অসমৰ গোৱালপাৰা জিলাত প্ৰথমবাৰৰ বাবে এই মৌচম্বী খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে দুধনৈৰ তিনি শিক্ষিত যুৱ কৃষকে ৷
যথেষ্ট পৰিমাণে ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পন্ন এবিধ ফল, চিকিৎসকেও বহু ৰোগীক এই ফলবিধ খাবলৈ দিয়ে পৰামৰ্শ ।
আপুনি মই সদায় ফলমূলৰ দোকানৰ ক্ৰয় কৰোঁ এইবিধ ফল ৷ নাম হৈছে মৌচম্বী ৷
অসমৰ জলবায়ুও এতিয়া উৎকৃষ্ট হৈ উঠিছে এই ফলবিধৰ খেতিৰ বাবে ৷ গোৱালপাৰা জিলাত প্ৰথম বাৰৰ বাবে ব্যৱসায়ী ভিত্তিত এই মৌচম্বী ফলৰ খেতি আৰম্ভ কৰিছে দুধনৈৰ দামৰাত ৷
তিনি শিক্ষিত যুৱ কৃষকে প্ৰথম অৱস্থাত তিনিশ জোপা এই খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন বুকুত বান্ধিছে ৷ এতিয়া ডাল ভৰি ফলিছে মৌচম্বী৷
বাগান খন থকা গছ সমূহত থোপা-থোপে ওলমি আছে এই বিধ ফল।
এখন ভাল বজাৰ থকা মৌচম্বী ফল উৎপাদন কৰি ইতিমধ্যে বজাৰত মেলি দিছে এই তিনি গৰাকী যুৱ কৃষকে ৷
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি উচ্চশিক্ষিত হৈয়ো যুৱক কেইজনে কৃষি কৰ্মৰ দ্বাৰা নিজকে স্বাৱলম্বী কৰাৰ দুৰ্বাৰ যি হেঁপাহ, তাত উপনীত হৈছে ৷
এতিয়া এই ফলসমূহ বিক্ৰী কৰিবলৈ বজাৰলৈ যোৱাৰ বিপৰীতে জৈৱিক পদ্ধতিৰে কৰা এই মৌচম্বী ফল ক্ৰয় কৰিবলৈ বাগানখনলৈ নিজে আহে গ্ৰাহক ৷