• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Topcem চিমেন্টৰ ‘কাণ্ডজ্ঞানহীন’ কাৰ্য; দিব্যাংগৰ বাবে সুবিধা নথকা টয়লেট, নাই পানীৰ ব্যৱস্থা

গীতানগৰ হাইস্কুলত টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট কিয় তলা মাৰি থোৱা হৈছে?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2021 4:22 pm
Topcem Toilet

টপচেম চিমেন্টে ইয়াৰ চিএছআৰৰ অধীনত আগবঢ়োৱা টয়লেটটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৈলাশ চন্দ্ৰ লোহিয়াৰ অধীনৰ এটা এন্টাৰপ্ৰাইজ Topcem চিমেন্টে ইয়াৰ কৰ্প’ৰেট ছচিয়েল ৰেছপন্সিৱিলিটি (চিএছআৰ) ব্যৱস্থাৰ ৰূপায়নত চৰম ‘কাণ্ডজ্ঞানহীনতা’ দেখুওৱা পৰিলক্ষিত হৈছে।

Topcem চিমেন্টে ইয়াৰ চিএছআৰ ব্যৱস্থাৰ অধীনত যোৱা ২০১৮চনৰ ১৩ আগষ্টত গুৱাহাটীৰ গীতানগৰ হাইস্কুলৰ ছাত্ৰীসকলৰ বাবে দুটা টয়লেট উপহাৰ দিছিল।

Apply Now

কিন্তু গীতানগৰ হাইস্কুলৰ ছাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোকে টপচেম চিমেন্টে দিয়া টয়লেট দুটা স্থায়ীভাৱে তলা মাৰি ৰখাৰ বাবে ব্যৱহাৰ কৰিব পৰা নাই।

নৰ্থইষ্ট নাওৰ প্ৰতিবেদকে অলপতে গীতানগৰ হাইস্কুলখনলৈ যাওঁতে প্ৰত্যক্ষ কৰে যে টপচেম চিমেন্টে উপহাৰ দিয়া টয়লেট দুটা তলাবন্ধ হৈ আছে আৰু ছাত্ৰীসকলে বাধ্য হৈ এটা পুৰণি অস্বাস্থ্যকৰ টয়লেট ব্যৱহাৰ কৰিবলগা হৈছে।

গীতানগৰ হাইস্কুলৰ শিক্ষকসকলে কয় যে তেওঁলোকে ছাত্ৰীসকলক টপচেম চিমেন্টে দিয়া টয়লেট ব্যৱহাৰ কৰিবলৈ দিব পৰা নাই কিয়নো চিমেন্ট কোম্পানীটোৱে পানীযোগানৰ কোনো ব্যৱস্থা কৰা নাই।

ইয়াৰ চাবি স্কুলখনৰ চকীদাৰে লৈ যোৱাৰ বাবে বহু চেষ্টা কৰিও শিক্ষকসকলে টয়লেট দুটাৰ তলা খুলিব নোৱাৰিলে।

আশ্চৰ্যজনকভাৱে, গীতানগৰ হাইস্কুলত টয়লেট দুটা নিৰ্মাণ কৰোতে টপচেম চিমেন্টৰ পৰিচালনা কৰ্তৃপক্ষই পানী যোগান ব্যৱস্থা কৰাটো, বা দিব্যাংগ ছাত্ৰীৰ বাবে সুবিধা ৰখাত কোনো গুৰুত্ব নিদিলে।

টয়লেট দুটাত তিনিটাকৈ ওখ চিৰি দিয়া হৈছে আৰু কোনো দিব্যাংগ ছাত্ৰীয়ে তাত উঠি গৈ টয়লেট ব্যৱহাৰ কৰাটো সম্ভৱ নহয়। দিব্যাংগ লোকৰ অধিকাৰ অস্বীকাৰ কৰাটো এটা দণ্ডণীয় অপৰাধ।

ইয়াৰ পূৰ্বে অলপতে টপচেম চিমেন্ট কৰ্তৃপক্ষই আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাডেমিক ব্লকৰ এটা শ্ৰেণীকোঠা ভাঙি টয়লেট ব্লকলৈ ৰূপান্তৰ কৰাৰ বাবে সমালোচিত হৈছিল।

আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিব্যাংগ শিক্ষাৰ্থীৰ বাবে এক সুবিধা থকা টয়লেট নিৰ্মাণ নকৰাৰ বাবে কেইগৰাকীও দিব্যাংগৰ অধিকাৰ কৰ্মীয়ে টপচেম চিমেন্টক সমালোচনা কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসময়ত দিব্যাংগৰ সুবিধা থকা ৰাজহুৱা টয়লেটৰ বাবে প্ৰচাৰ চলাইছে, টপচেম চিমেন্টে দিব্যাংগ শিক্ষাৰ্থীৰ অধিকাৰ বাবে বাৰে অস্বীকাৰ কৰা বুলি অধিকাৰ কৰ্মীসকলে  অবিযোগ কৰে।

‘’এয়া সহ্য কৰা নহ’ব। দিব্যাংগ লোকৰ অধিকাৰ বাৰে বাৰে অস্বীকাৰ কৰাৰ বাবে আমি টপচেম চিমেন্টৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম,’’-অসম প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকৰে কয়।

টপচেম চিমেন্টে ইয়াৰ চিএছআৰ ব্যৱস্থা ৰূপায়ন কৰোতে কিয় বাৰে বাৰে দিব্যাংগ ব্যক্তিৰ অধিকাৰ ভংগ কৰিছে সেয়া সঁচাকৈয়ে আশ্চৰ্যজনক।

এক মৰ্যাদাসম্পন্ন জীৱন যাপনৰ বাবে তেওঁলোকৰ সবলীকৰণ এক অৱিচ্ছেদ্য দিশ হিচাপে দিব্যাংগ ব্যক্তিসকলক যথোপযুক্ত অনাময় ব্যৱস্থা আগবঢ়োৱাৰ বিবে মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

আকৌ কোনোৱে যদি চৰকাৰী নিৰ্দেশনা উলংঘা কৰে তেওঁ ৰাইটছ অফ পাৰ্ছনছ উইথ ডিজেবিলিটিজ এক্ট,২০১৬ৰ অধীনত শাস্তি পোৱাৰ যোগ্য।

এগৰাকী দিব্যাংগৰ অধিকাৰ কৰ্মী তথা নেশ্যনেল চেন্টাৰ ফৰ প্ৰম’ছন অফ এমপ্লয়মেন্ট অফ ডিজেব’লড পিপুল’ৰ কাৰ্যবাহী সঞ্চালক আৰমান আলীয়ে কয় যে স্কুল, লাইব্ৰেৰী, হাস্পাতালেই হওক বা কোনো ৰাজহুৱা গৃহত বিশেষভাৱে সক্ষম ব্যক্তিসকলে টয়লেটৰ সুবিধা পোৱাৰ অধিকাৰ আছে।

‘’বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইনে বিশেষভাৱে সক্ষম ব্যক্তিসকলক সকলো সুবিধা সমানেই লাভ কৰাৰটো নিশ্চিত কৰিছে,’’ বুলি উল্লেখ কৰি আলীয়ে কয় যে চৰকাৰ আৰু ব্যক্তিগত সংস্থাসমূহে ৰাইজৰ বাবে মুকলি কৰি দিয়া সেৱাত এই কথা বিবেচনা কৰা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd