NORTHEAST NOW (Assamese)

বিধেয়কৰ বিৰোধিতাৰে নাগৰিক সমিতি, ২০ টা দল-সংগঠনৰ একেলগে বিশাল জোঁৰ সমদল

February 11, 2019 8:46 pm · ৰাজীৱ দত্ত

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি সন্ধিয়া শিৱসাগৰ জিলাৰ আমগুৰিত আমগুৰি নাগৰিক সমিতিৰ উদ্যোগত আৰু প্ৰায় কুৰিটা দল-সংগঠনে এক জোঁৰ সমদল উলিওৱাৰ লগতে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।

বিধেয়কৰ বিৰোধিতাৰে বাহিৰ কৰা জোঁৰ সমদলত কংগ্ৰেছ, অগপ, চি পি আই, চি পি আই(এম), লেখিকা সমাৰোহ সমিতিৰ আমগুৰি সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জ্যেষ্ঠ নাগৰিক মঞ্চকে ধৰি প্ৰায় ২০ টা দল-সংগঠনে অংশগ্ৰহণ কৰে।

আমগুৰি আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা জোঁৰ সমদলটোৱে আমগুৰি নগৰ পৰিভ্ৰমণ কৰি আমগুৰি চাৰিআলিত উপস্থিত হৈ এখন পথসভা অনুষ্ঠিত কৰে।

আমগুৰি নাগৰিক সমিতৰ সম্পাদক অৱন বৰাই আঁত ধৰা প্ৰতিবাদী সভাত বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ভাষণ আগবঢ়াই।

Related News