• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনিচুকীয়াত মৰ্মান্তিক ঘটনা: হাতী পোৱালিৰ মৃত্যু আৰু দাঁত চুৰিৰ ৰহস্য ফাদিল কেতিয়া হ’ব?

by
May 12, 2026 7:42 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ তিনিচুকীয়া জিলাত হাতীক লৈ সংঘটিত হোৱা দুটা বেলেগ বেলেগ ঘটনাই সকলোৰে মনত চিন্তাৰ সৃষ্টি কৰিছে। যোৱা ১৮ এপ্ৰিলত কুমছাং সংৰক্ষিত বনাঞ্চলত লখমিণী নামৰ এটা ১৩ মহীয়া হাতী পোৱালিৰ ৰহস্যজনকভাৱে মৃত্যু হয়। ইয়াৰ কেইদিনমান আগতে, অৰ্থাৎ ১২ এপ্ৰিলত ডিগবৈৰ বনাঞ্চলত আন এটা আঠ বছৰীয়া হাতীৰ দাঁত কাটি লৈ যোৱাৰ নিচিনা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। দুয়োটা ঘটনাৰ আজিলৈকে কোনো সঠিক সমাধান নোহোৱাৰ বাবে বন বিভাগৰ কাম-কাজক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

হাতী পোৱালিটোৰ মৃত্যুৰ কাৰণ জানিবলৈ অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকে ডিব্ৰুগড়ৰ ডি এফ অ‘ নন্দ কুমাৰক তদন্তৰ দায়িত্ব দিছে। বৰ্তমানলৈকে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ডুমডুমা বন বিভাগৰ বিষয়াসকলে চাৰিজনমান লোকৰ ভাষ্য লিপিবদ্ধ কৰিছে। এই তদন্তত পশু চিকিৎসকৰ এটা দলকো জড়িত কৰা হৈছে যাতে মৃত্যুৰ প্ৰকৃত কাৰণটো সোনকালে ওলাই পৰে। পোৱালিটোৰ মৃত্যুৰ পিছৰে পৰা মাক জয়মতী খুব দুখত ভাগি পৰিছে আৰু ঠিকমতে খোৱা-বোৱা কৰা নাই বুলি জানিব পৰা গৈছে। স্থানীয় লোকসকলে চিকিৎসাৰ অভাৱত এনেকুৱা হোৱা বুলি সন্দেহ কৰিছে যদিও বন বিভাগে এতিয়ালৈকে এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

Apply Now

আনহাতে, ডিগবৈত সংঘটিত হোৱা হাতীৰ দাঁত চুৰিৰ ঘটনাটোৰো কোনো কিনোৰা ওলোৱা নাই। ডুমডুমা সংমণ্ডলৰ লগত জড়িত থকা বুলি সন্দেহ কৰি এজন লোকক দুদিন ধৰি সোধা-পোছা কৰা হৈছিল। কিন্তু ইমানৰ পিছতো আজিলৈকে চুৰি হোৱা হাতীদাঁত উদ্ধাৰ কৰিব পৰা হোৱা নাই। এই ঘটনাত আঘাতপ্ৰাপ্ত হাতীটোক দীৰ্ঘদিন ধৰি বান্ধি ৰখাৰ লগতে ঠিকমতে খাবলৈ নিদিয়াৰো অভিযোগ উঠিছে। দুয়োটা গোচৰতে বন বিভাগৰ লেহেমীয়া তদন্তৰ বাবে ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীসকল হতাশ হৈ পৰিছে আৰু দুৰ্বল হৈ পৰা হাতীকেইটাৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

প্ৰকৃতিপ্ৰেমী দেৱজিৎ মৰাণে এই দুয়োটা ঘটনাতে তদন্তৰ গাফিলতি থকা বুলি আঙুলিয়াই দি ফৰেনছিক ব্যৱস্থা নোহোৱাক লৈ চিন্তা ব্যক্ত কৰিছে। বন্যপ্ৰাণী এছ অ‘ এছে অৱশ্যে তেওঁলোকে বন বিভাগৰ নিয়ম অনুসৰিয়েই কাম কৰা বুলি স্পষ্ট কৰি দিছে। বন বিষয়াসকলৰ মতে, মৰণোত্তৰ পৰীক্ষা আৰু পশু চিকিৎসকৰ ৰিপৰ্ট অহাৰ পিছতহে সকলো কথা পৰিষ্কাৰ হ‘ব। নিৰ্বাচনৰ সময়ত নীতি-নিয়মৰ বাবে তদন্তত অলপ পলম হৈছিল বুলি কোৱা হৈছে। কিন্তু এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ গঠন হোৱাৰ পিছত এই তদন্ত প্ৰক্ৰিয়া খৰতকীয়া হ‘ব আৰু বনাঞ্চলৰ এই নিৰীহ প্ৰাণীকেইটাই সোনকালেই ন্যায় পাব বুলি সকলোৱে আশা কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd