মৰ্মান্তিক! চৰম সিদ্ধান্ত ল’লে কানাড়া অভিনেত্ৰী শোভিতা শিবান্নাই .. কিন্তু কিয়?
কানাড়া টেলিভিছন তথা চিনেমা জগতৰ এক চিনাকী মুখ শোভিতা শিবান্নাই। অভিনয় প্ৰতিভা আৰু নিজৰ সৌন্দৰ্যৰ বাবে দক্ষিণ ভাৰতত বিখ্যাত অভিনেত্ৰীগৰাকী।
কিন্তু শেহতীয়াকৈ এক মৰ্মান্তিক খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, হায়দৰাবাদৰ শ্রীৰাম নগৰ কলনিত থকা নিজা বাসগৃহত চিপ লৈ আত্মহত্যা কৰে।
অভিনেত্ৰীগৰাকীৰ ওলনি থকা দেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীত খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
উল্লেখ্য যে বহু চিৰিয়েল আৰু কানাড়া ছবিত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে বিবাশপাশত আৱদ্ধ হোৱাৰ পৰাই অভিনয় বাদ দিছিল।
এতিয়ালৈকে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ ৰহস্য জানিব পৰা নাই যদিও আৰক্ষীয়ে বিভিন্ন লোকক সোধ-পোচ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।