তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত লাভ কৰা এক তথ্যৰ পিছতে তিনিচুকীয়া জিলাত বিদ্যালয় আধাতে এৰা আৰু পৰীক্ষাত অনুপস্থিত থকা শিক্ষাৰ্থীৰ সংখ্যাক লৈ তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশক্ৰমে (পত্ৰ নং E. 656322/E, তাৰিখ: ২৯/০৫/২০২৫), তিনিচুকীয়া জিলাৰ বিদ্যালয় পৰিদৰ্শকে প্ৰদান কৰা তথ্য (পত্ৰ নং IS/TDC/RTI/2023/674/620, তাৰিখ: ০৮/০৭/২৫) অনুসৰি, ২০২৪-২৫ শিক্ষাবৰ্ষত ১৯২ গৰাকী চাহ জনজাতি আৰু আদিবাসী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল। এই তথ্য পোহৰলৈ অহাৰ লগে লগে পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক শিক্ষা গ্ৰহণত উদগনি যোগাবলৈ আৰু বিদ্যালয় আধাতে এৰা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ কাৰ্যকাৰিতাক লৈ পুনৰ বিতৰ্কৰ সূচনা হৈছে।
অসম ট্ৰিবিউনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, লখিমপুৰৰ এজন আৰ টি আই কৰ্মীয়ে ২০২০-২১ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ তিনিচুকীয়া জিলাত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কিমানগৰাকী আদিবাসী আৰু চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আধাতে এৰিছে আৰু ২০২৪-২৫ বৰ্ষত কিমানগৰাকীয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল, তাৰ তথ্য বিচাৰিছিল।
তথ্য অনুসৰি, বিগত পাঁচ বছৰত (২০২০-২১ৰ পৰা ২০২৪-২৫লৈ) জিলাখনত প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মুঠ ১৪,৫২৩ গৰাকী শিক্ষাৰ্থীয়ে বিদ্যালয় আধাতে এৰিছে। ইয়াৰে সৰ্বাধিক ৪,৩৭৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ২০২১-২২ বৰ্ষত বিদ্যালয় এৰিছিল। বৰ্ষভিত্তিক তথ্য অনুসৰি, ২০২০–২১ বৰ্ষত ১,৯৫২ গৰাকী, ২০২২-২৩ বৰ্ষত ৩,৪০৫ গৰাকী, ২০২৩-২৪ বৰ্ষত ৩,৪৬১ গৰাকী আৰু ২০২৪-২৫ বৰ্ষত ১,৩৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আধাতে শিক্ষা সামৰিছে।
শ্ৰেণীভিত্তিক তথ্যই পৰিস্থিতিৰ ভয়াবহতা অধিক স্পষ্ট কৰি তুলিছে। এই পাঁচ বছৰত প্ৰথম শ্ৰেণীত ৬১৪, দ্বিতীয় শ্ৰেণীত ১,৪৯৪, তৃতীয় শ্ৰেণীত ১,৬২৯ আৰু চতুৰ্থ শ্ৰেণীত ১,৬০৩ গৰাকী শিক্ষাৰ্থীয়ে বিদ্যালয় এৰিছে। আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে (২,৯০৫ গৰাকী) পঞ্চম শ্ৰেণীত বিদ্যালয় এৰিছে। আনহাতে, ষষ্ঠ শ্ৰেণীত ২,৩১৭, সপ্তম শ্ৰেণীত ১,৪২৭, অষ্টম শ্ৰেণীত ১,৩১০, নৱম শ্ৰেণীত ৯৪১ আৰু দশম শ্ৰেণীত ২৫৭ গৰাকী শিক্ষাৰ্থীয়ে আধাতে শিক্ষা সামৰিছে।
নামভৰ্তি আৰু শিক্ষাৰ ধাৰাবাহিকতা বজাই ৰখাৰ উদ্দেশ্যে অসম চৰকাৰে শেহতীয়াকৈ কেইবাখনো অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ পিছতো এই তথ্য পোহৰলৈ অহাটো তাৎপৰ্যপূৰ্ণ। এই আঁচনিসমূহৰ ভিতৰত ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য আৰু বাল্য বিবাহ ৰোধৰ বাবে ‘নিযুত মইনা’ আঁচনি, উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰসকলক প্ৰতিমাহে ১,০০০ৰ পৰা ২,০০০ টকা প্ৰদানৰ বাবে ‘মুখ্যমন্ত্ৰী নিযুত বাপু’ আঁচনি, নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চাইকেল বিতৰণ, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ১,৮০০ টকাৰ আৰ্থিক সাহায্য, আৰু মেট্ৰিক তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ বাবে মাচুল ৰেহাই আদি উল্লেখযোগ্য। ইয়াৰ উপৰি মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি আৰু সাজপাৰ, আনন্দৰাম বৰুৱা বঁটা, বাণীকান্ত কাকতি মেধা বঁটা আদিও প্ৰদান কৰা হৈছে।
বিদ্যালয় আধাতে এৰা শিক্ষাৰ্থীৰ এই উচ্চ হাৰৰ পৰিপ্ৰেক্ষিতত যোৱা বৰ্ষৰ ২৬ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে এই বিষয়টো অধ্যয়ন কৰিবলৈ এটা দল গঠন কৰিছিল। পৰ্যবেক্ষকসকলৰ মতে, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ অচিলাৰে ৰাজ্যখনত ৭,০০০ৰো অধিক চৰকাৰী বিদ্যালয় বন্ধ বা চামিলকৰণ কৰাৰ সময়তে, কেৱল এখন জিলাতে পাঁচ বছৰত প্ৰায় ১৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আধাতে এৰাটোৱে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, ২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যে আয়োজিত ‘ঝুমুৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবেই বৃহৎ সংখ্যক চাহ জনজাতি আৰু আদিবাসী পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল বুলি যোৱা বছৰ অভিযোগ উত্থাপন হৈছিল। আৰ টি আইৰ এই তথ্যই উক্ত অভিযোগক অধিক ভিত্তি প্ৰদান কৰা যেন বোধ হৈছে। যদিও এই তথ্য কেৱল তিনিচুকীয়া জিলাৰহে, চাহ জনজাতি আৰু আদিবাসী লোকৰ বসতি থকা আন জিলাসমূহতো একেই পৰিস্থিতি হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি।
ইফালে, তিনিচুকীয়া জিলাত বৰ্তমান চলি থকা ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্জীয়নভুক্ত মুঠ ১৩,৩৮৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৩,১১৯ গৰাকী উপস্থিত থকাৰ বিপৰীতে ২৭০ গৰাকী অনুপস্থিত থাকে। অনুপস্থিত থকা এই ২৭০ গৰাকীৰ ভিতৰত কিমানগৰাকী আদিবাসী আৰু চাহ জনজাতীয় সম্প্ৰদায়ৰ, সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও, এই সংখ্যাই পুনৰবাৰ শৈক্ষিক মহলত চিন্তাৰ কাৰণ হৈ পৰিছে। বিভিন্ন কল্যাণমূলক আঁচনিৰ পিছতো শিক্ষাৰ্থীৰ নামভৰ্তি হ্ৰাস পোৱা আৰু পৰীক্ষাত অনুপস্থিত থকাৰ সমস্যাসমূহে কৰ্তৃপক্ষৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ অনাৰ সমান্তৰালভাৱে পৰীক্ষালৈকে ধৰি ৰখাৰ এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে।





