দেশত কোভিডৰ চতুৰ্থ ঢৌৰ আতংক চলি থকাৰ মাজতে এইবাৰ আন এক অচিন ভাইৰাছৰ আতংকই খেদি ফুৰিছে দেশৰ এখন ৰাজ্যক।
সেই অচিন ভাইৰাছৰ নাম দিয়া হৈছে টমেটো ফ্লু । কাৰণ এই ভাইৰাছত আক্ৰান্ত সকলৰ দেহত বলিাহীৰ দৰে ৰঙা ৰঙা ফোঁহা ওলায়।
কেৰালাত পাঁচ বছৰৰ তলৰ ৮০ টাতকৈও অধিক শিশু এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি ৰাজ্য খনৰ স্বাস্থ্য বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে।
কেৰালাৰ এখন জিলাত টমেটো ফ্লুৰ বিয়পি পৰাৰ তামিলনাডু-কেৰালা সীমান্তৰ ৱালায়াৰত বহু লোকক এই ৰোগৰ পৰীক্ষা কৰি থকা হৈছে।
কেৰালাৰ চৰকাৰে টমেটো ফ্লুৰ চিকিৎসা তথা অন্যান্য বিষয়ৰ তদাৰকী কৰিবলৈ ২৪ জনীয়া চিকিৎসকৰ দল এটি গঠন কৰি দিছে।
টমেটো ফ্লু কি?
টমেটো ফ্লু হৈছে এক ধৰণৰ নতুন ভাইৰাছ। এই ভাইৰাছত আক্ৰান্ত শিশুসকল জ্বৰত আক্ৰান্ত হয়।
টমেটো ফ্লুত আক্ৰান্ত শিশুৱে জ্বৰত ভোগাৰ লগতে ছালৰ জ্বলা-পোৰা, ডায়েৰিয়া, ভাগৰ লগা আৰু শৰীৰৰ বিষ, ছালত ৰঙা ফোঁহা ওলোৱা আদি লক্ষণত ভোগে। ছালত ৰঙা ফোঁহা ওলোৱাৰ বাবেই হয়তো
এই ফ্লুৰ নাম টমেটো ফ্লু ৰখা হৈছে।
টমেটো ফ্লুৰ সঠিক কাৰণ এতিয়াও নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। এই ভাইৰাছবিধ আনকি ক’ৰ পৰা উৎপত্তি হৈছে সেয়াও স্বাস্থ্য বিজ্ঞানীসকলে জানিবলৈ সক্ষম হোৱা নাই।