DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত পুনৰ ৪ জন কৰ’না আক্ৰান্ত; ৰাজ্যত ২০ জনলৈ বৃদ্ধি পালে কৰ’না ৰোগী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 5:42 pm
833
VIEWS
Share on FacebookShare on Twitter

অসমত কৰ’না আক্ৰান্তৰ সংখ্যা আকৌ ৪ জন বৃদ্ধি পালে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা জনাইছে ৷

ইয়াৰ ফলত বৰ্তমানলৈ অসমত কৰ’না আক্ৰান্তৰ সংখ্যা ২০ জন হ’লগৈ ৷

শুকুৰবাৰে প্ৰকাশ কৰা আক্ৰান্ত সকলৰ ভিতৰত তিনিজন নলবাৰীৰ আৰু এজন দক্ষিণ শালমাৰাৰ ৷

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ পৰা তবলিগী জামাতৰ পৰা প্ৰচাৰৰ বাবে ১৯ মাৰ্চৰ পৰা ২২ মাৰ্চৰ ভিতৰত নলবাৰীলৈ আহিছিল উক্ত তিনিজন কৰ’না আক্ৰান্ত লোক।

তেওঁলোক তিনিওজনে নলবাৰীৰ মাল্লাপাৰাত আত্মগোপন কৰি আছিল।

বৃহস্পতিবাৰে সৰুসজাইলৈ অনা হৈছিল তিনিওজন লোককে। বৰ্তমান তেওঁলোকক এম এম চি হাস্পাতললৈ নিয়া হ’ব।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা আন ৩জন কৰ’না আক্ৰান্ত লোকৰ কথা পোহৰলৈ আহে।

আনহাতে, অসমত COVID-19 পজিটিভ ৰোগী বুধবাৰে সন্ধিয়ালৈকে ১৩ জনলৈ আছিল। ইয়াৰ ভিতৰত জাগীৰোডৰ ৩জন, নলবাৰীৰ এজন আৰু কৰিমগঞ্জৰ এজন আৰু বাকী ৮জন গোলাঘাটৰ আছিল।

Alert ~ Four more patients have been found #Covid_19 positive. Three of these are from Nalbari, and one is from South Salmara, taking total no in Assam to 20.

All these 4 people are also associated with #NizamuddinMarkaz event.

Update at 5 pm / April 3

— Himanta Biswa Sarma (@himantabiswa) April 3, 2020

গোলাঘাট জিলাৰ আক্ৰান্ত কেইজন আছিল ক্ৰমে, ৱাহিদা বেগম (দেৰগাওঁ), আনোৱাৰ হুছেইন (দেৰগাওঁ), আইদৰ আলি (মৰঙী), য়াকুব আলি (মেৰাপানী), জেচমিনা বেগম (মেৰাপানী), চালেহা বেগম (মেৰাপানী), এলিনা বেগম (মৰঙী) আৰু ৰুমা বেগম (মেৰাপানী)।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পৰীক্ষাৰ পিছত তেওঁলোকক COVID-19 আক্ৰান্ত পোৱা গৈছিল।

তদুপৰি,নলবাৰীৰ মঃ আৰ্শ্বাদ আলি (১৯) আৰু জাগীৰোডৰ মঃ হজৰত আলি (৬০), মঃ নুৰুদ্দিন (৫৫) আৰু মঃ জোনাব আলি (৪৬) নামৰ চাৰিজন ৰোগী চিনাক্ত হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে বৰ্তমানলৈ আক্ৰান্ত ২০ জনৰ আটাইকেইজনেই নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশ গ্ৰহণ কৰিছিল।

যোৱা মঙলবাৰে কৰিমগঞ্জৰ ৫২ বছৰীয়া মঃ জামালুদ্দিন নামৰ ব্যক্তিজন অসমৰ প্ৰথম COVID-19 আক্ৰান্ত বুলি চিনাক্ত হৈছিল।

আনহাতে, দিল্লীতো অসমৰ চাৰিজন লোক COVID-19 পজিটিভৰূপে চিনাক্ত হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd