NORTHEAST NOW (Assamese)

ৰঙাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

February 17, 2021 10:01 am · এন ই নাও নিউজ

শোণিতপুৰ জিলাৰ ৰঙাপাৰাত সৰস্বতী পূজাৰ দিনটোতে সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুগৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হোৱা যুৱক গৰাকীৰ নাম দিপাংকৰ দাস বুলি জানিব পৰা গৈছে।

দিপাংকৰ দাস ৰঙাপাৰা ১ নং ৱাৰ্ডৰ নিৱাসী আছিল।

জানিব পৰা মতে, শোণিতপুৰৰ ৰঙাপাৰা-বালিপাৰা সংযোগী পথৰ হাতীবাৰী চাহ বাগিচাৰ নেকেৰাহোলাত ৰঙাপাৰাৰ দিশলৈ গৈ থকা এ এছ-১২-য়ু-৭৯৪২ নম্বৰৰ দুচকীয়া বাহনে ৰৈ থকা ডাম্পাৰ এখনত পাছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাটোৰ ফলত দুচকীয়া বাহনখনত থকা দিপাংকৰ দাসৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজন  বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আনহাতে, দুৰ্ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আঘাতপ্ৰাপ্ত দুজনক চিকিৎসাৰ ব্যৱস্থা কৰে।

Related News