তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত গেৰুৱা বাহিনীৰ ছুনামিত ধূলিস্যাৎ বিৰোধী।
বৃহৎসংখ্যক আসনত বিজয়ী হৈ বিজেপিয়ে লাভ কৰিছে একক সংখ্যা গৰিষ্ঠতা।
তিৱা অধ্যুষিত চাৰিখন জিলাৰ তিৱা স্বায়ত্ত পৰিষদৰ ৩৬ টা সমষ্টিৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে ৩৩ টা, অসম গণ পৰিষদে ২ টা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে ১ টা সমষ্টিত বিজয়ী লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰে মৰিগাঁও জিলাৰ ১৯খন আসনৰ ভিতৰত বিজেপিয়ে ১৭ খন আৰু অসম গণ পৰিষদে ২ খন আসন লাভ কৰিছে। জিলাখনত বিৰোধী কংগ্ৰেছে এখনো আসম লাভ কৰিবলৈ সক্ষম নহ’ল তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত।
ইফালে নগাঁও জিলাৰ ১০ টা সমষ্টি আটাইকেইটাই লাভ কৰে শাসকীয় দল বিজেপিয়ে।
কামৰূপ মেট্ৰ’ জিলাৰ ৬ টা পৰিদষদীয় সমষ্টিতো বিৰোধীক ধূলিস্যাৎ কৰি আটাইকেইটা সমষ্টিকে বিজেপিয়ে লাভ কৰিছে।
আনহাতে হোজাই জিলাৰ একমাত্ৰ পৰিষদীয় কাকী সমষ্টিটোত বিজয়ী লাভ কৰিছে বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে।
তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই ৯ নং দমাল সমষ্টিৰ পৰা বিজয়ী হৈছে।
ইফালে জিলাখনৰ বৰছিলা আৰু গড়মাৰী পৰিষদীয় সমষ্টিত অগপ প্ৰাৰ্থীয়ে বিজেপিক প্ৰাৰ্থীক পৰাজিত কৰি বিজয়ী হৈছে।
আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজা সমষ্টিৰ অন্তৰ্গত দুয়োটা সমষ্টিতে নিজা পচন্দৰ প্ৰার্থী থিয় কৰাইছিল যদিও বেয়াকৈ মুখ থেকেচা খাইছে।
চাৰিখন জিলাৰ সদৰত আজি পুৱাৰ ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হৈ সন্ধিয়া ৫.৩০ বজাত শান্তিপূৰ্ণভাৱে সামৰণি পৰে।