তিনিচুকীয়া জিলাৰ পৰ্যটনস্থল সামৰি জিলা সাংবাদিক সন্থাই প্ৰকাশ কৰিব গ্ৰন্থ

Tinsukia District Journalists' Union to publish tourist guide book

তিনিচুকীয়া জিলা সাংবাদিক সন্থাই জিলাখনৰ পৰ্যটনৰ সকলো দিশ সামৰি পৰ্যটকৰ সহায়ক হোৱাকৈ ৰঙীন ফটো আৰু তথ্য সম্বলিত এখন গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলাইছে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি তিনিচুকীয়া জিলা। সমগ্ৰ জিলাখনত যথেষ্ট সংখ্যক ঐতিহ্যমণ্ডিত স্মৃতি চিহ্নৰ লগতে পৰ্যটন স্থলী আছে।

তাৰোপৰি বিভিন্ন কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ আদিৰে সমৃদ্ধ লুপ্তপ্ৰায় জাতি-জনগোষ্ঠী সমূহৰ গাওঁ সমূহক লৈও জিলাখনত ইক’ টুৰিজিমৰ সম্পূৰ্ণ সম্ভৱনীয়তা আছে।

বুধবাৰে ডুমডুমা প্ৰেছ ক্লাবত অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কাৰ্য্যনিবাহক সভাত এই গ্ৰন্থখনি কাকপথাৰত ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হ’বলগীয়া দ্বি-বাৰ্ষিক অধিৱেশনত উন্মোচন কৰিব পৰাকৈ প্ৰকাশ কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি গ্ৰন্থখনৰ সম্পাদক প্ৰণৱ ফুকনক এইক্ষত্ৰত কাৰ্য্যকৰী ব্যৱস্থা ল’বলৈ সভাই আহ্বান জনায়।

ভাৰপ্ৰাপ্ত সভাপতি পৰাগ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে।

ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অনুজ কলিতা, অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ-পূব মণ্ডলৰ উপ সভাপতি কমল তালুকদাৰ, ন্যাস উপ সমিতিৰ সভাপতি ৰঞ্জিত দত্ত, জিলা প্ৰাক্তন সম্পাদক মনোজ দত্ত, মনোৰঞ্জন দাস, কোষাধ্যক্ষ দীনেশ গোৱেল, সহকাৰী সম্পাদক উমেশ কুমাৰ সিং খগেন মৰাণ আদিৰ লগতে প্ৰণৱ ফুকন, বগেন গগৈ, পুনেশ্বৰ ফুকন, নৱজ্যোতি মৰাণ, ৰাতুল কলিতা, দেৱেন ডেকা, মনোজ বৰুৱা আদি কাৰ্য্যনিৰ্বাহক সদস্যসকলৰ উপস্থিতত অনুষ্ঠিত সভাত ৪ ছেপ্টেম্বৰ তাৰিখে তিনিচুকীয়াৰ সাংবাদিক চ’ৰাৰ আতিথ্যত ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি অনুষ্ঠান, ছৈখোৱা প্ৰেছ ক্লাবৰ আতিথ্যত ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত ভাষণ প্ৰদান কৰি ন্যাস উপ সমিতিৰ সভাপতি ৰঞ্জিত দত্তই অতি শীঘ্ৰে ন্যাস পুঁ‌জি ৬-৭ লাখ টকা কৰিব পৰাকৈ বিভিন্নজনৰ সৈতে যোগাযোগ কৰি থকাৰ কথা সভাত জানিবলৈ দিয়ে।

অন্যহাতে উক্ত সভাতেই আগন্তক দ্বি-বাৰ্ষিক অধিৱেশনত দিবলগীয়া ভদ্ৰকৃষ্ণ গোস্বামী স্মাৰক সাংবাদিকতা বঁ‌টাৰ বাবে নিৰ্বাচিত কৰিবলৈ ৰঞ্জিত দত্ত, কমল তালুকদাৰ, মনোজ দত্ত, অনুজ কলিতা আৰু পৰাগ ভূঞাকলৈ এখনি নিৰ্বাচনী সমিতি গঠন কৰা হয়।

সভাখনত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ স্থায়ী ভৱনৰ বাবে আবন্টিত ভূমিত ভৱনৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।