মঙলবাৰে বিজয়া দশমী উপলক্ষে আৰক্ষীৰ যান–বাহন শাখাই মহানগৰীত বিশেষভাৱে কিছু পথ নিৰ্দেশনা জাৰি কৰিছে।
মহানগৰীৰ বিভিন্ন পথেৰে যান-বাহন সমূহ কেনেদৰে যাব লাগিব তাৰ নিৰ্দেশনা দিয়া হৈছে। সেই অনুসৰি আপুনি মহানগৰীৰ ক’ৰবালৈ যাব লাগিলে নিৰ্দেশনাটো মন কৰক।
আজি বি বৰুৱা ৰোডত সাধাৰণ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। সেইদৰে চানমাৰিৰ পৰা জালুকবাৰীলৈ সাধাৰণ যান-বাহনসমূহ এম চি ৰোডৰ পৰিৱৰ্তে জিএনবি ৰোড হৈ যাব লাগিব।
তদুপৰি, জিএনবি ৰোডৰ পৰা যান-বাহনসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পইণ্ট হৈ এ টি ৰোডেৰে জালুকাবাৰীলৈ যাব লাগিব।
ইপিনে,জি এন বি আৰু কে এন বি পথেৰে অহা সাধাৰণ যান-বাহনসমূহ জিলা পুথিভঁৰাল, সন্দিকৈ কলেজৰ সন্মুখেৰে যোৱাটো নিষিদ্ধ কৰা হৈছে।
সেইদৰে জালুকবাৰী আৰু ভৰলুমুখৰ পৰা চানমাৰি, নুনমাটি আৰু দিচপুৰলৈ অহা সকলো যান-বাহন এম জি ৰোডৰ এপল’ পইণ্টত পৰা পথ সলনি কৰি টি আৰ পি ৰোডেৰে চলাচল কৰিব।
আনহাতে, টি আৰ পি পথৰ পৰা এইচ বি পথ অথবা এ টি ৰোডেৰে বাহনসমূহ গন্তব্য স্থানলৈ যাব পাৰিব বুলি কোৱা হৈছে।
ইপিনে, উজানবজাৰ, খাৰঘুলি আৰু নুনমাটিৰ পৰা অহা সকলো যান-বাহন তৈয়বুল্লা পথ হৈ এম জি ৰোডেৰে চলাচল কৰিব লাগিব।
তদুপিৰ, ফটাশিল আমবাৰী আৰু ভৰলুমুখৰ পৰা অহা সাধাৰণ যান-বাহনসমূহ এ টি ৰোড আৰু বি জি ৰোডেৰে পাণ্ডুলৈ যাব পাৰিব।