আফ্ৰিকাৰ ঘানাৰ সংসদে প্ৰণয়ন কৰিছে সমকামীসকলৰ বিৰুদ্ধে কঠোৰ আইন । এই আইন অনুসৰি যিকোনো ব্যক্তিয়ে সমকামী (LGBTQ+) বুলি পৰিচয় দিলে তিনি বছৰৰ কাৰাদণ্ড হ’ব।
ইয়াৰ উপৰিও সমকামী গোট সৃষ্টি আৰু সেই গোটলৈ বিত্তীয় সাহায্য আগবঢ়োৱাসকলক পাঁচ বছৰৰ কাৰাদণ্ড বিহা হ’ব।
প্ৰথমতে সমকামীসকলক কাৰাবন্দী কৰাৰ পৰিৱৰ্তে সমাজসেৱা আৰু পৰামৰ্শৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু সাংসদ সকলে ইয়াক মানি লোৱা নাই।
পূব আফ্ৰিকাৰ এই দেশখনে বছৰ বছৰ ধৰি সমকামীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। এই আইনৰ জৰিয়তে এই কথা অধিক স্পষ্ট হৈ পৰিছে।
ঘানাৰ দুয়োটা মূল ৰাজনৈতিক দলে এই নতুন আইনখনৰ বাবে সন্মতি প্ৰকাশ কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি নানা আকুফো-এডোৱে স্বাক্ষৰ কৰাৰ পিছতহে ই কাৰ্যকৰী হ’ব।
ৰাষ্ট্ৰপতি নানা আকুফো-এডোৱে পূৰ্বে কৈছিল যে যদি ঘানাৰ সংখ্যাগৰিষ্ঠ লোকে এই আইনখনৰ সপক্ষে ভোট দিয়ে; তেতিয়া তেওঁ এই আইনত সন্মতি দিব।
সমকামী সমৰ্থকসকলে কয় যে তেওঁলোকে আশংকা কৰিছে যে এই আইনখনে এতিয়া সমকামী আৰু তেওঁলোকৰ সমৰ্থকসকলক লক্ষ্য কৰি ল’ব।