• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2026 3:07 pm
146
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ৰ কোৰিয়া জিলাত এক অতি ভয়ংকৰ আৰু লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলাই তেওঁৰ স্বামীৰ বিৰুদ্ধে অমানুষিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি স্বামীয়ে তেওঁৰ হাত-ভৰি বান্ধি, মূৰৰ চুলি কাটি, মুখত ছাই সানি বেয়াকৈ মাৰধৰ কৰে আৰু তাৰ পিছত নিজৰ সন্তানৰ সন্মুখতে তেওঁক প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰায়। এই সমগ্ৰ ঘটনাটোৰ এটা ভিডিঅ’ বৰ্তমান পোহৰলৈ আহিছে যিয়ে সকলোকে আচৰিত কৰি তুলিছে।

ভুক্তভোগী তাৰা নামৰ মহিলাগৰাকীয়ে প্ৰায় ১৫ বছৰ আগতে জিতেন্দ্ৰ ঘাচিয়া নামৰ লোকজনক ভালপাই বিয়া পাতিছিল আৰু তেওঁলোকৰ চাৰিটা সন্তান আছে। কিন্তু বিয়াৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত অশান্তি চলি আছিল। স্বামীৰ অত্যাচাৰ আৰু আৰ্থিক অনাটনৰ বাবে মহিলাগৰাকীয়ে বেলেগে থাকিবলৈ লৈছিল আৰু লোকৰ ঘৰত বনকৰা মহিলা হিচাপে কাম কৰি নিজৰ লগতে সন্তানকেইটাৰ পোহপাল দিছিল।

Apply Now

মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি যোৱা ১৪ জুন তাৰিখে তেওঁৰ স্বামীয়ে তেওঁক বিচাৰি উলিয়ায়। সেই সময়ত তেওঁ বিপদৰ সময়ত সহায় কৰা এগৰাকী চিনাকি মানুহৰ ঘৰত আছিল। স্বামীয়ে তেওঁক বাহিৰলৈ মাতি আনি গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে আৰু আন পুৰুষৰ সৈতে সম্পৰ্ক থকাৰ মিছা অভিযোগ জাপি দিয়ে। তাৰ পিছতে স্বামীয়ে তেওঁৰ হাত-ভৰি ৰছীৰে বান্ধি অমানুষিক অত্যাচাৰ চলায়। মহিলাগৰাকীয়ে কয় যে স্বামীয়ে তেওঁৰ চুলি কাটি দিয়ে, মুখত ইঞ্জিনৰ ক’লা তেল আৰু ছাই সানি দিয়ে আৰু প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰে। আনকি তেওঁক জীৱন্তে জ্বলাই দিয়াৰো ভাবুকি দিয়া হয়।

এই গোটেই ঘটনাত তেওঁলোকৰ সন্তানকেইটাকো জড়িত কৰোৱা হৈছিল বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে। স্বামীয়ে সন্তানকেইটাক মাকক চৰ মাৰিবলৈ বাধ্য কৰিছিল। আনকি এটা সন্তানৰ জৰিয়তে মাকক প্ৰস্ৰাৱ খুৱাবলৈ চেষ্টা কৰা হৈছিল আৰু শেষত স্বামীয়ে নিজেই তেওঁক প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰায়। ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে স্বামীয়ে পত্নীৰ চৰিত্ৰক লৈ প্ৰশ্ন তুলিছে আৰু আন পুৰুষৰ লগত পলাই যোৱাৰ অভিযোগ কৰিছে।

কিন্তু মহিলাগৰাকীয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কয় যে স্বামীয়ে আগৰে পৰাই তেওঁক সন্দেহ কৰিছিল আৰু যৌতুক বিচাৰি প্ৰায়ে মাৰধৰ কৰিছিল। চাৰিটা সন্তান জন্ম দিয়াৰ পিছত তেওঁৰ বন্ধ্যাকৰণো কৰা হৈছিল। তেওঁ এতিয়া কেৱল ন্যায় বিচাৰে আৰু দোষী স্বামীক কঠোৰ শাস্তি দিয়াটো বিচাৰে।

প্ৰথম অৱস্থাত আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। ইয়াত স্বামীৰ দ্বাৰা নিষ্ঠুৰতা, আঘাত কৰা আৰু ভাবুকি দিয়াৰ দৰে ধাৰা অন্তৰ্ভুক্ত আছিল। কিন্তু ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত আৰু আৰক্ষীয়ে ঘটনাটো ভালদৰে পৰীক্ষা কৰাৰ পিছত আৰু অধিক কঠোৰ ধাৰা সংযোগ কৰা হৈছে। কোৰিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰেশ চৌবেই জানিবলৈ দিয়া মতে, অভিযুক্তক অতি সোনকালেই আদালতত হাজিৰ কৰোৱা হ’ব আৰু আৰক্ষীৰ জিম্মালৈ অনা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd