কাইলৈ অসমত ড্ৰাই ডে, বন্ধ থাকিব মাংসৰ দোকান! ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কি আহ্বান মুখ্যমন্ত্ৰীৰ?

কাইলৈ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশজুৰি আৰম্ভ হৈছে উৎসৱমুখৰ পৰিৱেশ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান দেশজুৰি উদযাপনৰ বাবে আহ্বান জনোৱা হৈছে।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি অসমবাসীক কেতবোৰ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এয়া কেৱল হিন্দুৰ বিজয় নহয়, ভাৰতীয় সভ্যতাৰ বিজয়। সেয়েহে জাতি-ধৰ্ম নিৰ্বিশেষে দিনটো পালন কৰাৰ আহ্বান জনাইছো।’’

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে কাইলৈ ৰাজ্যৰ সকলো বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয়সমূহ দিনৰ দুই বজালৈ বন্ধ থাকিব। সেইদৰে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে ব্যৱ সায় প্ৰতিষ্ঠান সমূহকো আগবেলা বন্ধ ৰখাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়কঃ ৰাম মন্দিৰ উদ্বোধনৰ দিনা বন্ধ থাকিব AIIMS-ও; কি হ’ব ৰোগীসকলৰ?

ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ দিনটোত সকলো উপসনাস্থলীত স্বচ্ছ অভিযানৰ আহ্বানো জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ সকলোকে নিজৰ ঘৰৰ সন্মুখত এগচি বন্তি জ্বলাই বা আন ধৰণে আলোকিত কৰিবলৈ আহ্বান জনায়। সকলোকে নিজৰ ঘৰখন, নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আলোকিত কৰি তোলাৰ আহ্বান জনায়।

তদুপৰি, আই-মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত গধূলি নামঘৰত নাম-কীৰ্তনৰ ব্যৱস্থা কৰাৰো আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ এইদিনটো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পালন কৰাৰ আহ্বান জনায়।

তেওঁ সাম্প্ৰদায়িক শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে জিলা আয়ুক্তসকলক স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীৰ পেট্ৰ’লিং উন্নত কৰাৰ নিৰ্দেশ দিছে।

ইপিনে, মুখ্যমন্ত্ৰীয়ে কাইলৈ বিয়লি ৪ বজালৈ মাছ-মাংসৰ দোকান বন্ধৰ ৰখাৰ নিৰ্দেশ দিছে। অৱশ্যে ৪ বজাৰ পিছত দোকান খুলিব পাৰিব। কাইলৈ দিনৰ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসীক উপবাসে থকাৰো আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।তেওঁ লগতে ৰেষ্টুৰেণ্টসমূহতো ২ বজালৈ আমিষ খাদ্য যোগান নধৰাৰ বাবে আহ্বান জনাইছে। সেইদৰে কাইলৈ ৰাজ্যত থাকিব ড্ৰাই ডে।

লগতে পঢ়কঃ এছ আই টিৰ ভুলৰ বাবে এপিএছচি কেলেংকাৰিৰ আন এজন অভিযুক্ত সুকণ্যা দাসে পালে জামিন: ডি ৱাই এফ আই

আনহাতে, কাইলৈ ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত বটদ্ৰৱালৈ অহাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “বটদ্ৰৱা আৰু ৰাম মন্দিৰৰ তুলনা হ’ব নালাগে। এয়া মোৰ অনুৰোধহে। তেওঁ আজিও গৈ আহিব পাৰে, কালিৰ দিনটো নিৰ্বাচন কৰাক লৈ অলপ দুখ অনুভৱ কৰিছো।‘’