NORTHEAST NOW (Assamese)

ডকমকাত ভয়ংকৰ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

February 20, 2019 4:25 pm · এন ই নাও নিউজ
Updated: February 20, 2019 7:29 pm
ডকমকাৰ ভয়ংকৰ দুৰ্ঘটনাৰ আলোকচিত্ৰ

কাৰ্বি আংলঙৰ ডকমকাত আজি সংঘটিত এটা ভয়ংকৰ দুৰ্ঘটনাত ৩ জন লোকে থিতাতে প্ৰাণ হেৰুৱায়। আনহাতে দুৰ্ঘটনাটোত ৪ জন লোক গুৰুতৰ ভাবে আহত হৈছে। আহত সকলক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাৰ বিবৰণী মতে দ্ৰুতবেগী  ট’য়টা ইন’ভা গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত থকা এডাল গছত প্ৰচণ্ড জোৰেৰে  খুণ্ডা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত নিহতসকল ক্ৰমে ডাঃ আশিনো, ছাখোলে জুট’ছ আৰু ডন আয়াৰ বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজন লোকৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত।

Related News