গুৱাহাটীৰ প্ৰায় আধা! TISSৰ চাৰিটা কেম্পাছৰ পৰা ৫৫গৰাকী শিক্ষক, ৬০ গৰাকী কৰ্মচাৰীক ছাটাই

টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ গুৱাহাটী কেম্পাছ। ফটোঃ সংগ্ৰহীত।

বাতৰি অনুসৰি দেশৰ অন্যতম শীৰ্ষ শিক্ষা প্ৰতিষ্ঠান টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ পৰা ১০০ জন শিক্ষক-কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰা হৈছে। এই ১০০ জন লোকক চাকৰিৰ পৰা ছাটাই কৰাৰ আঁৰৰ কাৰণ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ ধনৰ নাটনি।

দ্য ইণ্ডিয়া এক্সপ্ৰেছৰ বাতৰি অনুসৰি শুকুৰবাৰে টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ চাৰিটা কেম্পাছৰ পৰা ১০০ৰো অধিক লোকক চাকৰিৰ পৰা অপসাৰণ কৰা হয়। ইয়াৰ ফলত শিক্ষা প্ৰতিষ্ঠানটোৰ গুৱাহাটী কেম্পাছৰ প্ৰায় আধা সংখ্যক শিক্ষক-কৰ্মচাৰীয়ে এই ছাটাইৰ তালিকাত আছে। আনহাতে, এই কেম্পাছৰ অধিকাংশ কৰ্মচাৰী এই অপসাৰণৰ সন্মুখীন হৈছে।

লগতে পঢ়কঃ বিশ্বকাপ জয়ৰ মেচতে ‘বিদায় ঘোষণা’; টী-২০ৰ পৰা অৱসৰ বিৰাট-ৰোহিতৰ

জনা গৈছে যে TISSয়ে শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ কমেও ১০০ কৰ্মচাৰীক জনাইছে যে ২০২৪ চনৰ ৩০ জুনৰ পিছত তেওঁলোকৰ চুক্তিৰ সময়সীমা বৃদ্ধি কৰা নহ’ব। ফলত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ কমেও ১০০ জন কৰ্মচাৰী নিবনুৱা হৈ পৰে। দ্য ইণ্ডিয়া এক্সপ্ৰেছৰ তথ্য অনুসৰি ইয়াৰ ভিতৰত ৫৫ জন শিক্ষক আৰু ৬০ জন  কৰ্মচাৰী (নন টিচিং ষ্টাফ)।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোৰ অংশ হৈ থকাসকলো এই অপসাৰণৰ তালিকাত আছে। কৰ্মসংস্থাপন পোৱা সকলোৱে সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হৈ কাম কৰি আছিল। তেওঁলোকৰ চাকৰিচ্যুতিৰ কাৰণ টাটা এডুকেচনেল ট্ৰাষ্টৰ ধনৰ নাটনি বুলি উল্লেখ কৰা হৈছে।

মন কৰিবলগীয়া যে এই কৰ্মচাৰীসকলৰ দৰমহা আগতে এই ট্ৰাষ্টৰ পৰাই আহিছিল। আৰু সেই পুঁজি হ্ৰাস পোৱাৰ বাবে সংস্থাটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছে। জানিব পৰা মতে, মুম্বাই কেম্পাছৰ ২০ জন, হায়দৰাবাদ কেম্পাছৰ ১৫ জন, গুৱাহাটীৰ ১৪ জন লোকক চাকৰিৰ পৰা অপসাৰণ কৰা হৈছে। খবৰ অনুসৰি তুলজাপুৰ চৌহদৰ পৰা ৬ জন লোকক চাকৰিৰ পৰা ছাটাই কৰা হৈছে। টিআইএছএছ কেম্পাছৰ বাকী শিক্ষক-কৰ্মচাৰীসকল বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) দৰমহাত স্থায়ী অধ্যাপক সদস্য।

লগতে পঢ়কঃ অতীত IPL-ৰ মনোমালিন্য! বিশ্বকাপ জয়ৰ নায়ক হাৰ্দিকৰ গালত চুমা খাই সকলো দূৰত্ব মচি পেলালে ৰোহিতে

টিআইএছএছৰ এজন জ্যেষ্ঠ বিষয়াই কয়, ‘প্ৰতিষ্ঠানটোৱে টাটা এডুকেচন ট্ৰাষ্টৰ পৰা দৰমহাৰ বাবে অনুদান মুকলি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিক চিঠিপত্ৰ আৰু টাটা এডুকেচন ট্ৰাষ্টৰ সৈতে ব্যক্তিগত বৈঠকৰ জৰিয়তে অনুদান মুকলি কৰাৰ কেইবাবাৰো চেষ্টা চলাইছে আৰু টাটা এডুকেচন ট্ৰাষ্টৰ পৰা অনুদানৰ অধিক বৃদ্ধিৰ সিদ্ধান্ত এতিয়াও লাভ কৰা হোৱা নাই।’ .