চিগাৰেট আৰু সুৰাৰ বটল উদ্ধাৰ হৈছে।‘’

লগতে পঢ়ক: মংগল গ্ৰহ ভ্ৰমণ কৰিবলৈ নাছাৰ পৰা বৰ্ডিং পাছ লাভ কৰিলে অভিনেতা আদিল হুছেইনে

গোচৰটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলিও তেওঁ জানিবলৈ দিয়ে।